অনুগল্প শৃংখল

অনুগল্প : (৩১) অকৃতজ্ঞ ল'ৰাটোৰ ভৰিখন ভাঙিল বুলিয়ে নহয়, উপযুক্ত চিকিৎসা সময়ত নাপালে সি জীৱনটোলে ঘুনীয়া হব বুলি আশংকা কৰিয়ে তন্ময়ে পৰিয়ালটিক সহায়ৰ হাত আগবঢ়ালে। হস্পিতাল আৰু দৰৱ পাতিলৈকে সকলোখিনিতে গা পাতি দায়িত্ব লোৱাৰ পিচত ঘৰখনৰ লগত তাৰ ঘনিস্থতা বাঢ়িছিল। তেতিয়ালৈকে তাৰ মনত কোনো ধৰনৰ লোভ বা স্বাৰ্থপূৰণৰ কথাই উকমুকনি দিয়া নাছিল। ল'ৰাটো ভালহৈ পৰাৰ ছমাহ মানলৈ সি সা-খৱৰ লৈ আছিল। কথাবোৰ পুৰনি হ'ব লওতেই এদিন সি লুনীমাক প্ৰথমবাৰৰ বাবে ঘৰত থব গৈছিল। তাকো ফুটগধুলিতে বৰষুনে গোমা বতৰটোৰ লগতে সন্ধিয়াটোও সোনকালেই আদৰি লোৱাৰ পৰিপ্ৰেক্ষিততহে। অন্য কোনো চিন্তা মনত নলৈ, ঘৰমুৱা হ'ব লওতেহে সি শুনা পালে আইতাকৰ গালিকেইটা : এনেয়েহে ভাল ল'ৰা বুলি ভাৱি আছিলো। আছল কথা সেইটোহে। গাভৰু ছোৱালী থকা ঘৰ দেখি মনতো পিচলি গ'ল। আমিহে ভগৱানৰ দূত বুলি সন্মানৰ চকুৰে চাই আছিলো। নৰকতো ঠাই নহব তাৰ নিচিনা কুকুৰ এটাৰ....।

Comments

Popular posts from this blog

তথ্য উদ্ধাৰ -১ শকাব্দ/ খ্ৰীষ্টাব্দ

অনুগল্প

মহা মহা পুৰুষৰ চানেকিৰে জীৱন (খ)