সৰু সৰু কথা ::( ৭)
সৰু সৰু কথা ::( ৭): শংকা
------------------------------
ডিচেম্বৰ মাহৰ কথা। গধুলিটো সোনকালেই নামে। অফিচৰ এখন চাৰ্টিফিকেট নৱীকৰণৰ কাম আছিল। হাতত দুটাহে দিন আছিল। কিবা কিবি কামত ফচি থাকোতে সেই চৰকাৰী অফিচটোত যোৱাত পলমেই হ'ল। তথাপি দুইবজাত লান্সটো সামৰি বাছত বহিলো, চানমাৰীস্থিত অফিচটোলে। প্ৰয়োজনীয় কাকত পত্ৰ আৰু মাছূলৰ অতিৰিক্ত হিচাপত ৫০০০ টকা এটা লৈ আহিলো। যদিওবা মাছূল হয়তো হাজাৰ টকা মানহে হব। প্ৰায় তিনি বজাৰ আগে আগে অফিচটো পালোগে।
পিছে আছৰিত! মাত্ৰ তিনিজন মানুহ আছে। তাৰো এজনে যাবলে ওলাইছেই। বাৰটো মনত পেলালো, থিকেইতো সোমবাৰহে। যাবলে ওলোৱাজনে চিগাৰেট খাবলে বাহিৰ ওলাইছে। ভিতৰলৈ সোমাই দেখিলো, আন এজন বিষয়া আছে। ওচৰ চাপিহে গম পালো। মদৰ বটলটো টেবুলতে আছে। কিবা কবলে মুখ মেলোতেই ক'লে : অফিচ চুটি হৈছে। কাইলে আহিবা।
:চাৰ এতিয়া মাত্ৰ .....
:তুমি বেচিকে জানা নেকি? কি নাম তোমাৰ? কোন কোম্পানীৰ পৰা আহিছা?
:মই....
অন্যজন বিষয়া সেই সময়তে সোমাই আহিল। নিজৰ বেগতো সামৰি মোক ক'লে। কাইলে দিনত আহিবা। তুমি নালাগে আহিব, তোমাৰ বচ্ কোন? তেঁওক আহিব কবা। আৰু ইংগিত এটা দি বুজিছা নহয় বুলি ক'লে।
: হ'ব বুলি ওলাই আহিলো। মনতে ভাবিলো অসমীয়া মহিলাই কিয় চাকৰি কৰা কঠিন বা শিক্ষকতা বাদ দি অন্য পেচা কিয় ল'ব নোৱাৰে ??চৰকাৰী মুধা ফুটা বিষয়াই এনেকুৱা ব্যৱহাৰ কৰিলে নাৰী সন্মান ৰক্ষা কৰিব কোনে?
Comments
Post a Comment