বিহুৰ বিৰিণা

বিহুৰ বিৰিণা
বিহু বুলি ক'লে মনত প্ৰথমে আহে ৰঙালী বিহু তাৰপিছতহে আন দুটা। তাৰ মাজতো দুইএটা ঘটনাই প্ৰতিবছৰে মন ঘোলাপানীৰ নিচিনা কৰি তোলে। কেইটোপালমান চতিয়াই দি চাওচোন।
(১) লেপ লেপ মানে ঠাণ্ডাত মুখ কাণ ঢাকিথোৱাখনৰ কথা কোৱা নাই| মুখ গাত সানি লোৱা বিধৰ কথাহে কৈছো। অইন বছৰৰ দৰে সেইবেলিও দোকমোকালিতে বিচনা এৰিলো। মাহ আৰু চাউলখিনিহে ৰাতিতে ভিজাই থৈছো, বাকীখিনিটো যোগাৰ কৰিবই আছে। হালধি এটুকুৰা হৈ যাব মুকুট দাৰ মাকে দিব। কঞাবনৰ শিপা-মূল, দুবৰীবন, আমৰ মল এইবোৰ বিচাৰি আনিব লাগে। ৰাতিপুৱা গৰুক গা নুধুৱা পৰ্যন্ত চাহকনো ভাগ্যত নিমিলে, গতিকে খৰধৰকে লাগি গ'লো। ঘৰখনত ২০ জনমান সদস্য, সকলোৰে কাৰনে জোৰা মিলিব লাগিব। কাজলগৌৰীটোহে বিচাৰি নাপালো। মুকুট দা আৰু সোনটি দাই ক'লে, তই পিহিব আৰম্ভ কৰ, আমিবোৰে আনি দিম। বিধে বিধে লেপ পটাখনত পিহি আছো, লগাইও আছো। দেউতাই পন্জিকা চাই কাগজ এখনত লিখি গৈছে কাৰ কিহেৰে স্নান আৰু স্নানৰ পিচত কি ভক্ষণ। ধামধুম কথামতে কাম। মুকুট দা আৰু সোনটি দাই মাজতে কাজলগৌৰি দি গ'ল। ধনক ক'লো, মই হালধিখিনি বটি লও মানে তই কাজলগৌৰীখিনিৰ বাকলি গুচা, পটকে পিচা যাব। সি দুটামানৰ বাকলি গুচাই ক'লে যে হাতখন খজুৱাইছে, আৰু নোৱাৰো কৰিব। মনৰ খঙটো মনতে ৰাখিলো, বিহুৰদিনা খঙ কৰিব নাপায় আৰু খঙত গালি পাৰিবও নাপায়, নহ'লে গোটেই বছৰটো তেনেকৈয়ে যাব। হালধি পিচা হ'লত কাজলগৌৰীত নিজেই হাত দিলো। বাকলি চেলাব লওতে খজুৱতি। তাৰ পিছত পটা পিচিথকাত খজুৱতি বাঢ়িল। ওচৰতে থকা ভাই ভনী আটায়ে খজুৱাই আছে। এটা সময়ত এজনীয়ে কান্দিব ল'লে। কান্দোন শুনি খুৰা আগবাঢ়ি আহিল। দেখিলে কথা বিষম। মই তেতিয়াও কস্টে মস্টে পিচা কামত লাগিয়ে আছো। মোক ক'লে তই যা দেউতাৰক মাতি আন। দেউতা আহি চিঞৰ বাখৰ লগালে, মাহঁতেও যৰ কাম তাতে এৰি বাল্টিত কে পানী আনি গৰুতকে আগতে আমাকে ধুৱালে, কিবা কে কান্দি কাতি অস্থিৰ হোৱা ভাইটি ভণ্টি চাৰিটাক দেউতাৰ স্কুটাৰত উঠাই লৈ গ'ল। মোক আৰু ধনক খুৰাৰ চাইকেলত তুলি লৈ গ'ল। যেতিয়া ডাক্টৰ ককাই নিজৰ গা ধোৱা ঘৰৰ পৰা উধাতু খাই দৌৰি আহি আমাক ৫-৬ ল'ৰা ছোৱালীক চাই বেজী দিব ক'লে, তেতিয়া আকৌ চিঞৰ বাখৰ দুগুন হ'ল। বিহুৰ দিনা পিঠাৰ মিঠাৰ জাগাত বেজীৰ খোচ কোনেনো খাব বিচাৰিব? এঘণ্টামানৰ মুৰত ঘৰ যেতিয়া পালোহি সৰু খুৰাই মুকুট দা আৰু সোনটি দাক ইতিমধ্যে এজাউৰি দিয়া বুলি গম পালো। আমাক সকলোকে শুবলৈ বিচনাত বগৰাই থৈ মাহত ওলায় গ'ল। দৰৱৰ নিচা আৰু দোৰোলা দোৰোল পৰা দেহাৰ চেকচেকনিৰ মাজতে শুনিলো সৰু খুৰাৰ চিৎকাৰ: আজি তহত দুটাই বিহু ভালকে পাতিলি। কাজলগৌৰী বুলি কচু আনি দিলি..... ######## (২) ভাষা বিভ্ৰাট কুইজ বুলি ক'লেই গা ভূতে পোৱাৰ দৰে হয়। নহবনো কিয়, কুইজত