অনুগল্প শৃংখল -৩৬
অনুগল্প - ৩৬
বিজ্ঞাপণ
: আজি কি হ'ল জান'? বিদূষীয়ে সদায় কথা বিলাক এনেকৈয়ে আৰম্ভ কৰে। য'তে যি নহওক কিয় আহি ধাৰাপাতখন নক'লে বোলে ৰাতিৰ খোৱা হজম নহয়। অলপ বেচিকে কথা কয় যদিও তাইৰ কথা শুনি আমনি নালাগে উন্নতিৰ। দুয়োজনীয়ে একেটা কোঠাত থকা আৰম্ভ কৰাৰ আজি দুবছৰেই হ'ব । গু.বি.ৰ একে হোস্টেলত থাকিলেও বৰ এটা ঘনিস্থ নাছিল। কিন্তু ভাড়াঘৰ বিচাৰি হাবাঠুৰি খোৱা সময়তে বিদূষীয়ে তাইক প্ৰস্তাৱ দিলে আৰু আজি দুবছৰে লগ এৰা নাই।
বিদূষী বৰ এটা ধনী ঘৰৰ নহ'লেও উন্নতিৰ ঘৰৰ তুলনাত অৱস্থা ভাল। সেয়ে তাই ইচ্ছামতে কাপোৰ - কানি, আ-অলংকাৰ , আনকি বেগ আৰু চেন্ডেলো পিন্ধে। অৱশ্যে তাইৰ ভাষাত তাহাঁতৰ অফিচত তায়েই কম দামী আৰু কম ভেৰাইটীৰ সাজ সজ্জা কৰে। আগশাৰীৰ সংবাদ প্ৰতিস্থান এটাত এনে হোৱাটো একেবাৰে সৰু কথা। সকলোৱে নিজক একক আৰু অনন্য নেদেখালে হয়তো পিচ পৰি যাব বুলি ভাৱে। এইবোৰ উন্নতিয়ে বিদূষীৰ মুখতে শুনা কথা। বিদূষীৰ নিজৰ ইমানগাল বয়বস্তু থকাৰ পিচতো প্ৰায়ে কিবা নহয় কিবা বাহানা উলিয়াই উন্নতিৰ ইটো সিটো টানে। কথাটো পেটেপেটে ভাল নাপালেও মুখত একো নকয়। তাই কাম কৰা জুনিয়ৰ কলেজখনত পইচাও কম আৰু মাৰ্জিত সাজত থকাটোও বাধ্যতামূলক। তাৰপিচতো ইটোসিটো নোলোৱাকে থকা নাই উন্নতিয়ে। কাৰন দুটা, এইখিনি সময় আৰু জীৱনত কেতিয়াও নাপায়। আনটো কাৰন হ'ল গুৱাহাটীত পোৱা কচমে কচম বস্তু তাহাতৰ সৰু চহৰখনত পোৱা নাযায়। অৱশ্যে বয়বস্তু খুৱ মৰমত ৰাখে তাই। সেয়ে বহুদিনলৈ বেয়া নোহোৱাকৈ থাকিও যায়।
: আহ্। বিদূষীৰ চিঞৰত বৰ্তমানলৈ ঘুৰি আহিল উন্নতি। ৰুটীখন লুটীয়াৱ যাওতে হাতখন অলপ পুৰিল। লগে লগে ঠাণ্ডা পানী লৈ কাষত থিয় দিলে উন্নতিয়ে। অকনমান আঘাট যদিও তাইৰ চিঞৰটো কিবা উন্নতিৰ বুকুত সোমাই গৈছে। বাৰ্নলটো লগাই দি তাইক বহিব দিলে আৰু নিজেই কামত লাগিল।
: আজি কি হ'ল জান'? বিদূষীয়ে নিজৰ হাতখন ফুৱাই ফুৱাই আৰম্ভ কৰিলে।
: কি হ'লনো? ৰুটী ভাজি থকাৰ পৰাই উন্নতিয়ে সহাৰিলে।
: গিৰিয়েক আৰু শাহুয়েকে মিকি জ্বলাই দিছিল। দেহাৰ ৮০ শতাংশই জ্বলিছে। মানুহজনীৰ ফুটেজটো স্টিকাৰৰ লগত এডিট কৰি দিলো। বৰ ধুনীয়া মানুহজনী। পিচে ক'ত বাচিবনো? সন্ধিয়াৰ প্ৰাইম টাইমত আহিব। তই চাবিচোন। ফোনটো পিটিকি পিটিকি নিৰ্বিকাৰ ভাৱে কৈ থকা কথাখিনি শেষ হোৱাৰ লগে লগে বিদূষীয়ে হাঁহি হাঁহি ৰুমটোৰপৰা ওলাই গ'ল। ৰৱচনৰ লগত চুপতি আৰম্ভ কৰিছে। আনটো ৰুমৰ পৰা ভাহি অহা হাঁহিৰ পৰা কিবা জোক মাৰিছে যেন লাগিল উন্নতিৰ।
বিদূষীৰ হাঁহিটো দেখোন উন্নতিৰ বুকুত বিন্ধি ৰ'ল। তাৱাখনৰ সামান্য উষ্ঞতা সহ্য কৰিব নোৱাৰা বিদূষীয়ে আধাপোৰা দেহাটোৰ ফুটেজ এডিত কৰাই নহয়, মছলা সানি স্টিকাৰ লগাই থৈ আহিছে, সম্প্ৰচাৰৰ বাবে! অচিনা সেই মহিলা গৰাকীৰ প্ৰতি অকনো সহানুভূতি নাই! বিজ্ঞাপণৰ যুগত নিজকে কিবা ঐতিহাসিক যুগৰ প্ৰতিনিধি যেন লাগিল উন্নতিৰ নিজকে।
Comments
Post a Comment