অনুগল্প : (৩৩ )
অনুগল্প : (৩৩ )কুৰূপা
জেউতী খুৰীৰ ভাষাত নন্দিতাৰ কোনো মূল্যই নাই। তাই নিজকে যিমানে মুখত ক্ৰিম পাওদাৰ সানি সুন্দৰী হবলে চেস্টা নকৰক কিয়, খুৰীৰ দৃস্টিত বান্দৰী। খুৰীৰ মতে গাখীৰেৰে ধোলেও তাইৰ নিচিনা এঙাৰ কেতিয়াও বগা হ'ব নোৱাৰে। জেউতী খুৰীৰ নন্দিতাৰ প্ৰতি ইমান বিদ্বেষ কিহৰ কাৰনে সেয়া তাই বুজি নাপায়। কেইদিনমান কাৰণটো বুজিবলৈ চেস্টা কৰিছিল। পিচে বাদ দিলে। মনত এক বিষাদবোধো আছে। কাৰন বিয়াই সবাহে জেউতি খুৰীৰ কেটেৰা জেঙেৰা এষাৰ নুশুনাকৈ থাকিব নোৱাৰে। সোনমনিৰ হঠাতে গাটো বেয়া হ'ব ধৰিলে। প্ৰথমে গাৱলীয়া চিকিৎসা আৰু পিচত হস্পিতাল, দৰৱে কাম দিয়া নাছিল। হঠাতে গুৱাহাটিলৈ ৰেফাৰ কৰি দিয়াত, সকলোৰে ওঠ মুখ শুকাল। কি হ'ব? কুমাৰৰ বাচন বেচি চলা ঘৰখনত কেনেকৈনো গুৱাহাটিৰ হস্পিতালৰ কথা ভাৱিব পাৰে? নন্দিতা খৱৰ পাই, উধাতু খাই আহিল। স্কলাৰচিপৰ পইচাখিনি জেউতীখুৰীৰ হাতত দি ক'লে, লাগে যদি আৰু কবা খুৰী, মই যোগাৰ কৰি দিম। সোনমনি ভাল হৈ আহিব লাগে।

Comments
Post a Comment