অনুগল্প শৃংখল -৩৬

অনুগল্প : ৩৬ - খোপা
মন্জৰী বৰুৱাৰ সাজোন কাচোনত অলপ সময় লাগে। অভ্যাসটো স্কুলত পঢ়া দিনৰ পৰাই। বিয়াৰ পিচত অলপো সলনি নহ'ল তেঁও। সময় বেচি ললেও কিন্তু তেঁও সাজপাৰ কৰি ওলাই নহ'লৈকে কোনেও ধৰিবই নোৱাৰে। বৰুৱাই কোনোদিনেই আমনি নাপায়। কাৰন দুটা। সুব সাধাৰন কিন্তু সুব আকৰ্ষণীয় হৈ নিজক সজাব জানে তেখেতে। আনটো কাৰন হ'ল চুলিকোচা। কইনা চাবলৈ যাৱৰ দিনাই নিকুন্জ বৰুৱাৰ চকু পৰিছিল, মন্জৰীৰৰ দীঘল চুলিকোচা। দুডলীয়া বেনীৰে চুলিখিনি সামৰি থোৱা আছিল। নকইনা হৈ ঘৰ সোমাবৰ দিনাৰ পৰাই বেনীৰ থাই ল'লে খোপাই। প্ৰথম ল'ৰাটো হৃদয়ৰ জন্মৰ পিচত খোপাৰ আকাৰ অলপ সৰু হ'ল। পৰিধি কোলাত থকা সময়ত আৰু অলপ সৰু হ'ল। ল'ৰা ছোৱালী হালৰ স্কুল বেগটোৰ যিমানেই ওজন বাঢ়িল, মন্জৰীৰো খোপাৰ আকাৰ ক্ৰমাত কমি গৈ থাকিল। বৰুৱাই মন্জৰীৰ ৰূপালী চুলিয়ে কপালত ঢৌ খেলা সময়তো মানুহজনীক ধুনীয়াই দেখিছিল। এদিন মন্জৰীয়ে ককালৰ বিষটোৰ আৱদাৰ মানি ল'লে। তাৰ দুবছৰমান পিচত আঠুৰ বিষটোৰ। ৰূপালী চুলিখিনি জেতুকাৰ বোলেৰে ৰঙালে। নিকুন্জ বৰুৱা তেতিয়াও পত্নীৰ ৰূপত মুগ্ধ। চাদৰৰ আঁচলেৰে ঢাকি ৰখা খোপাটোত চাদৰখন সোপনি পুতিব নোৱাৰা দেখি বৰুৱাই এবাৰ মন্জৰীক ক'লে : নহ'লে পৰিধিৰ নিচিনাকে ক্লাট্চ বা ক্লিপ লগোৱা। খোপাটো নাবান্ধিলেও হ'ব। মন্জৰীৰ ঘোপা চাৱনিত তেঁওৰ বুজিব বাকী নৰ'ল যে, মানুহজনী একাত্ম হৈ পৰিছে। কেমো থেৰাপিৰে দুৰ্বল হৈ যোৱা মানুহজনীয়ে কপা কপা হাতেৰে খোপা বান্ধিবলৈ চুলি বিচাৰি আইনাখনত খুটিয়াই থকা দেখি বৰুৱাৰ হূমুনিয়াহে বুকুখন ফাটি নিয়াৰ নিচিনা লাগিল।

Comments

Popular posts from this blog

তথ্য উদ্ধাৰ -১ শকাব্দ/ খ্ৰীষ্টাব্দ

অনুগল্প

মহা মহা পুৰুষৰ চানেকিৰে জীৱন (খ)