অনুগল্প

অনুগল্প (২৮) ৰুমমেট নৱেম্বৰ মাহৰ চেঁচা বতাহজাকে আমনি কৰিব নৌপাওতেই যতীন বিহু কমিটীৰ মেম্বাৰ হৈ পৰিল। কথাটো পৰশে লক্ষ্য নকৰা নহয়, টণছীলৰ দৰৱটো দিছিল যদিও বেমাৰ অইন কিবা যেনহে লাগি আছে। কিবা ক'লে বা সুধিলে মনতো সেমেকা শাওণীয়া মেঘৰ দৰে কৰিব বুলিহে নমতাকে থাকিল। পিছে কেতিয়াবা মাজৰাতি সাৰপালে নাক মুখ জোৰেৰে পিহি থকা হাতখন আঠুৱাৰ ফাঁকেৰে দেখা পায়। আজি ডিচেম্বৰৰ অন্তিমটো সপ্তাহতো বিহু কমিটিৰ মেম্বাৰ হৈ থকাটো সহ্য নহ'ল। ৰমেনক এবাৰ চকু পকাই সুধিও চালে। নাই গহ্বৰৰ ভিতৰত গধুৰ প্ৰাচীৰ। অৱশেষত ৰাতি তিনি বজাত সৰুপানী চোৱাৰ মৰসাহ কৰি উঠি অহাতহে ভেদ ভাঙিল। সন্দেহটোৱে সঁচা। কাষৰ গাৰ্লচ হোস্টেলৰ সুৰভীৰ মৃত্যু বাৰ্তাই সঁচাকৈয়ে তাৰমানে আমাৰ বিশ্বমিত্ৰৰ বুকু ভাঙিছিল। ফটো চাই চাই চকুপানী টোকা সুহৃদৰ কান্ধত হাতখন থৈ চিৰিটোতে বহি পৰিল পৰশ।

Comments

Popular posts from this blog

তথ্য উদ্ধাৰ -১ শকাব্দ/ খ্ৰীষ্টাব্দ

অনুগল্প

মহা মহা পুৰুষৰ চানেকিৰে জীৱন (খ)