প্ৰবাহিনী
নদী হৈ বৈ যাও মই
প্ৰতিটো ঘাট মোৰ চিনাকী,
আপোন বুলি ভবাৰ ভুল
বহুবাৰ কৰিছো
থমকি ৰ'বলৈ দুৰ্বাৰ হেপাহ
জানোছা কিয় জানো
সপোনবোৰ বতাহৰ লগত উৰি যায়
মেঘৰ মতলীয়া প্ৰেমৰ দৰেই।
শিলৰ বুকুত দাগ বহাবলৈ
আপ্ৰাণ চেস্টা কৰিও
ভাগৰি নপৰে মন
অদম্য ইচ্ছা মাথো
জানো মোৰ গতি নাই
সাগৰত লীন হোৱাৰ বাদে
যাত্ৰাৰ গৰিমাই মহান কৰিব
মোৰ জীৱনৰ বিশালতা
Comments
Post a Comment