অনুগল্প : (৩৪)
অনুগল্প : (৩৪) অভিযোগ
দাইলেৰে সানি ভাতগৰাহ মুখত ভৰোৱাৰ পিচত যিদৰে পাঁচফুৰণৰ মিথিগুটিয়ে মুখৰ ভাতখিনি ঠেলিব নোৱাৰা, উলিয়াব নোৱাৰা কৰে; থিক তেনেদৰে কিছুমান কথাই ধুনৰ মনত খং আনে। এৰিস্টটল, প্লেটো, মাৰ্ক্স আদিলৈও তাৰ বৰ খং। এইবিলাক মানুহৰ কাৰনেই তাৰ নিচিনা ছাত্ৰৰ জীৱন বিষাদময়। চলমানৰ চিনেমাৰ ডায়লগ এবাৰতেই মুখস্ট হয়। কিন্তু এই মৰাশগুন কেইটাৰ পৰা?? খঙতে সি সুধিয়ে দিলে জীৱন চাৰক : চাৰ এই মানুহ কেইজনৰ কাম নাছিল নেকি? ইমান পঢ়া শুনা কিয় কৰিব লাগে? পঢ়িলেই বা জানিলেই হৈ গ'ল। তাক লিখিবনো কেলেই লাগিছে? যিখন কিতাপেই নোখোলো কিয়, অৰ্থনীতি, ৰাজনীতি, সমাজনীতি সকলোতে এই বুঢ়া কেইটা। প্ৰতিটো চেপ্টাৰতেই গোটেই কেইজনৰ এটা এটা সূত্ৰ। হ'ল বুলিনো ইমান সৰু মগজকেইটাত কিমান কিমান জোৰ দিব?

Comments
Post a Comment