অনুগল্পগুচ্ছ

(১৯) কৃতজ্ঞতা পুনেৰ পৰা মুম্বাই অভিমুখী ৰেলখনত বহি কিছুপৰ দীঘল দীঘল উশাহ ল'লে অন্তৰীক্ষাই। নিৰ্ধাৰিত সময়ত ৰেলখন এৰিছিল যদিওবা তাইহে ট্ৰেফিকত ফচি কোনোমতে ৫ মিনিট আগতে আহি পাইছিল। ইমানকে কোৱা সত্বেও ড্ৰাইভাৰজনে আৰু এজন যাত্ৰী তুলি অনাৰ ধান্দা কৰি তাইৰ পলম কৰাই দিলে। ৰন্জন গাঁওস্থিত ৱাছিং মচিন কোম্পানীটোত দুদিনীয়া কৰ্মশালা চলাই দিল্লীএক্চপ্ৰেছ খন ধৰো বুলি ওলায় অহা অন্তৰীক্ষাই ড্ৰাইভাৰজনৰ কৃপাত সেইখন ৰেল ধৰিব নোৱাৰিব গম পাই , পেচেন্জাৰখনত আদবাটতেই টিকট বুকিং কৰি লৈছিল। দিল্লীৰ ৰেলখন কল্যাণত এঘণ্টা ৰৈ থাকেমানে তাই গৈ পাব বুলি হিচাপ নিকাচ কৰি ড্ৰাইভাৰটোক পাৰেমানে গালি শুনালে। এইখনো কোনোমতে ধৰিবলৈ তাইযেন ভৰিত পাখিলগাই থৈছিল, প্লেটফৰ্মত দৌৰি থাকোতে তেনেকুৱাই ভাৱ হৈছিল। অৱশেষত চলন্তপ্ৰায় ৰেলখনত উঠি ভগৱানক চকুমুদি তিনিবাৰ হাতযোৰ কৰি ধন্যবাদ জনাই কোনোমতে উশাহ কেইটা ল'লে। ৰেলখন খড়কী স্টেচনত এৰেমানে আধাবটল মিনাৰেল পানীয়ে ডিঙিৰ লগতে মনতোও সজীৱ কৰিব লৈছিল। খড়কীৰ পৰা টলেগাঁওলৈ গোটেই পথটোত ৰেললাইনৰ দুয়োপাৰে খিলখিলাই হাঁহিথকা নাৰ্জীফুলৰ ৰং আৰু নয়নাভীৰাম দৃশ্যই মন পুলকিত কৰি তোলাত তাই আকৌ এবাৰ চকু মুদিলে, বীজৰোপন কৰা সেই অজ্ঞাত ব্যক্তিজনলৈ কৃতজ্ঞতাৰ ভাৱেৰে। ০০০০০০০ (২০) কঠুৱা ল'ৰা ছোৱালী দুটা ডাঙৰ হোৱাৰ পৰাই সমনীয়াৰ নিচিনা ব্যৱহাৰ কৰাস্বত্বেও ১৮ বছৰীয়া ৰীমি ফেচবুকত চিনাকী ল'ৰা এটাৰ লগত পলাই গ'ল। কথাটোৱে ভগৱান দাসক মনত আঘাট দিলে। কিংকৰ্তব্য বিমুৰ হৈ চাৰিআলিৰ গজেনৰ দোকানৰ ফালে পোনালে। গজেনৰ দোকানত ভগৱান, দিবাকৰ আৰু দেবেনৰ দৈনিক আদ্দা। একপ্ৰকাৰ যোৱা চাৰিটা দশকত চাৰি বন্ধুৱে জীৱনৰ প্ৰতিটো সুখ দুখ গজেনৰ দোকানৰ বেঞ্চত বহিয়ে উদযাপন কৰিছে। আজিও মনতো পাতলাবলে ভগৱান দাস গজেনৰ দোকান অভিমুখে আগবাঢ়িছে। ভৰিৰ তলুৱাত গৰম শিলগুটিৰ পৰশে অনুভৱ কৰালে যে জোতাৰ সলনি হাৱাই পিন্ধিয়ে তেওঁ খোজ দিছে। হঠাৎ উৎপতীয়া হাঁহিৰ খলকনি তেঁওৰ কাণত পৰিল, : আব্বে চা চা পলৰীয়া জীয়কক বিচাৰি ভগো বুঢ়া গৈছে : হয় দে বে, জীয়েকক চম্ভালিব নোৱাৰে, ইফালে আকৌ সমাজত বৰমুৰীয়া হয় বাকীখিনি শুনাৰ ধৈৰ্য্য নোহোৱা দাসে এইবাৰ খোজটো দীঘল দীঘল কে দিলে, সোনকালে ঘৰটো পাব লাগে। ০০০০০০০০০ (২১) সংগ্ৰহালয় / মিঊজিয়াম পুৰা পঁচিছ বছৰ পিছত বিহুৰ সময়ত ৰাজেন