নাৰী মই
নাৰী মই
মই হ'লো নাৰী
জন্মক্ষণতেই উপহাৰ পালো জীৱনৰ বীজ হয়
মই বহন কৰো প্ৰজন্মৰ
লালন কৰো ভৱিষ্যতৰ আৰু
উৰ্চগা কৰো মোৰ
অৱদানৰ কৃতিত্ব
বহাগ মোৰ ছন্দত নাচে
গাভৰু হয় পথাৰ
মই নাৰী
যোণিজাত নহ'লেও প্ৰজন্মক গঢ় দিব পাৰো
বিদাৰিব পাৰো
উচ্চ পাহাৰৰ বুকু
জ্ঞানৰ অমৃত ময়েই সিচো জীৱনৰ পথাৰত
মই নাৰী, যশোদা কিম্বা গাৰ্গী
সৃস্টি মোৰ প্ৰধান ধৰ্ম
Comments
Post a Comment