চৰকাৰী চাকৰি

চৰকাৰী চাকৰি খণ্ড : ৬ সেইবাৰ কলেজীয়া গৰম তেজৰ ৰং চাও বুলিয়েই আমি কেইজনীয়ে ফুটপাথত বাপেকৰ মুচিৰ দোকানখনত সহায় কৰা ল'ৰাটোৰ ভৱিষ্যত গঢ়ো বুলি ঠিৰাং কৰিলো। ল'ৰাটোৰ জৱাহৰ নবোদয় বিদ্যালয়ত নামভৰ্তিৰ মিশ্যনলৈ আমিবোৰ লাগি গলো। কোনোজনীয়ে ফৰ্ম ফীল কৰালে আৰু কোনোজনীয়ে হোস্টেলৰ জিৰনিকোঠাত বহি তাক অংক বুজালে। আমাৰ অধ্যৱসায়ে ৰং সানিলে। নামভৰ্তিৰ পৰীক্ষাত উত্তীৰ্ণ হৈ ল'ৰাটোৱে আমাৰ মুখত হাঁহি বিৰিঙালে। এইবাৰহে আহিল আচল কথাটো। নাইট স্কুলত পঢ়া ল'ৰাটোক আমি সাৰ্বজনীন শিক্ষাৰ্থী বুলি নেদেখালে নবোদয়ত তাৰ নামভৰ্তি হব নোৱাৰে। কোনোবাই আইদিয়া দিলে যে ভেন্চাৰ স্কুল বিলাক আছে যেতিয়া সুবিধাটো লবলে চেস্টা কৰি চা। কথা মতেই কাম। প্ৰায় ৬০ৰ ওচৰা ওচৰি, গোটেই জীৱন স্কুলৰ মাটি ভেটিৰ পৰা ল'ৰা ছোৱালী গোটাই ২০-২২ বছৰীয়া ভেন্চাৰ স্কুলখন চলোৱা হেড ছাৰক কথাখিনি কোৱাত তেখেতে হাঁহিমুখেৰে কামটো কৰি দিম বুলি ক'লে। তেখেতে ক'লে যে বদলিৰ প্ৰমাণপত্ৰখনত কিন্তু আই. এচ. ৰ পৰা চহী কৰাইহে লব লাগিব। কাইলে আহিবা, আমাৰ ৰেখা বাইদেউৰ লগত কাহিলিপাৰাত গৈ কামটো কৰাই লবা। পিছদিনা পুৱাই আমি মালিগাঁওৰ সেই দুৰ্গম পাহাৰ বগাই গৈ ৰেখা বাইদেউক লগ ধৰিলো। ৰেখা বাইদেৱে কথাখিনি শুনি লগত মিনতি বাইদেউকো ল'লে। আকৌ মালিগাঁও ৩নং বাছস্টেণ্ডলৈ পদযাত্ৰা কৰি কোনোমতে কাহিলিপাৰাৰ বাছখনত উঠিলো। ভাড়া দিবৰ সময়তহে ৰেখা বাইদেউৰ খুচুৰা পইচা নাইকিয়া হোৱা আৰু মিনতি বাইদেৱে পাৰ্চটো পাহৰা কথাটো গম পালো। কলেজীয়া ছাত্ৰী আমুকিয়ে ভাড়াটো দিলো। কাহিলিপাৰাত গাড়ীৰ পৰা নমাৰ লগে লগে মিনতি বাইদেউৰ অন্ঠ কন্ঠ শুকাই গ'ল। চাহৰ পইচাতো দি কোনো মতে আই. এচ. অফিচৰ ফালে বাট পোনালো। অফিচৰ বাহিৰত আই. এচ. বাইদেউৰ পিয়ন ভাইটীয়ে ক'লে যে বাইদেউ ব্যস্ত আছে। চাহ পানী খোৱাৰ সময়ত মাতি দিব। ৰেখা বাইদেৱে চাহপানীৰ দামতো ভন্তিয়ে দিব বুলি মোলে আঙুলি টোৱালে। পিয়ন ভাইটী দাদাই মোক ক'লে, টী. চি. ত চহী কৰিলে বাইদেৱৰ ১০০০ টকা আৰু তেখেতে আবেদন পত্ৰখন বাইদেউৰ টেবুলত আগবঢ়াই দিয়াৰ কস্টৰ বাবদ ৫০০ টকা লাগিব। মই তেখেতক ক'লো ল'ৰাটো মুচিৰ সন্তান আৰু আমি কলেজীয়া ছাত্ৰী। তেখেতে ক'লে যে সেইবোৰ তেওঁৰ টেনচন নহয়, কথাবোৰ আমি আগতেই ভাবি চাব লাগিছিল। উপায়ন্তৰ হৈ টীউচনৰ নামত ঘৰৰ পৰা পঠোৱা টকাখিনিৰ পৰা ৫০০ টকা উলিয়াই দিলো। চহী কৰিবৰ সময়ত বাইদেউক এবাৰ জনালো যে ল'ৰাটো একেবাৰে দুখীয়া ঘৰৰ। আপোনাক কিবা এটা নিদিলে হ'বনে ( সেপ ঢুকি এপলক ৰ'লো) ? বাইদেৱে মুৰ জোকাৰি নহ'ব বুলি ক'লে। পাৰ্চৰ পৰা খমখমীয়া ১০০০ টকাটো বাইদেউৰ টেবুলত থওঁতে হাতখন কঁপিল কিন্তু হিয়াখনত শান্তিও আহিল, ফুটপাথৰ ল'ৰা এটা ভাল স্কুলত গৈ ভৱিষ্যত গঢ়িব বুলি। চৰকাৰী চাকৰি নকৰিলেও মানৱতাৰ চাকৰি সদায় কৰিম বুলি নিজেও পণ ল'লো। ০০০০০০০০০০০০০০০০০০০০০০০০০০

Comments

Popular posts from this blog

তথ্য উদ্ধাৰ -১ শকাব্দ/ খ্ৰীষ্টাব্দ

অনুগল্প

মহা মহা পুৰুষৰ চানেকিৰে জীৱন (খ)