চিন্তনীয় : কৰ্ম সংস্কৃতি আৰু কু সংস্কাৰ

চিন্তনীয় : কৰ্ম সংস্কৃতি আৰু কু সংস্কাৰ
আজি বহু দিন ধৰি ব্যক্তিগত খণ্ডৰ লগত জড়িত হৈ আছো, তাকো মানৱ সম্পদ বিভাগত। গতিকে কৰ্মদিন আৰু শ্ৰমৰ বিতৰণৰ সমস্যাবোৰৰ কথা বাৰুকৈয়ে অনুভৱ কৰিব পাৰো। যদিও অফিচত মই কাঢ়া অনুশাসনৰ মাজত চলো তথাপি মৰ্মে মৰ্মে উপলব্ধি কৰো, নাৰী সমাজৰ অসুবিধা সমুহৰ বিষয়ে। প্ৰায়ে বিভাগীয় মুৰব্বী সকলে মোৰ লগত শ্ৰমিকৰ অনুপস্থিতি আৰু কামৰ পৰা লোৱা অব্যাহতি আৰু মই সদায় মহিলাসকলক দেখুওৱা অত্যাধিক দৰদৰ কাৰনে ক্ষুৰধাৰ সমালোচনা কৰিছিল। কিন্তু প্ৰায়ে শ্ৰমিক মহিলাসকলৰ অপাৰগতা আৰু পাৰিবাৰিক সমস্যা সমুহক লক্ষ্য ৰাখিয়ে সিদ্ধান্ত লব লগা হৈছিল। অৱশ্যে এয়া অসমত থকা সময়ত বাঢ়ি গৈছিল। এইবোৰ কথা ইয়াত এইকাৰনেই উল্লেখ কৰিছো, কাৰন অসমত এই অসুবিধাবোৰ হোৱাৰ মুখ্য কাৰন হ'ল কুসংস্কাৰ। এতিয়া আহো কৰ্মদিন আৰু শ্ৰমৰ গুৰুত্বৰ বিষয়ে। এটা অনুস্থান চলাবলৈ হ'লে তাত থাকিব কাম আৰু চালিকাশক্তি কৰ্মীসকলে শ্ৰমদান কৰিব নিৰ্দিস্ট নিৰিখৰ বাবদ। গতিকে কৰ্মীসকলৰ শ্ৰম নহ'লে কোনো অনুস্থানেই গা কৰি উঠিব নোৱাৰে। এয়া স্বাভাৱিক । গতিকে অনুস্থানসমুহ চলিবলৈ কৰ্মীসকলে সময়মতে শ্ৰমদান কৰাটো অতিকে প্ৰয়োজনীয়। ইয়াত সকলোধৰনৰ শ্ৰম আৰু কৰ্মীকে আজুৰি কথাখিনি কোৱা হৈছে। গতিকে উন্নয়ণমুখী এখন সমাজত চলিবলৈ হ'লে সকলোৱে তালমিলাই চলিব লাগিবই। তাৰোপৰি প্ৰতিযোগিতাৰ যুগত এজন পিচপৰি গ'লে হয়তো আনজনে পৰিপূৰক হিচাপে কাম বা সুবিধা লবলৈ উঠি পৰি লাগিব। এতিয়া আহো আমাৰ সমাজখনৰ কথালৈ। আমাৰ সমাজত এতিয়াও কুসংস্কাৰে বাহ কৰি আছে। ৰাতিপুৱা সৰা মচা কৰাৰ পৰা আৰম্ভ কৰি ৰাতি বিচনাত পৰালৈকে অসংখ্য কুসংস্কাৰে জীৱনবোৰ বিষাক্ত কৰি ৰাখিছে। তাৰ ভিতৰত সবাতোকে বিষাক্ত সংস্কাৰবিধ হৈছে মাহেকীয়া। মাহেকীয়াৰ যন্ত্ৰণাই কোঙা কৰি ৰখা মহিলাসকলেও স্বাৱলম্বী হোৱাৰ আত্মশক্তিৰে নিজক কৰ্মক্ষেত্ৰত নিয়োজিত কৰে। কিন্তু মাহেকত কিমানবাৰ চুটি লৈ এজনী মহিলাই কৰ্মস্থলীত চলিব পাৰে? এজনী মহিলা কৰ্মচাৰীৰ প্ৰতি কিমান দৰদনো দেখাব বুলি আশা কৰিব পাৰি? কাৰনতো আগতেই কৈছো, প্ৰতিযোগিতা। এতিয়া যদিহে মহিলাসবলীকৰন আৰু সমঅধিকাৰৰ বাবে মাত মাতিব পাৰে তেন্তে কুসংস্কাৰৰ দোহাইদি কৰ্মবিৰতি ল'লে কেনেকৈ হ'ব? যদি দৈহিক কস্ট আৰু মানসিক ভাৰাক্ৰান্তিয়ে মহিলাসকলক প্ৰাপ্যৰ পৰা বঞ্ছিত কৰে তেন্তে তাৰবাবে আনক দোষাটো জানো থিক কথা হ'ব?

Comments

Popular posts from this blog

তথ্য উদ্ধাৰ -১ শকাব্দ/ খ্ৰীষ্টাব্দ

অনুগল্প

মহা মহা পুৰুষৰ চানেকিৰে জীৱন (খ)