মানুহ অমানুহ শৃংখল, খণ্ড :১৫, ফোন কল
মানুহ অমানুহ : : খণ্ড-১৫: ফোন কল
ৰুৱীৰ লগত বন্ধুত্ব পুৰনি যদিও দুয়োজনী খুব কমহে লগ হৈছো। ৰুৱী ভাৰতীয় ৰেল বিভাগৰ কৰ্মচাৰী আৰু বাস্কেট বল খেলুৱৈ। ইস্টাৰ্ণ জোনৰ হৈ খেলিবলৈ অহা সময়ত তাই হাওড়া স্টেচনত কৰ্মৰত আছিল। সেয়ে গুৱাহাটিত থকা কেইদিন চলিবলে এখন লোকেল চিম কাৰ্ড লাগে বুলি কোৱাত যোগাৰ কৰি দিবলৈ গ'লো মালিগাঁও স্টেডিয়ামত। তেতিয়াৰ সময়ত এচ.টি.ডি কল কৰিলে প্ৰতিমিনিটত প্ৰায় দহ টকা মান ভৰিব লাগে। আমাৰ নিচিনা মধ্যবিত্তৰ কাৰনে মোবাইল ফোন থকাটো একপ্ৰকাৰ বিলাসিতাই আছিল।
তাৰপিচত তাইৰ লগত সম্পৰ্ক চলি থাকিল। হাওড়া হৈ কৰবালে গ'লে ৰুৱী বা তাইৰ বাস্কেট বল দলটোৰ যিকোনো এজনীক লগ কৰি লাগেজৰ জিম্মা দি কলিকতা চহৰখনত পিতপিতাই ফুৰিবলৈ এনেকুৱা বিস্বস্ত সংগীনো ক'ত পাম?
মুঠৰ ওপৰত ইজনীয়ে সিজনীৰ লগ এৰা নাছিলো। এবাৰ তাই ক'লে যে অহা মাহত তাইৰ বৌ আৰু ছমাহমানৰ ভিতৰত হয়তো তাইৰ দাদাও পুুনেত থকাকে আহিব। মনতো ভালেই লাগিল, হওকতেও মন গ'লে কাৰোবাৰ ঘৰত আলহী ফুৰিবলৈ ঘৰ এখন হ'ব। কথামতেই কাম। অপৰ্ণা ভাৱি আহি কেইদিনমান পি.জি. এখনত থাকিল। তাৰপিছত দুই তিনিমাহৰ ভিতৰতে দেশমুখ নগৰত ফ্লেট এটা কিনি ল'লে। বিক্কি ভায়্য়াইও ঈন্টাৰভীউ দিবলে কেইদিনমান থকাকে আহিল । ৰুৱীৰ দেউতাকে ক'লেযে গৃহ প্ৰবেশ সৰুকে হ'লেও পাত , আমি আহি আছো।
গোটেই ঘৰ মানুহ লগলগাৰ আনন্দতে ৰুৱীয়ে মোকো মাতিলেগৃহপ্ৰবেশত যোগদিবলে। বান্ধৱীৰ আহ্বান নেওচা দিবলে আমাৰনো শকতি ক'ত? নতুনকে সোমোৱা চাকৰিটোত দৰ্মহা পোৱা নাছিলোৱে। টনাটনি কৰি চলি আছিলো। তথাপিঅফিচৰ পৰা হাফ ডেৰ চুটি লৈ ওলায় আহিলো। পকেটত ৫০০ টকা। তাৰে গিফ্ট কিনোতে গ'ল ৩০০। হৈ যাব চিন্তা নাই। অচিনাকী ঠাই হ'লেও চিটি বাছতহে যাম। স্মাৰ্টফোনৰ ব্যৱহাৰ নাছিল যে গুগল মেপ বা অন্য আহিলাৰ সহায়ত ঠাইবিচাৰি উলিয়াম । তাতেই আকৌ আলহীৰ অভ্যাগতৰ লগত ব্যস্ত থাকিব লাগিব কাৰনে ৰুৱীয়েফোন বন্ধ কৰি স্টোৰৰুমত পাৰ্ছটো থৈ দিছে। দুপৰীয়া এবাৰ এটা লোকেল নম্বৰেদি ফোন কৰি কৈছে যে মই দেশমুখ নগৰ বাছস্টেন্ড পালে যাতে সেই নম্বৰটোত ফোন কৰো, ভায়্য়া মোক নিবলে আহিব। বাছত আহি থাকোতে দুই এটা ফোন আহিছিল যদিও শুনা নোপোৱাত মিচ্ হৈ গ'ল।