ফটাপুৰাণ : নাটক

ফটাপুৰাণ : নাটক : সেইবাৰ মইনা পাৰিজাতৰ উদ্যোগত বহাগ বিহুৰ ফাংচনতে একাংকিকা নাটৰ প্ৰতিযোগিতা আছিল। চম্পাফুলৰ তিনি নম্বৰ ডালিটোত ভালকে বহি কাহিনীটো আৰম্ভ কৰিলে ধুনে। হিমু আৰু মই এক নম্বৰ আৰু দুই নম্বৰ ডালিটো ইতিমধ্যে অধিগ্ৰহন কৰি থৈছো। চম্পা ফুল ডাল মাটিৰ পৰা তিনিফুট উচ্চতাত এটা ভাঁজ লৈ উপৰমুৱা হৈছে। প্ৰায় ছফুট উচ্চতাত তাৰ তিনিটা ডালি তিনিফালে আগবাঢ়িছে। ডালিকেইটাৰ মধ্যখণ্ডটো অলপ গাঁত যেন। হয়তো চৰায়ে বাহ সাজিব চেস্টা কৰিছিল। তিনি নম্বৰ ডালিটো অলপ ওখ, পিচল। তাত গ্ৰিপ হিচাপে সেই তিনিওটা ডালিৰ মধ্যমখণ্ডটোৱে। অৱশ্যে ফুলগছডালৰ সংলগ্ন লাইব্ৰেৰীটোৰ টিঙত উঠিবলৈ এই তিনি নম্বৰ ডালিটোৱেই সহায়ক। মাটিৰ পৰা ছফুট উঠাৰ পিচত আৰু তিনিফুট উঠি নগ'লে কিবা সজুৱতি মাৰ নোযোৱা যেনেই লাগে। পিচে তিনিনম্বৰ ডালিটোত বহাজনেহে সেই লাইব্ৰেৰীৰ টিঙত আৰোহনৰ প্ৰথম সুযোগটো পায়। অৱশ্যে সুখৰ বিষয় এয়াইযে গছডাল পাতেৰে জাতিস্কাৰ হৈ থকাৰ সুযোগতে আমাৰ এই মিটীঙবোৰ সম্পূৰ্ণ গোপন হৈ থকাৰ গেৰাণ্টীও থাকে। : বিহু সেইবাৰ তিনিদিনীয়াকে পাতিছিল। ধুনে কাহিনী আগবঢ়ালে। আমিও মুখ মেলি ৰৈ আছো। আচলতে মেলাই নহয় জপাইও আছো। মথাউৰিৰ পাৰৰ তিনি নম্বৰ খেজুৰডালত লোমালোমে লগা খেজুৰ তিনিওৰে পকেটত। আধা পকা খেজুৰ চোবাই চোবাই কাহিনী আগবাঢ়িছে। : তাৰপিচত? হিমুৱে মাত দিলে। : সবেই আখৰা আৰম্ভ কৰিব ললে। ইঘৰ সিঘৰৰ চোতালত আখৰা চলিল। মাখীয়েও কথাটো গম পালে। সিও এই সুযোগতে শেৱালিক বন্দৱস্ত কৰিলে। নাটক আৰু দল নিজেই বাছিলে। পৰিচালকৰ দৰকাৰ নাই। কাপোৰ কানিৰ পৰা আছবাৱ সকলো যা যোগাৰ কৰিলে। : তাৰপিচত? মই উৎসুক হৈ পৰিলো। : বিহুৰ দ্বিতীয় দিনা নাটক। কোনেও যােত নাটকৰ বিষয়ে গম পাব নোৱাৰে তাৰো ব্যৱস্থা মাখীয়ে কৰিলে। : কিয় : আৰে বুৰ্বক, তাকো নাজান' কম্পিটীছনৰ কথা আছে। কোনোবাই যদি গম পাই , শেৱালীৰ ঘৰত লগাই শেৱালীক নাটক কৰিব নিদিয়া কৰিবওটো পাৰে। : আচ্ছা, হিমুৱে সহাৰিলে। : নাটকৰ নাম, শিলৰ চোলা। ৰজা আৰুু মনোমতী স্টেজত উঠিল, সংলাপ কবলৈ ধৰিলে। মাখীয়ে শিলৰ চোলা পিন্ধি ৰাজদৰবাৰত শোভা বৰ্ধন কৰি আছে। কিন্তু এয়া কি? মনোমতীয়ে দেখোন ডায়লগ পাহৰিচে। মাখীৰ চিন্তা লাগিল। এনেকৈ দেখোন সিহঁতে জিকিবই নোৱাৰিব। ইফালে দৰ্শকে হূলস্থুল আৰম্ভ কৰিচেই। কি কৰা যায় এতিয়া? : তাৰপিচত? হিমুৱে সুধিয়ে পেলালে। : তাৰপিচত আৰু কি? মাখী ৰ ভিতৰত সুপ্ত অভিনেতা ওলায় আহিল। মনোমতীক স্টেজতেই নিজে পিন্ধি থকা চোলাটো পিন্ধাই দি নিজে পিন্ধি থকা হাফ পেন্ট আৰু ৰঙা ছাৰ্টটোৰেই আৰম্ভ কৰি দিলে মাখীয়ে -- মহাৰাজ, মই আপোনাক শিলৰ চোলা সি দিম, আপুনি মোক পানীৰ বেজি আনি দিয়ক.....। --- -----

Comments

Popular posts from this blog

তথ্য উদ্ধাৰ -১ শকাব্দ/ খ্ৰীষ্টাব্দ

অনুগল্প

মহা মহা পুৰুষৰ চানেকিৰে জীৱন (খ)