ৰোমন্থন : ফীডবেক
কথাটো অলপ পুৰনা। মানে সেইবাৰ গাৱত ভ্ৰাম্যমান থিয়েটাৰ আৱাহন মাতিছিলে। যতীণ বৰা, সাগৰিকা গোস্বামি, চম্পক শৰ্মা , মিতালি শৰ্মা আৰু ধনীৰামৰ ধন সুৰজিত বৈশ্য ( নামতো ভালকে মনত নাই ) আছিল। নাটকো ভাল। ভৱেন্দ্ৰ নাথ শইকীয়া ছাৰৰ বৰ্ণমালা আৰু ৰম্যভূমি নাট আৰু আন দুখন নাটকৰ নাম মনত নাই। টামাম হিট। সকলোতে ভাল বিজনেচ কৰি ডিচেম্বৰ মাহ মানত আমাৰ গাৱত পৰিবেশন কৰিব আহিছিল। আৱাহন বুলি ক'লে মনতো এনেয়ে ভাল লাগে । তাতে যতীণ বৰা । সৰুৰে পৰা আমাৰ মনত তাৰকা অভিনেতা মানে যতীণ বৰাই। গতিকে আৰু মন মতলীয়া । কেতিয়া দেখিব পাম কেতিয়া পাম বুলি মনতো উচপিচাই আছে। স্কুলতো তাকেই আলোচনা।
অৱশেষত থিয়েটাৰ আৰম্ভ হ'ল। প্ৰথম দিনা বৰ্নমালা। সাগৰিকা গোস্বামী, কামকৰা ছোৱালী। তাইক পঢ়ুৱাবলে কৰা চেস্টা আৰ সংঘাতবোৰ চলিল। কোনোমতে যতীণ বৰাক দেখিলো। ভাল অভিনয়। মাত্ৰ এযোৰ কাপোৰ, মানে জিনচ আৰু টিচাৰ্ট পিন্ধিয়ে সামৰিলে। পিছদিনা নাটক কি আছিল মনত নাই, কিন্তু কাপোৰযোৰ একেই থাকিল। তৃতীয়দিনাৰ নাটক সকলো ভালৰ পৰা , কিন্তু কাপোৰযোৰ সিদিনাও সলনি নহ'ল।
নাটক শেষ হোৱাৰ পিছত দুজনীমান লগ হ'লো, যতীণ বৰাক লগ পাই চিনাকী হও বুলি। কথামতে কাম। স্টেজৰ পিচফালে, টেণ্টৰ বাহিৰ ফালে এখন কাৰ থোৱা আছে। ওচৰত এজন যুৱক থিয় হৈ আছে। ডিচেম্বৰ মাহ, ৰাতি চাগে এঘাৰৰ কম নহব। চাৰিওফালে কুঁৱলী। আমিও ৰৈ আছো, লগ কৰিহে ঘৰ যামগে আজি। যুৱকজনক সোধাত ক'লে, লগ কৰিব পাৰিম বুলি। দহ মিনিটমান ৰখাৰ পিছত তেখেত আহিল। মনত বহুত ফূৰ্তি। নম্ৰতাৰে তেখেতে নমস্কাৰ জনালে আৰু আমাৰ নামবোৰ সুধিলে। আমিও নিজৰ নামবোৰ কৈ গ'লো। তাৰ পিছত সুধিলে নাটক কেনে হৈছে বুলি। ফটা মুখ, কথাটো ওলায়ে গ'ল : নাটক ভালেই হৈছে। চবেই ভাল এক্টিং কৰিছে। মাথো আপুনিহে..... এজনীয়ে মৰা খোচটোত ৰৈ গ'লো
: মই ? মই কি?
: আপোনাৰ এনেকে কাপোৰেই নাইনে? তিনিদিন ধৰি এযোৰ কাপোৰেই পিন্ধি..... বাকীখিনি ক'বলে নাপালোৱে, লগৰবোৰে টানি লৈ আহিল তাৰ পৰা।
পিছদিনা ৰম্যভূমি। যতীণ বৰাৰ আটাইতকে ভাল অভিনয় আৰু কাপোৰো দুযোৰমানো সলালে। এয়াহে আছল তাৰকা। মুখৰ কোণত হাঁহি আমাৰ।
Comments
Post a Comment