মানুহ অমানুহ শৃংখল : অন্নপূৰ্ণা

মানুহ অমানুহ : খণ্ড ১৪: অন্নপূৰ্ণা চি: ইম্মান বেয়া হৈছে বুলি টিফিনৰ ৰুটি তৰকাৰীখিনি অাতৰাই থলে দিপ্তীয়ে। ইমান বেয়া খানা দিবৰ কাৰনেহে মেচত টকা দিও নেকি বুলি খঙতে গালি পাৰিব ল'লে সংগীতাই। তাৰপিচত য়াছমিন। দিনটোৰ ভাগৰ আৰু ভোকে জুৰুলা কৰাৰ পিচত ৰাতিৰ আহাৰত ৰুটি ভাজিখিনিও শান্তিত খাবলে নাপায় আটাইবোৰৰ খঙ। অহা মাহৰপৰা মেচ সলাব লাগিব, অনুয়ে ভোৰভোৰালে। শিৱালিকাই যোগ দিলে, কাম নাই য'তে নাযাৱ কিয়, একেই খানা, কোৱালিটি বুলি কোনো কথা নাই। ডাব্বাবালাই চিক্সচিগমা লৈছে আৰু আমাৰ এইদিন। টিফিনটো ধুই ধুই কৈ গৈছে শিৱালিকাই । শিৱালিকা, দিপ্তী, য়াছমিন, সংগীতা আৰু অনুপ্ৰিয়া একেটা ফ্লেটত থাকে। পিচে পঢ়া আৰু কামৰ তাগিদাত কাৰো ৰন্ধাবঢ়া কৰিবলৈ আহৰি নাই। তাতে মালিকৰ দহটা নিয়ম। গতিকে মেচত টিফিন দিবলৈ কৈ থৈছে। মেচত থকা আংকলে খানাৰ কোৱালিটি যিয়েই নকৰক, সময় কিন্তু মানি চলে। পুৱা ৭ বজাত ব্ৰেকফাস্ট আৰু গধুলি ৮ বজাত ডিনাৰ। বতাহ বৰষুণ ধুমুহা যিয়েই নাহক, আংকলৰ টিফিন নহাকে নাথাকে। সেয়ে আটাইকেইজনীয়ে তাকে পৰমান্ন বুলি গ্ৰহণ কৰে। চহৰখনত স্ৱাইন ফ্লুৰ আতংকই জোকাৰি দিয়াৰ সময়তেই শিৱালিকা আৰু দিপ্তী ঘৰলে দৌৰিলে। বিপৰ্যয় আহি নাপাওঁতেই ঘৰৰ মানুহে ১০০০ - ১২০০ কিলোমিটাৰ দুৰত থকা সংগীতাকো নি ঘৰ পোৱালে। পিচে য়াছমিন আৰু অনুপ্ৰিয়াহে ফচি গ'ল। এজনীৰ ঘৰলে ৰেলযাত্ৰা ৪ দিনৰ আৰু আনজনীৰ পৰীক্ষাৰ অজুহাত। মুঠতে ঘৰমুৱা হোৱাৰ নাম লব নোৱাৰে। চহৰখনত চোৱাঈন ফ্লুৱে বিভীষিকাৰ ৰূপ লোৱা লগে লগে আংকলৰ টিফিন সেৱাও সাময়িক ভাৱে স্থগিত কৰা হ'ল। ঘৰৰ বাহিৰ হব লাগিলে, মাস্ক আৰু কাপোৰ নাকে মুখে বান্ধি লব লাগে। ৫ মিনিট মান পিচতেই খোজবোৰ চুটি হৈ যায়, ইমানগাল আৱৰণৰ তলত উশাহটো কিবা হেৰাই যায় যেন লাগে। গৰম গৰম নিশ্বাসবোৰে জুলাই মাহৰ প্ৰচন্ড গৰমৰ লগত যেন মোকাবিলা কৰিছে। গতিকে বাহিৰ ওলোৱাৰ সাহস কৰা আৰু কোডোৰ বাহত জুই লগোৱা একেই কথা । দিন বাগৰিল কিন্তু বিভীষিকা আতৰা নাই। চহৰত কাৰ্ফীউ লগায় দিয়া হ'ল। দোকান পোহাৰ মাত্ৰ এঘণ্টাৰ বাবে খোলাৰ ব্যৱস্থা কৰি দিলে। ভীৰ ৰাস্তাবোৰত গলিৰ কুকুৰ কেইটাৰ চিঁঞৰ বাদ দি মাত্ৰ এম্বুলেন্চৰহে মাত শুনিব পোৱা যোৱা হ'ল। অৱস্থা প্ৰতিকুল হোৱাৰ লগে লগে দুয়োজনীৰ অৱস্থাও তথৈবচ। মেচৰ খানা বন্ধ, নিজৰ ৰান্ধাৰ ব্যৱস্থা নাই, কি কৰিব? ইফালে বজাৰত যাবলেও বজাৰ মাত্ৰ এঘণ্টাৰ কাৰনে খোলে। বজাৰত গৈ ফল কিনাৰ কথা ভাবিবই নোৱাৰি। যিহে দাম। আন্নাৰ দোকানত মেগি, পাৰ্লেজি আৰু চানা ভুজিয়া কিনি আনি চলিল দুদিন। ব্ৰেড খোৱাৰ কথাই ভাবিব নোৱাৰি। তিনিদিনৰ দিনা দুয়োজনীৰ অৱস্থা কাহিল। আৰু নোৱাৰি। কিনো দিন পৰিল। গালি পাৰিলেও আংকলৰ টিফিন কেইটাৰ মূল্য কিমান দুয়ো জনীয়ে এই তিনিদিনতে বুজি উঠিছে। চতুৰ্থ দিনা মেগিও শেষ, আন্নাৰ দোকানত স্টক নাই বুলি ক'লে। কেঁকুৰিৰ সিপাৰে থকা দোকান কেইখনতো সুধি চালে, নাই শেষ। :হে হৰি কি হ'ব এতিয়া? অনুপ্ৰিয়াৰ চকুপানী ওলাও ওলাও : ইনচাহ আল্লা ধৰ্য্য ধৰচোন, সকলো থিক হ'ব। য়াছমিনে বুজালে। : কি কৰো এতিয়া, খাবলে নাপাই মৰি থাকিম দেখোন। সৰুতে ভাত পেলাইছিলো যে ভগৱানে তাৰেই শাস্তি দিছে যেন পাইছো। : সৰুতেইনে? সদায় যে আংকলৰ টিফিনৰ খানা পেলাও, সেয়াও ওপৰৱালাই চাই আছিলে। : এতিয়া কি কৰিবি? :তাকেইটো, বুলি অসহায় ভাৱে ইটোৱে সিটোৰ ফালে চাওঁতেই নাতিদুৰত চিন্ময়ক দেখা পালে। দৌৰি গ'ল অনু। : চিন্ময় য়াৰ বুৰা মত মাননা। লেকিন ৩ দিনচে খানা নহী খায়া। ভোক ক্যা হোতা হে অৱ মালুম হুৱা । কুচ ভী কৰ য়াৰ, বচ খানা খিলা দে। ভগৱান তেৰা ভলা কৰেগা। য়াৰ প্লিজ মনা মত কৰ। কথাখিনি একেবাৰেই কৈ অলপ দেৰি ৰ'ল অনু। কি কৰিবনো, চিন্ময় তাইৰ বন্ধু পংকজৰ চিনাকী। তেনেকুৱা এজন মানুহক সহায় খোজা কিমান দুৰ থিক ,ভাৱিবলৈও যেন তাই পাহৰি গৈছিল। থিক হে আ জানা ৰুমপে বুলি চিন্ময়ে মাতিলেও তাইৰ আৰু য়াচমিনৰ অলপ লাজো লাগিল। কিন্তু উপায় নাই কাৰনে আগবাঢ়িল। ৰহৰ ডাইলত আলু দিয়া ভাতখিনি আৰু আছাৰৰ টুকুৰাটো মুখত লৈ যি তৃপ্তী পালে, চকুপানীৰে সেই অভিব্যক্তিখিনিক যেন আৰু অধিক ভাৱগধুৰ কৰি পেলালে। চিন্ময়ক কৃতজ্ঞতাৰ দৃস্টিৰে চাই দুয়োজনীৰ মুখ যেন পোহৰ হৈ পৰিল।

Comments

Popular posts from this blog

তথ্য উদ্ধাৰ -১ শকাব্দ/ খ্ৰীষ্টাব্দ

অনুগল্প

মহা মহা পুৰুষৰ চানেকিৰে জীৱন (খ)