হৰিনাই চেলেকে......
হৰিনাই চেলেকে......
০০০০০০০০০০০০০০০০০০
জীৱনৰ কমাৰশালত হাতুৰিৰ প্ৰথম আঘাট কেইটা শিক্ষকেই মাৰে বুলি ৰত্নেশ্বৰ মাস্টৰৰ দৃঢ় বিশ্বাস। গজেনপন্ডিতে তেওঁক এইষাৰ আপ্ত বাক্য পাঠশালাত পঢ়ি থাকোতেই কৈছিল। তেঁও গোটেই জীৱন শিক্ষা আৰু সমাজৰ উন্নয়ণৰ স্বাৰ্থতেই কৰি আহিছে। সেয়েহে অৱসৰৰ পিছত শিক্ষান্ত পৰীক্ষাৰ বৰ্হিনিৰীক্ষকৰ তালিকাত তেঁও নিজৰ নামতো পাই বৰ এটা আচৰিত হোৱা নাছিল।
ইংৰাজীৰ প্ৰশ্নকাকতখন পঢ়ি ল'লে তেঁও। নাই বিশেষ চিন্তা কৰিব লগা একো হোৱা নাই। এপাক হ'লটোৰ পৰা পাক মাৰি আহো বুলি তেঁও আগবাঢ়িল। দিন বৰুৱাই মাত দিলে, চাৰ ভালে আছে নহয়? মুৰ দুপিয়াই তেঁও খোজ লব লঁওতেই দিন বৰুৱাই জেপৰ পৰা তামোলৰ টোপোলাটো উলিয়াই ক'লে, চাৰ এখন লওক। ওভতি চাওতেই দেখিলে, ল'ৰা ( পৰীক্ষাৰ্থী )এজনে খপজপকে কিবা এটা পকেটৰ পৰা উলিয়াই বহীখনৰ তলত থলে। ল'ৰাজনৰ আগত বহাজনে কিবা এটা কৈ আছে। নিৰীক্ষকৰ ডিউতিত থকা শিক্ষকজনে ওপৰৰ ফালে চাই কিবা এটা ভাবি আছে । তামোলখন হাতত লৈ তেঁও দিন বৰুৱাক ঈংগিত দিলে আৰু কোঠাটোৰ পিনে অগ্ৰসৰ হ'ল। তেঁওক দেখি নিৰীক্ষকজন খপজপকে থিয় দিলে। কোঠাটোত সোমায়ে তেঁও সেই ল'ৰাজনলে চকু দিলে। ল'ৰাজন বেপৰোৱা ভাৱত বহীৰ পৃষ্ঠাকেইটা মেলি লৈ লিখি আছে। প্ৰশ্নকাকত আৰু উত্তৰবহীৰ মাজত সাংঘাতিক কিতিপত কাগজৰ টুকুৰাকেইটা সজাই লৈছে। তেঁও গৈ ল'ৰাজনৰ সন্মুখত থিয় দিলে, নাই কোনো ভ্ৰূক্ষেপ নাই। এইবাৰ তেঁও ডেক্সখনত টুকুৰিয়াই দিলে,ল'ৰাটোৱে কি লাগে ভাৱত এবাৰ চাই চকু পকাই চালে । তেঁও উত্তৰ বহীখন টানিব লওতে ল'ৰাটোৱে ক'লে : ভালে ভালে এৰি দে বুঢ়া। মোৰ ওপৰত কিবা এক্চন ললে তয়ো আজি ঘৰ নাপাবিগে। চিনি পোৱা নাই মোক?
বহীখন লৈ কোঠাটোৰ বাহিৰ ওলাওতে তেখেতৰ নিজে শিক্ষান্ত পৰীক্ষা দিয়াবাৰৰ কথা মনত পৰিল। ৩০ টা শ্ৰেণীকোঠাৰ পৰীক্ষা ছেন্টাৰটোৰ ২০নং শ্ৰেণীকোঠাৰ ৫নং বেঞ্ছত বহা ল'ৰাটোৱে নকল কৰা বুলি বুবু-বাবা শুনি সেই ল'ৰাটোক এপলকৰ চাবলে কৰা লগ সমনীয়াৰ থেলাথেলিৰ মুহূৰ্ত্তটো চকুৰ আগত জিলিকি উঠিল। সময় সলনি হ'ল বুলি কবনোৱাৰাকৈয়ে এটা হুমুনিয়াহ ওলায় গ'ল ।
:::::::::::::::::::::::::::::::::
Comments
Post a Comment