অনুগল্প
(২৭) অংক
মনিপাল বিশ্ববিদ্যালয়ৰ মুখ্যদ্বাৰস্থিত চিকিউৰিটি গাৰ্ড দুটাৰ ফালে চাই এবাৰ হৰ্ণটো বজাই দিলে সুমনে। গেটটো বাঁওফালৰ পৰা খোলা গ'ল। ধন্যবাদসূচক হাঁহিৰে মুৰটো দুপিয়াই ওলায় আহিল সি। উডুপিলৈ সি ইচছা কৰিলে খোজ কাঢ়িয়ে যাব পাৰে। তথাপি স্কুটি এখন লৈ থৈছে। আছলতে মাংগালোৰত থকা তাৰ পুৰণা বন্ধু গগণক যেতিয়াই ইচ্ছা তেতিয়াই লগ কৰিব সুবিধা হ'ব বুলিয়ে স্কুটিখন লৈছে। অৱশ্যে বেচি বৰষুণ দিলে সি বাচতেই অহা যোৱা কৰে। সৰু সৰু যদিও উডুপি, মনিপাল আৰু মাংগালোৰ তিনিওখন চহৰ তাৰ কিবা একেখন গাৱতে ওচৰা ওচৰিকৈ থকা বলেন, গজেন আৰু দিপেন খুৰাৰ ঘৰযেনেই লাগে। সকলোতকে ভাল লাগে তাৰ সেউজীয়া পৰিবেশ। ৰাস্টাই ঘাটে, মানুহৰ ঘৰ পদুলী সকলোতে মাথো ভিন ভিন ফুলৰ টাব। অকনো খালী ঠাই নাই। ঘৰ সৰুৱে হওক বা ডাঙৰেই হওক বেলকনি আৰু ফুলৰ টাৱ থাকিবয়। উৎকট গৰমত ঘামি জামি আহি থাকোতে তাৰ চিচিডি খন চকুত পৰিল। কিবা এটা খাই যাও বুলি স্কুটিখন ৰখালে। কিন্তু ৰাস্তা পাৰ হৈ থাকোতে চিচিডিৰ সন্মুখত থকা সৰু দোকানখনলেহে চকু পৰিল। দুজন মান গ্ৰাহকে গন্জী খাই আছে , ওমলেটৰ লগত। গন্জী হ'ল দক্ষিণ কানাড়াৰ প্ৰিয় আহাৰ। কলা ৰঙৰ মোটা চাউলৰ মাড় থকা ভাত, আমাৰ উখোৱা চাউলৰ দৰেই। ঊটা,ঊটা,ঊটা, চাহাৱ ঊটা মাৰটণি?দোকানীজনে তাক ঊটা মানে ভাত খাবলে মাতিছে। একো নাভাবি সুমনে ঊটা খাবলে খোজ ল'লে।
ঊটাৰ শেষৰ গৰাহটো মুখলে থেলিব লওতেই মানুহজনী আহি সন্মুখত থিয় দিলে। গৰম আৰু ঘামে ধোৱা মুখখন ৰ'দে পুৰি ক'লা কৰি পেলাইছে। মনিপাল আৰু উডুপিৰ সকলো দোকানীয়ে তাইক চিনি পাই। নাপাবনো কিয়? ৰ'দে পোৰা দেহা আৰু জুটুলি চুলিৰে মুখ ঢকা হ'লেও তাইৰ পেটটো কিন্তু প্ৰতিবছৰে ঢোলৰ ৰূপ লয়। তাৰপিছত এমা ডিমা সন্তান কেইটা লৈ তাই দোকানে দোকানে খোৱা বস্তু বিচাৰি ঘুৰে। কোনোবা এন জি অ'ই পোনাকেইটা নিব বিচাৰিলে তাই ৰণচন্ডী মূৰ্তি ধৰে। সুমনে প্ৰায়ে তাইক ঊটা খুৱাই। আজিও তাই ঊটা খাই তাক কিবা কিবি আৰ্শীবাদ দি গ'ল।
চিগাৰেটটো জলাই সুমনে ভাবিলে মাংগালোৰত যাওনে মনিপাললে উভটি যাও? দিনটোৰ বাবে তাৰ ২০০০ টকা খৰচ। পাগলী এন্ড কোম্পানীক খুৱাওতে তাৰ ১০০০ টকা গ'ল। এতিয়া গগণৰতাত যোৱা মানে ২০০০ টকা খৰচ হব। মানে ১০০০ টকাই ঘাটি। তাৰোপৰি পাগলীয়ে দিয়া দীৰ্ঘায়ু বোলা আশীৰ্বাদটোৰ ম্যাদ মদ আৰু চিগাৰেটৰ ধোৱাই চুটি কৰি পেলাব। এহ বাদ দে প্ৰজেক্টৰ কামটোৱে শেষ কৰোগে বুলি সুমনে স্কুটী মনিপালৰ ফালে পোনালে।
Comments
Post a Comment