ফটাপুৰাণ : ডাক্টৰৰ ভূত
ফটাপুৰাণ : ডাক্টৰৰ ভূত
মাজুআবু মাজে সময়ে আহে। আহে মানে লগত কিবা কিবিও আনে। ঘৰৰ লাও কোমোৰা কি আছে মোনাটোত থাকিবই, লগতে আমি চানাচলি কেইটাৰ কাৰনে ৫০ পইচাৰ লুজন (আমাৰ ভাষাত চকলেট)। চাহ খাই উঠি মাক তৰকাৰী কাটিও দিয়ে। ভাতখাই উঠি সাধু শুনাই টোপনিও আনে। কিন্তু গধুলি নহওতেই গুছি যায়। ৰাতি নাথাকে। এবাৰ সুধিলো: আবু তইনো কে ৰাতি থাকবা নৰা? : বাপা কি কম, মোৰ বেমাৰ বহুত । ৰাতি আনৰ ঘৰত থাকলি গৃহস্থই অসুবিধা পাব পাৰে বুলি কাৰো ঘৰোত নাথকো। কিন্তু তই যদি ডাঙাৰ হৈ ডাক্টাৰ হব পাৰা, মই তোৰ ঘৰত ৰাতি থাকাকে আহিম দেহ। ইটে যাও। মাজুআবু যোৱাৰ পিছত মনত কথাটো লাগিল। হয়তো বেমাৰী মানুহ ডাক্টৰ নথকা ঘৰত কিয় থাকিব? ডাক্টৰ আতিৰ ঘৰত বহুত মানুহ থাকে। দিন ৰাতি ইমান মানুহ। ডাক্টৰ আতি বিল্ডীংঘৰ বান্ধি লব লগা হৈছে। মানুহ বিলাকক চেলাইন দিয়াৰ সুবিধা কৰি বিচনা আৰু বেঞ্চবিলাকো ৰাখিছে। যা হঁওক, ডাক্টৰ হবই লাগিব। কথাটো থিৰাং কৰিলো যদিও যেতিয়ালৈকে হাতি মেৰা সাথি ধুনক নকওঁ,তাত চিল মোহৰ নালাগেই। দুয়োটাই বহি ল'লো চম্পাফুলৰ মাটিৰ ওপৰত থকা ডাঙৰ শিপাটোৰ ওপৰত। ডালবোৰত উঠি বগুৱাবলে লোৱাৰ আগতে দুয়ো শিপাডালত বহি কথা পাতি লও। মই মাজুআবুৰ ইচ্ছাটোৰ কথা ক'লো। সি হয়ভৰ দিলে, ডাক্টৰৰ বহুত টকাও থাকে, চবে ভয়ো কৰে, সন্মানো কৰে। আমি ডাক্টৰ হোৱাটো ফাইনেল। তাৰপিচত বহুত কথা আলোচনা। কিহৰ ডাক্টৰ হম গৰুৰ নে মানুহৰ? ডাক্টৰক কিয় ভয় লাগে? বেজীটোৰ কাৰনে, দুয়ো একমত। সিদিনা দুলুৰ মাকক ঘৰত আহি বেজী দি থৈ গৈছে, তেঁও ককালৰ বিষ ভাল নোপোৱালৈকে সদায় বেজী দি থাকিব বুলি কৈছে। ধুনে ক'লে যে দুলুক সুধি সি এটা বেজী আনি থৈছে। মই ক'লো মোৰ ঘৰতো এটা পুৰনা বেজী আছে, দেউতাই আনি থোৱা মনত আছে। ডাক্টৰ হব লাগিলে ভালকে বেজী দিব নাজানিলে কাম নাই। যোৱাবাৰ জ্বৰ হওতে মোক যিটোহে বেজী দিছিল, তিনিদিন একেখিনি ঠাই ফুলি আছিল, বিষৰ কথাটো নকওৱেই, ধুনে ক'লে। : হয় কিন্তু বেজী দিব নাজানিলে ডাক্টৰৰ কিনো কাম? এটা কাম কৰো দে আমি যিহেতু ডাক্টৰ হমেই এতিয়াৰ পৰা বেজী দিয়াৰ প্ৰেক্টিচ কৰো ব'ল।ধুনেও কথাতো মানি ল'লে। কথামতে কাম । পিচদিনা আবেলি বেজী লৈ দুয়োজন বাগানত সোমালো, লগত এমগ পানী। বেজীটোত কেনেকে দৰৱ সুমুৱাব লাগে প্ৰেক্টিচ কৰিলো। তাৰপিচত বেজী দিয়া স্টেপটো। যিহেতু দুখ নোপোৱাকে কৰিব লাগে, বেজীটো কিমান জোৰত আৰু কোনটো কোনত ৰাখিব লাগে চব আমাৰ প্ৰেক্টিকেল ক্লাচত চলি থাকিল। এতিয়া কথা হ'ল বেজীটো কাক দিম? গোলাপ ফুলৰ নতুনকে ওলোৱা ডালিটো ধুনে আঙুলিয়াই দিলে। প্ৰায় এমাহ ট্ৰেইনিঙ চলিল। তাৰপিচত কথাতো আৰু গোপন হৈ ৰৱ নোৱাৰিলে। গোলাপৰ মৰহি যোৱা ডালিটো দেখি অগ্নিশৰ্মা পেহীয়ে পিঠিত যিটোহে ছৱি আকিলে, ডাক্টৰৰ ভূত কৰবাত পলাল।

Comments
Post a Comment