অনুগল্প :
অনুগল্প :
(২৯) সত্যউদ্ঘাটণ
জীপালে ভাৱে মানে ভাৱে। পিছে পাৰহে নাপায়। হ'ল বুলিনো ইমান চাছপেঞ্চ !! কিনো কৰিব, দেশত টু জি নেটৱৰ্ক আউটডেটত হোৱা বুলি ক'লেও তাৰ বাপেক কৰবাতেই আট্কী আছে। নহ'লেনো সকলোৰে ঘৰত ৩২ ঈঞ্চিৰ টিভি থকা সময়তো তাৰ ঘৰত কেবল কানেকচন নোলোৱাকে থাকেনে? স্কুলৰ কিতাপত সি নতুনকে বায়লজী পঢ়িব লৈছেহে। ডিডি নেচনেলত দুই এখন চিনেমা চলে, দেউতাক নথকাৰ সুযোগতে। ৰোমাণ্টিক গানবোৰৰ আমেজ লব লওতেই দুটা ফুলৰ খুন্দিয়া খুন্দি দেখায়। তাৰ পিচত বা কি হয়? সুধিবলৈ গাৱত কোনো নাই। যাকে তাকে সুধি বাপেকৰ থিয় কিল কেইটা খোৱাৰ তাৰ মন নাই। অৱশেষত বুধি এটা পালে। টেনত পঢ়ি থকা ৰাতুলৰ পৰা চকুৰ টিপতে লুকাই চুৰকে অনা মন্জুল হাজৰিকাৰ উপন্যাসখনৰ বিৱৰণত পাই গ'ল দুটা ফুলৰ খুন্দিয়া খুন্দিৰ পিচত কি কি হয়।
(৩০) সংস্কাৰ
বিয়াঘৰত দলদোপ হেন্দোলদোপ কৰি থকা নাতি নাতিনী কেইটা আৰু জী বোৱাৰি আটাইবোৰে বিয়াৰ তিনিদিন পিচত যাব ওলাল। সকলোৰে নিজা সংসাৰ আছে। গতিকে যাবতো লাগিবই। তাতে আকৌ আঠমঙলা খোৱা পৰ্বটোও আগদিনাই হৈ গ'ল।
আটাইবোৰ ওলায় কেকুৰিটো পাৰ নহ'লেই, ৰাধিকা আইদেউ নিজেই বাচন ধোৱাত লাগিল। হৰিধনেও তেঁওৰ লগত হাতে কামে লাগি গ'ল। বাল্টি মগ কেইটা ঘঁহি থকা দেখি মনৰ কথাতো সুধিয়ে পেলালে।
: কি কমনো বোপাই, শিক্ষা দীক্ষাৰে চহকী হ'লেনো কি হ'ব? যোৱা ৰাতি জী বোৱাৰী আটায়ে মিলি টেন্ট হাউচৰ বাল্টী কেইটাত গৰম পানী লৈ কিবা বোলে পেডীকিউৰ কৰিছে। চা চোন বোপা , এই বাল্টী কেইটা নি ৰাইজে ভোজভাত খাব। মোৰ সৎ নাযায় এই বাল্টীকেইটা এনেকে ঘুৰাই দিবলে। ভালকে ঘহি ঘহি চাফা কৰি ঘুৰাই দিব লাগিব। যা যা সোনকালে ধুবলে আৰম্ভ কৰ, মই ঘহি দিছো।
Comments
Post a Comment