"মানুহ-অমানুহ" খণ্ড ৬
"মানুহ-অমানুহ"
খণ্ড ৬: অকালপক্কৰ যাত্ৰা
বহুদিনৰ মুৰত ৰেলযাত্ৰা । নীলা আকাশ আৰু মৃদুমলয়াৰ আৱেশ। মোৰ গতিময় জীৱন আৰু পাৰ নভঙা সমস্যাৰ অন্ত হওক বা নহওক, মই পিছে এই সৰু সৰু অভিজ্ঞতাবোৰ সদায় উপভোগ কৰো।
দিল্লী অভিমুখী ৰেলখন আহি কোনোবা এটা স্টেচনত ৰখিল। হুৰমুৰকৈ এজাক মানুহ উঠা নমা কৰিলে । ৰেলখনে ২ মিনিট মানতে গতি ল'লে। ভালেলগা গানতো শেষ হোৱাত মোবাইল ফোনটোৰ প্লেলিস্টখন বন্ধ কৰি এটা এঙামুৰি মাৰিলো। ওচৰৰ কম্পাৰ্টমেন্টতোত বহি থকা খুৰীৰ পৰা তামোল এখন পাঁও নেকি বিচাৰি থিয় হ'লো। তেতিয়া খুৰাৰ কাৰোবাৰ লগত তৰ্ক লগাযেন পালো।
কাঢ়া ইস্ট্ৰী কৰা ছাৰ্ট , পলিচ কৰা ছকমকিয়া জোতা পিন্ধা দেখনিয়াৰ যুৱক এজন। কোনোবা ভাল কোম্পানী বা চৰকাৰী অফিচত কাম কৰা যেনেই লাগিছে। তেখেতে খুৰাৰ লগত হিংলিছত তৰ্ক কৰিছে। কথাৰ পৰা ইমানখিনি বুজিলো যে মহাশয়ে তলৰ বাৰ্থত নিজৰ নামত ৰিজাৰ্ভ থকা চিটতোত শুই থকা খুৰাক উঠাই দিছে, কাৰণ এই ৰেলখনত তেও বহি যাব লাগে। যুৱকজনৰ হিংলিচৰ প্ৰকোপত খুৰাৰ প্ৰতুত্তৰ দিবলৈ অলপ দিগদাৰ হৈছে । মহাশয়ে সেই কথাটোৰে সুবিধা লৈ হুংকাৰ দিছে।
: মই আপোনাৰ টিকটতো চাব পাৰোনে? অতিশয় শান্ত সুৰত সুধিলো মহাশয়ক, পকা হিংলিচ ভাষাত।
: মই টিকেট লোৱাই নাই, যুৱকজনৰ উত্তৰ।
: চোৰৰ দৰে আহি ৰেলত উঠিছহি আৰু নিৰীহ যাত্ৰীক অপমান কৰিছহি? কোনে দিলে অধিকাৰ তোক ? শুই থকা মানুহজনক জগাই তোৰ ডেকা তেজ দেখুৱাইচ?
: এই ৰেলখন সদায় আমাৰ ৰাজ্যৰ মাজেৰে যায় আৰু আমি এনেদৰেই অহাযোৱা কৰো।
: অ' তোৰ ৰাজ্যৰ মাজেৰে যায় কাৰনে তই ডকাইতি কৰিবি? নিজেতো টিকট নোহোৱাকে আহিচই, তাৰ কাৰণে কোনো গ্লানিও নাই? নিজক আকৌ উন্নত দেশৰ নাগৰিক বুলি লেবেল দিবি। তোৰ যদি আত্মসন্মান আছে, কাইলৈৰ পৰা টিকট নোহোৱাকে যাত্ৰা নকৰিবি।
কথাখিনি যুৱকজনৰ গাত লাগিল, দেখিলো পিচৰ স্টেচনতোত ল'ৰাজন নামি গৈছে, চকু গ্লানিৰে তপ্ত।
Comments
Post a Comment