নতুন চিন্তা নতুন সংকলন (খ)
নতুন চিন্তা, নতুন সংকলন : (খ) হাঁহিবোৰ
জুবিনে গোৱা "হাঁহিলে তুমি মুকুতা মনি সৰে " গীতটো শুনি শুনি সপোন দেখিছিলো, মোকো লৈ কোনোবাই গীত ৰচিব, গীত গাব। বাহ: একপ্ৰকাৰ সাংঘাটিক ৰোমন্টিক মুড এটাই বিৰাজ কৰিছিল। পিচে বাস্তৱ তাৰ ওলোটা হ'ল। গীত বা প্ৰসংশা দুৰৰ কথা, মোৰ প্ৰাণখোলা হাঁহিটোক লৈ যিবোৰহে হ'ল, অবৰ্ণনীয়।
: এই মুখ বন্ধ কৰ, তোৰ দাঁত কেইটা চাবলে মন নাই। ( দাঁত ঢাকি হাঁহিব পৰা আজিকোপতি হোৱা নাই।)
: দাঁত চেলাব আহিচ' একেপাত চৰতে গোটেই কেইটা টল টল কে সৰিব। ( পিচে সেই শক্তিমান বা শক্তিমতী কেইজনলৈ মই আজিও ৰৈ আছো, যিয়ে একেপাত চৰতে গোটেই কেইটা দাঁত সৰুৱাব পাৰে। ডেন্টিস্টৰ খৰচ বাচি যাব।)
: ৩২ অলআউট। নাও চাট য়ুৰ মাউথ। ( বাপৰে, ইমান খং ? )
: তোৰ এই খিকখিকিয়া হাঁহি বন্ধ কৰ, গাড়ীয়ে ব্ৰেক মাৰি মাৰি যোৱা যেন লাগে। ( বাপৰে, একেবাৰে ৰিচাৰ্চ। হাঁহিৰ তৰন্নতা আৰু গতিবেগ সকলোতে সবিশেষ অধ্যয়ণ। ইমান মগজ মোৰ হাঁহিত লগোৱাতকে নিজৰ পঢ়া শুনাত লগোৱা হ'লে চাগে দেশখনে এজন বা এজনী ভাল গৱেষক পালে হৈ। )
অবাধ্য হাঁহি, মিচিকিয়া হাঁহি, ৰজাৰ দৰে গলগলীয়া হাঁহি এইবোৰৰ আধিপত্য এৰি মুখত কৃত্ৰিম হাঁহি লৈ থকা সকলৰহে বেচি আদৰ যেন অনুভৱ হয়। তথাপি হাঁহি থকা চকু আৰু অট্টহাস্য কৰি আমোদ লগোৱা হাঁহিৰ এক বিশেষ মাদকতা আছে বুলি বিশ্বাস কৰোঁ।
আধুনিক সমাজত হাঁহিৰ প্ৰকোপ কমি গৈছে। হাঁহিলে নিজৰ ওজন কমি যাব বুলি, ৰিংকল পৰিব বুলি বহুতে হাঁহিবলৈ কুন্ঠাবোধ কৰে। পিচে কথাটো নোহোৱা নহয়। আমাক সমাজে কব অভিন্ন হৈ থাকিবলে, কিন্তু আমাৰ মাজৰ ভিন্নতাখিনি হাঁহিৰ ( প্ৰকৃতাৰ্থত ইতিকিং ) সমল। উদাহৰণ স্বৰূপে, খোনাই কথা কোৱা মানুহে মুখ মেলিলেই আমি হাঁহো, চুটি চাপৰ, শকত বা ক্ষীণ মানুহ দেখিলেও হাঁহো, কাঢ়া ৰঙৰ পোচাক পিন্ধাজনকো হাঁহো আৰু শুধ বগাধাৰী জনকো ভণ্ড বুলি, পোৰা কপাল বুলি হাঁহো।
হাঁহি হৈছে এক সহজাত প্ৰক্ৰিয়া। তথাপি কোনোবা এজন পৰিলে বা পাদিলে আমি প্ৰথমে হাঁহিহে লও। পৰা মানুহজনে কৰবাত আঘাট পাইছে বুলি চিন্তাটো নাহি, অহা প্ৰথম চিন্তাটো হৈছে পৰোতে মানুহজনে মুখৰ কেনেকুৱা আকৃতি কৰিছে, বা কেনেকুৱা ভংগীত ৰৈছে। অৱশ্যে এই শ্ৰেণীৰ সকলো হহুৱাই অমানৱীয় দৃস্টি নাৰাখে। কিছুমানে আগবাঢ়ি যাই, সহায় আগবঢ়াবলে।
