নতুন চিন্তা নতুন সংকলন -৩
নতুন চিন্তা, নতুন সংকলন :(৩) প্ৰকুখৰ প্ৰথম প্ৰেম
অকালপক্ক নামটো এনেয়ে পৰা নাই। লুকাই চুৰকে বিস্ময়ৰ পৃস্ঠা লুটিয়াই নিজকে ডাঙৰ হোৱা বুলি ভেম দেখুওৱাৰেই ফল। কিনয্তু প্ৰকুখৰ প্ৰতি সাংঘাটিক ঈৰ্ষা। সকলোৰে ব্যক্তিগত কথা ৰাজহুৱা কৰিব, তাৰোপৰি প্ৰেমৰ শতদল ফুলাই ভূমন্ডলকে প্ৰেমত ঘুৰাব!! ইয়োতো কম কথা নহয়! পিচে হ'লে কি হ'ব, ইমানতে শান্ত নাথাকি কিতাপো চপালে একে নামেৰে। অৱশ্যে বহুতৰে প্ৰেম কাহিনী পঢ়িলো । চবতকে ভাল লগা তিনিটা কাহিনী আছলতে মোৰ ভাল লগা কিয়দাংশ হ'ল, বিজয় শংকৰদেৱৰ চিলঙৰ প'লো ফীল্ডত প্ৰেয়ষীক লগ কৰাৰ কাহিনীটো, অনুৰাধা শৰ্মা পূজাৰীৰ সেই ভায়লিন বজোৱা প্ৰেমিক আৰু আকাশীতৰা মেডামৰ থ্ৰিলীং লাভস্টৰী। এইবোৰে ভালপোৱাক ভালপাবলে আৰু সন্মান কৰিবলৈ শিকাইছিল। মোৰ জীৱনত এনেকুৱা সাংঘাটিক প্ৰেম কাহিনী থকা ভালেকেইজন মানুহ লগ পাইছো। তাৰে এটা কাহিনী কঁও। নাম আৰু স্থান কল্পিত, কাহিনী সঁচা। প্ৰীতমে চয়ানিকাক ভালপাই স্কুলৰ দিনৰ পৰাই। অৱশ্যে দুয়োফালেই বতাহ বলিছিল। পিচে ইজনে সিজনৰ আগত কথাটো কবহে পৰা নাছিল। প্ৰীতমে মুম্বাইত চাকৰি পোৱা বুলি শুনি চয়ানিকাৰ বুকি কঁপিল। অৱশেষত কৈয়ে পেলালে। প্ৰীতমেও মানা কৰাৰ কথাই নাই। লেঠাটো লাগিল সিদিনাহে, যেতিয়া প্ৰীতমৰ ভায়েকে গৈ মাকৰ আগত আৰু চয়ানিকাৰ দাদাকে গৈ দেউতাকৰ আগত কৈ দিলে। মহাভাৰত আৰম্ভ। বুদ্ধিটো দিলে প্ৰীতমৰ বন্ধু নৱই। মুম্বাই যাবিয়েই যেতিয়া ছোৱালীকো লগত লৈ যা। ইফালে আমি চম্ভালিম। কথামতে কাম। গাড়ী এখন ভাড়া কৰি প্ৰীতমে চয়ানিকাৰ ঘৰৰ ওচৰৰে এঘৰৰ পদুলিত ৰখালে। বোলো সুধি চাম জীয়েকক দিবনে নাই, নিদিয়ে যদি টানি লৈ যাম। পিচে চয়ানিকাৰ ঘৰৰ ওচৰ পাই মানে বুকু ঢিপিং ঢিপিং। পদুলিৰ পৰা ছামিয়াণা। কথাটো কি। নৱৰ লগত সোমাই গ'ল প্ৰীতম। চয়ানিকাৰ ঘৰৰ মানুহো ৰখি আছিল। প্ৰীতমক ঘৰৰ ভিতৰলৈ টানি নিলে, দুজনে ধৰি চুৰীয়া পিন্ধাই হোমৰ গুৰিত বহুৱালে। ওচৰত কইনা সাজত তাৰ চয়ানিকা ।

Comments
Post a Comment