নতুন চিন্তা, নতুন সংকলন -৪
নতুন চিন্তা, নতুন সংকলন :
(৪) প্ৰত্যাহ্বান
সকলোৰে জীৱনত এইবিধ আহে, আহিবই। মুল কথা হৈছে তাক কেনেদৰে অতিক্ৰম কৰিব পাৰি? তাতেই লুকাই থাকে আমাৰ জীৱনদৰ্শন, আমাৰ চিন্তাৰ গভীৰতা। ভাৱিলো এই অল্পমতিৰ এটি সৰু কাহিনী কঁও, ফটাঢোল বজোৱা বুলি নাহাঁহিব দেই।
এটা ফেক্টৰীত কামত সোমাইছিলো। কৰ্পোৰেটৰ লেৱেল লগা ইমেজটোত একেবাৰে বোকাপানী লাগিল। ক'লে বেয়া পাব, কিন্তু নক'লে উপায় নাই। কোন ক'ত কিয় কুখ্যাত সেই কথা জনাত সুব আগ্ৰহী আমাৰ জনতা জনাৰ্দন। ক'ত গৈ কি খালে, কি পিন্ধিলে আৰু কোন ল'ৰা/ ছোৱালীৰ লগত ক'ত গ'ল, সেইটো নাজানিলে যেন পেটলৈ ভাত নাযায়।
অফিচ বোলা ঠাইডোখৰতো একেই বতাহ। ড্ৰাইভাৰ হেন্ডিমেনকে আদি কৰি সৰু ডাঙৰ সকলোৱে নিজক বৰমুৰীয়া যেন দেখায়। দম, দাবি ধমকি দি কথা নক'লে, লগত অশ্ৰাব্য গালি যোগ নকৰিলে যেন বাক্য এটাও সম্পূৰ্ণ কৰিব নোৱাৰে।
এদিন চিকিউৰিটী অফিচৰ পৰা ফ'ন আহিল, মেডাম কোনোবা আলফা আহিছে বোলে। কি ক'ৰো এতিয়া? নিজেও বিপাঙত, কেনেকে সোমাল? বিনা অনুমতিত সোমাবটো নোৱাৰে? অনুমতি দিলে কোনে? যাহঁওক কেবিনলৈ পঠাই দিব ক'লো। সন্মুখত দেখিলো, এটা চুটি চাপৰ নোদোকা যুৱক। সুধিলো কিয় আহিছে? গম পালো যে তাৰ নাম আলফিজুৰ আহমেদ, চমুৱাই আলফা । তাকে লৈ হুলস্থূল।
এদিন পুৱা অফিচত গৈ দেখো যে এজন ল'ৰা হাফ পেন্ট পিন্ধি বহি আছে? আদ্যোপান্ত লৈ গম পালো যে সি এজন ড্ৰাইভাৰ। কাৰোবাক বিচাৰি আহিছিল, এ.চি. চলি থকা ৰুম দেখি বহি গ'ল। মই ক'লো ইয়াত বহিব নোৱাৰে। নট এলাউড। কবহে পালো, একেবাৰে টিঙীৰি তুলা। মোক বোলে ৰাস্তাত পালে খুন্দিয়াই ঠেং ভাঙি থৱ। তাক সৰু সুৰা মানুহ বুলি ভাৱিলে মই ভৱিষ্যতে পস্তাৱ লাগিব, ঈত্যাদি।
কথাবিলাক প্ৰায়ে এনেকুৱা হয় যে সকলোৱে নিজক ৰজা বুলিয়েই ভাৱে। অনুশাসন মানি চলিবলৈ ক'লে মনত আঘাট লাগে।বেয়া পায়। কিন্তু কিছুমান সৰু সুৰা আচৰণ নাজানে বুলি বা মানি নচলিলে যদি তাৰ যথাযথ দিহা লগোৱা নহয়, সময়ত সেয়া হেঙাৰ হৈ দেখা দিয়ে। এনেকুৱা অকৰা মানুহকলৈ কাম কৰোৱা এক প্ৰত্যাহ্বান।
এই ঘটণাৱলীক মই অন্য এক প্ৰত্যাহ্বান হিচাপে ল'লো। ৰাস্তাত কোনোবাই মোক ইচ্চাকৃতভাৱে ঠেং ভাঙিব যাতে নোৱাৰে তাৰ বাবে অলপ বেচি সজাগ হ'লো। লগতে মহিলা কৰ্মচাৰীসকলক নিজৰ সুৰক্ষা- অধিকাৰ আৰু কৰ্তব্য সংক্ৰান্তিয় কেইটামান প্ৰশিক্ষণ দিয়ালো। ফেক্টৰীৰ পলিচি আৰু নীতি নিৰ্দেশনাসমুহো সালসলনি কৰিলো। ফেক্টৰিৰ ভিতৰত গাড়ীৰ গতিবেগ ৫ কি:মি: লৈ নিয়ন্ত্ৰিত কৰিলো। নিৰাপত্তা ৰক্ষীৰ দলটোক প্ৰশিক্ষণ আৰু দায়িত্ব পালনৰ বিভিন্ন দিশ আৰু পদ্ধতি সমুহ শিকাই বুজাই এক স্থিৰাৱস্থা আনিছিলো।
এই সকলো বিলাক মই নিজৰ ব্যক্তিগত স্বাৰ্থত নহয়, কৰ্মচাৰীসকলক সুপৰিচালনা আৰু সুসংহত পৰিৱেশ দিবলৈহে কৰিছিলো। মনত এটাই উদ্দেশ্য আছিল যে সকলো সজাগ হঁওক, সভ্য হঁওক, কৌশলী হঁওক। আহি থকা দিনত ওদ্যোগিকৰনে কাঠফুলাৰ ৰূপ নলৈ যাতে অৰন্যৰ ৰূপ লয়, তাৰ বাবে প্ৰয়োজনীয় কৌশলী তথা মাৰ্জিত স্বভাৱৰ মানৱ সম্পদ যাতে গঢ়ি তুলিব পাৰো, সেয়াই মোৰ উদ্দেশ্য। পৰিৱৰ্তিত সময়ৰ লগত খোজ দিব পৰা মানৱ সম্পদ গঢ়াটোৱেইটো আমাৰ দায়িত্ব।
এজন ব্যক্তিয়ে দিয়া এনে ভাবুকিৰ প্ৰত্যাহ্বানক মই এনেদৰে সুপন্থা উলিয়াই উত্তৰ দিবলৈ সক্ষম হম, নিজেও ভৱা নাছিলো।
Comments
Post a Comment