প্ৰথম হোৱা মানে বাহিৰা জগতৰ কথা জানা মানুহৰ লগত চিনাকী হব পৰা। গাঁৱৰ বিহু তলীত কুইজ প্ৰতিযোগিতাৰ বিজয়ী হোৱা মানে মুকলি সভাত গোটহোৱা সদৌটি ৰাইজক নমস্কাৰ জনায় বঁটা গ্ৰহণ কৰা। সেইবাৰ কোনোমতে কুইজত প্ৰথম হব পাৰি মনতো ভাল লাগি আছিল। বাগৰি অহা প্ৰশ্নকেইটা নহলে দিগদাৰেই আছিল। মুকলি সভা তিনি বজাৰপৰা আছে কাৰণে দুপৰীয়াৰ ভাত নাকে কাণে গুজি হ'লেও সময়তকে আগতে আহিলো। মুকলি সভা আৰম্ভ হ'ল, এজন এজনকে বক্তাসকলে কিবা কিবি ক'লে, কিন্চিৎ বুজিলো বাকীখিনি মুৰৰ ওপৰেদি গ'ল। শেষত আহিল বঁটা বিতৰণি অনুস্থান। নিজৰ নামটো কোৱাৰ আগতেই মঞ্চৰ কাষত থিয় দিলো, পাৰিলে এতিয়াই গৈ পুৰস্কাৰতো লম। অৱশেষত নামতো মাইকত ভাহি আহিল, কিন্তু উত্তেজনাত দেখোন হাত ভৰি নচলা অৱস্থা। বুকুৰ ধপধপনি নিজ কানেৰে শুনা পাইছো। থৰকবৰক খোজেৰে মঞ্চত থিয় হ'লো, এগৰাকী ভদ্ৰলোকে হাতত এটা কলম গুজি দিলে। মই নমস্কাৰ জনাই নামি আহিলো আৰু চিধাই ঘৰ পালোহি। মাক ক'লো এনেকে আৰু থগাব লাগেনে? সৰু ল'ৰা ছোৱালীক পুৰস্কাৰৰ নামত ডাঙৰবোৰে এনেকে ৰামথগন দিব নাপায়। সিহঁতে মোক বটা এখনহে দিব বুলি ভাবিছিলো, বঁটা বিতৰণি বুলি লিখি বটাৰ ঠাইত মোক কলম এটাহে দিলে বুলি হোৰাওৰাৱে কান্দিব লাগিলো। ০০০০০ (৩) বেপাৰী কিনো চাৱনীৰে চালা মোক ঐ/ দেহা শিৰশিৰাই গ'ল মইনাজান ঐ...... তোক দেখি মোৰ গা কেনেবা ... অসম দেশৰ বহুত বিষম কথা থাকিলেও কিন্তু বিহুনাম শুনিলে মনতো এবাৰ হ'লেও নাচি উঠে। বিহুৰ বতৰত অসমৰ বাহিৰত থকা সময়তো মাজৰাতি সাৰপাই এবাৰ অসমীয়া চেনেল কেইটা বিচাৰি খোচাৰি চাও, কিজানিবা কৰবাত বিহু ফাংচনত বিহু নাচি থকা দেখা পাওৱেই? আগদিনা ৰাতি জুবিনৰ বিহুৰ লাইভ চাই চাই টোপনি গৈছিলো যদিও পুৱাই কিনো চাৱনী গুনগুনাই গুনগুনাই চব কাম কৰিলো। অফিচলৈ যাও বুলি বাছত বহিলো। মনৰ ভিতৰত বিহুগীত তেতিয়াও বাজি আছে। অলপ ধুনীয়া ল'ৰা এজন আহি কাষৰ চিটটোত বহিলে। বিহুত মতলীয়া মন গতিকে মুখত মিচিকি হাঁহি এটাই লুকাভাকু খেলি আছিল। হঠাৎ ল'ৰাজনে ক'লে এক্ছকিউজ মি! ঘুৰি চালো ল'ৰাজনলে,মোৰ মুখত হাঁহিতো লাগিয়েই আছে। হয় কওকচোন, সহাৰি জনালো। : আপোনাৰ হাঁহিতো খুব ধুনীয়া। মনতো আৰু অলপ ভাল লাগিল। হওক তেঁও ৰাস্তাই পদুলীয়ে লগপোৱা মানুহেও মোৰ হাঁহিটো ভাল পালে। : ধন্যবাদ। : আপুনি বেয়া নাপাই যদি কথা এটা কও। মই সচেতন হৈ পৰিলো, হে হৰি ব্ৰাৰ স্ট্ৰাইপডাল দেখা হৈ আছে নেকি? কিবা হৈছে, সুধিলো। : আপোনাৰ হাঁহিটো খুবেই ধুনীয়া, কিন্তু আপোনাৰ দাঁতৰ গথনৰ বাবে সি প্ৰাণবন্ত হৈ নপৰে। এয়া মোৰ কাৰ্ড, ক্লিনিকলৈ আহিব, আপোনাৰ হাঁহিটো চমকাই দিম। ০০০০০০০০০

Comments

Popular posts from this blog

তথ্য উদ্ধাৰ -১ শকাব্দ/ খ্ৰীষ্টাব্দ

অনুগল্প

মহা মহা পুৰুষৰ চানেকিৰে জীৱন (খ)