প্ৰতিজন ব্যক্তিয়ে ভিন্ন বুলি জানিও, আমি মানি নলঁও। উদাহৰণ ইতিমধ্যে দিছোৱেই। এবাৰ মই লেটেস্ট ডিজাইনৰ ডাঙৰ দীঘল কাণফুলি এজোৰ পিন্ধি বিয়া এখন খাব গৈছিলো। গাঁওখন শিক্ষিত মানুহৰেই ভৰা কিন্তু বৰ বেচি ভিতৰুৱা নাছিল। গাড়ীৰ পৰা নমা মাত্ৰকে বিয়া ঘৰলে অহা এজাক মধ্য বয়সীয়া মহিলাৰ মাজৰ এজনীৰ চকু পৰিল মোৰ কাণফুলিজোৰত। তেঁও আনএজনীক ফুচফুচালে। ৫ মিনিটৰ ভিতৰত দেখিলো দহ বাৰজনীয়া মহিলা দলটোৱে মোৰ কাণফুলিজোৰ চাই হাঁহি আছে, ফিচিঙা ফিচিঙী কৰি আছে। মাৰ খং উঠিল আকৌ মোৰ ওপৰতহে। মই ক'লো লেহেংগাৰ লগত মিলাই মই এইযোৰ কাণফুলি পুনেৰ পৰা এনেয়ে কিনা নাই, ধুনীয়া আৰু মোৰ মুখত মিলা কাৰনেহে কিনিছো। হাঁহি থকা মানুহকেইজনীৰ নিচিনা ক্ষুদ্ৰ মনোভাৱ মই ৰাখিব নোৱাৰো।
অফিচত অডিট এটা আছিল। অডিটৰজন সাংঘাটিক কাঢ়া আৰু ৰাফ্ প্ৰকৃতিৰ। আগৰ দুবাৰ তেখেতে সকলোকে চকুৰে সৰিয়হ ফুল দেখাই থৈছে। কাৰণ এটাই, তেখেতে প্ৰায় চল্লিচ বছৰ অডিট কৰি আহিছে। গতিকে কোনে ক'ত কি লুকাই, তেখেতে ভালদৰে জানে। সেয়ে চুৰি কৰা সকলোকে দিয়ে থিক মচলা। কথাটো আমাৰ মেনেজমেন্টৰ গোটেই টিমটোৱে জানো কাৰনে নতুনকে অহা মেনেজাৰ দুজনক বাৰে বাৰে সঁকিয়াই থৈছিলো। পিচে সময়ত সকলো পন্দ কৰি দিলে। ইন্টোডাক্টৰী ছেচনতে এজনে গালি খোৱাৰ পিচত মুখত যিটোহে এক্সপ্ৰেচন দিলে, দেখি মোৰ হাঁহি উঠিল গ'ল। হাঁহিটো লুক ঢাক কৰিব নাপাওতেই তেখেতৰ কাঢ়া চকুৱে মোক আৱিস্কাৰ কৰি পেলালে। এইবাৰ গালি খোৱাৰ পাল মোৰ। তেখেতেও ক'লে হাঁহিব আহিচ, আনক হঁহাৰ আগতে নিজক চাই ল'। পাৰ' যদি এতিয়াই অডিটৰ আটাইবোৰ নিয়ম আৰু প্ৰণালী নিৰলসভাৱে কৈ দিয়া।
মোৰ হাঁহিৰ চোক কমিব চাৰি, বাঢ়িল হে। আত্মবিশ্বাসেৰে থিয় দিলো অডিটৰ জনৰ আগত। এটা এটাকৈ প্ৰতিটো ক্লজ আৰু তাৰ সংলগ্ন কথাবোৰ উদাহৰনসহ বিৱৰি ক'লো। আছলতে মই প্ৰতিটো অডিট আৰু তাৰ স্টেন্ডাৰ্ড সমুহ নিজেও মানো আনকো মানিবলৈ কঁও। সেয়ে মোৰ অসুবিধা নহ'ল। প্ৰায় দহ মিনিটমানৰ পাছত তেখেতে মোক ৰখালে আৰু বহিবলৈ ক'লে। তেখেতে প্ৰকাশ নকৰিলেও মই তেখেতৰ চকুত প্ৰশান্তি হাঁহি দেখিবলৈ পাইছিলো। আৰু নভৱাকৈয়ে ক্লজিং মিটিঙত তেখেতে মোক সৰু উপহাৰ এটা দি উৎসাহ যোগাইছিল।
Comments
Post a Comment