বাছত অলপ দুৰ অহাৰ পিচত গম পালো, বাছখন দেশমুখ নগৰলৈ নাযায়, আধা ৰাস্তাতে ঘুৰাব। দ্বিতীয়খন বাছ দেশমুখ নগৰ এৰি দুটা স্টপেজ আগত গৈ ক'লে যে আগুৱাই আহিলো। ওভটনি যাত্ৰাত এজনে লুংলুঙীয়া বাট এটা দেখুওৱাই ক'লে ভূছাবল টাউনশ্বিপত যাবলে এইটো চৰ্টকাট। পুনেত থকাৰ ছমাহমান হৈছিল যদিও মাৰাঠী ভাষা ভালকে বুজা হোৱা নাছিলো। মানুহজনে কোৱা কথাৰ পৰা সাৰমৰ্ম উলিয়াই চৰ্টকাটেৰেই আগবাঢ়িলো। ইফালে বেলি ভাটি দিবৰ সময়। দুবাৰমান ডায়েল লিস্টৰ পৰা নম্বৰ বিচাৰি উলিয়াই ফোন কৰিলো। ভায়্য়া মই অমুক ঠাইখিনিত আছো, ইয়াৰ পৰা কোনফালে যাম। উত্তৰ আহিল, প্ৰথমে সোফালে আৰু পিছৰ গলিটোৰ পৰা বাওফালে। দুই তিনিবাৰ ফোনকৰি নিৰ্দেশ মৰ্মেই ঘুৰি ঘুৰি পাগলহৈ গ'লো। এঘণ্টা ধৰি ঘুৰি ঘুৰি শেষত যিখিনি ঠাই পালো তাৰ পৰা ভূছাৱল টাউনশ্বিপ কমচে কম ৭ কিলোমিটাৰ। উপায়ন্তৰ হৈ অটো এখনক সুধিলো, কিমান ল'বি? ২০০ টকাৰ তলত কথাই নকবি। পকেটত থকা পইছা কেইটা হিচাপ কৰি চালো, ১২০ মানহে আছে গৈ। যি হয় হব বুলি বহি দিলো অটোখনত।
ইতিমধ্যে মই গৈ নোপোৱাত ৰুৱীৰ টেনচন। উপায় নাপায় স্টোৰৰুমৰ পৰা নিজৰ বেগ বিচাৰি অফ হৈ থকা ফোনটো উলিয়াই তাই ফোন কৰিছে : আন্ধাৰ হ'ল তই ক'ত আছ'? য'ত আছ' তাৰপৰা অটো এখন ধৰ আৰু আহ। পইছা মই দিম লাগিলে।
একপ্ৰকাৰ ৩০ কিলোমিটাৰ দুৰত্ব অতিক্ৰম কৰিবলৈ কৰা তিনি ঘণ্টা দৈৰ্ঘ্যৰ নাটকখনৰ যৱনিকা পৰিল। কোনো মতে ৰুৱীৰ টকাৰে ভাড়া দি অটোখন বিদায় দিলো। ভায়্য়াক দেখি খঙ উঠিল। ভায়্য়াই ক'লে খং কৰাৰ আগতে নম্বৰটো ক' যিতোৰে তোক ডিৰেক্ছন দিয়া হৈছিল। নম্বৰটো লৈ ভায়্য়াই পাৰ্কিংপ্লেচত গ'ল। অলপ পিছত ঘুৰি আহি চাহ পানী খুৱাই মোক শান্ত সুস্থিৰকৰা আণ্টী আংকল প্ৰমুখ্যে ৰুৱীক উদ্দেশ্যি ভাষণ এটা দিলে। সাৰমৰ্ম এয়াই যে ৰুৱীয়ে মোক ফোন কৰিছিল । তাৰপিছত মোৰ তাত দুই তিিনটা নম্বৰৰ পৰা ফোন আহিছিল। বাছত আহোতে হোৱা টেনচনত মই তাৰে কোনোবা এটা নম্বৰত ফোন কৰি দিছিলো। যাৰ তাত ফোন লাগিল, সি ফটুৱা নম্বৰ ৱান। ছোৱালীৰ মাত শুনি দুপৰীয়াৰ পৰা গধুলিলৈকে মাথো ঘুৰাই আছে। মই হ'লো এক নম্বৰৰ বেল যিয়ে পাগলৰ দৰে ঘুৰি আছো।
Comments
Post a Comment