গাঁওৰ ঘৰ ওলালগে। ৰাজেন বিদেশত থকাই দহ বছৰ হ'ল, পুত্ৰ পৰিবাৰে তাৰ গাওঁৰ ঘৰখনত আমনি পাব বুলি জানিয়ে তাঁহাতক চহৰৰ সকলোতকে ভাল হোটেলখনত থকাৰ ব্যৱস্থা কৰি দি থৈ আহিছে। ৰুহী আৰু ৰং দুয়োজনে অনুভৱ কৰিব পৰা সকলোখিনি ব্যৱস্থা কৰি দিবলৈ মেনেজাৰজনক বাৰে বাৰে কৈ আহিছে যদিও যিমানওই গাঁওৰ ঘৰৰওচৰ চাপিছে মনতো বিষন্ন হৈ গৈ আছে। ৰাজৰ দহ বছৰ বয়সতেই অন্তিমবাৰৰ কাৰণে গাঁওৰ ঘৰলে আহিছিল। স্মৃতিবোৰ ধূসৰ হ'লেও সেউজীয়াৰ সমাহাৰখিনি তাৰ মনত থিকেই আছে। অভিযন্তা হিচাপে প্ৰথম চাকৰিত সোমাওতেও তাৰ গাত গাঁওৰ গোন্ধ আছে বুলি কবলে সি ভালপাইছিল। পিছে যোৱা দহ পোন্ধৰ বছৰে অৰ্থ আৰু সম্পত্তিৰ লালসাই তাৰ সকলো গোন্ধ নাইকীয়া কৰি পেলালে। আৰামচচ্চল জীৱনে তাৰ পেন্ট আৰু ছচমাৰ নম্বৰ বঢ়াই গৈ থাকিল। এইবাৰো এন. আৰ . চি . ৰ কামত নাহিলে নহয় কাৰণেহে আহিছে। ককাক নাই যদিও আইতাকে ঘৰটো ভালকেই সজাই পৰাই ৰাখিছে। নেটৱৰ্ক বিচাৰি বিচাৰি ৰাজ জুপুৰি এটাৰ ওচৰ পালে। সামান্য হেঁচাটেই দুৱাৰখনো খোলা গ'ল। ভিতৰ সোমাই তাৰ চকু অমৰাগুটি। পকি মজিয়াত তিনিটা ভাগত বস্তুবোৰ সজাই থোৱা আছে, সকলোতে এখন ঢাকোন, যাতে চাব পাৰে, চুব নোৱাৰে। ৰঙা জিপখন, চকা হেৰুওৱা চাইকেলখন, নাৰ্চাৰীৰ পৰা ক্লাছ ফ'ৰলৈ সি পঢ়া প্ৰতিখন কিতাপ আৰু কতযে কি? একেদৰে দেউতাক আৰু মাকৰ সামগ্ৰীবোৰ। গধুৰ টেবুলখনত এটা টোকাবহী, পাত লুটিয়াই গম পালে যে যোৱা পছিচ বছৰে আইতাকে তাঁহাতৰ স্মৃতিবোৰ লৈয়ে জীয়াই আছে। ০০০০০০০০০০ (২২) ৰূপ সৰুৰে পৰা মনময়ুৰীৰ পছন্দবোৰ অলপ বেলেগ আছিল। আন ছোৱালীয়ে যেতিয়া ফ্ৰক পিন্ধিছিল, তাই ভায়েকৰ পুৰনা জীনচ পেন্টতো পিন্ধিছিল। কোনোবাই ঈতিকিঙ কৰিলেও তাই ভ্ৰূক্ষেপেই নকৰিছিল। কাৰন তাই জানে যে ফ্ৰক পিন্ধি গছত উঠিবলৈ কিমান টান,গছত উঠি নিজে পকা আমকেইটা হস্তগত নকৰিলে আনে দান দিয়া আধাপোকে খোৱা আমকেইটাহে ভাগত পৰে। আন ছোৱালীয়ে ৰঙা লিপস্টিক আৰু কাজলবুলিয়া ওঠেৰে হিচাপ কৰি কৰি কথা কোৱা সময়তো তাই মিঠাতেল গা মুখত সানি বাহিৰ ওলাইছিল। সকলোৱে মুখ টিপি টিপি হাঁহিলেও তাই হালধীয়া, নীলা আৰু সেউজীয়া ৰঙৰ নেইলপলিচহে লগাইছিল। তাইৰ কাণ্ড কাৰখানাই মাকৰ প্ৰেচাৰহে বঢ়াইছিল যদিও তাই কথাবোৰ গাত পাতি লোৱা নাছিল। অভিষেকৰ লগত বিয়াৰ পিচত যেতিয়া গুড়গাঁওত থাকিব লগা হৈছিল, তেতিয়াহে তাই অনুভৱ কৰিব পাৰিছিল, কিয় ভগৱানে তাইক এনেকুৱা স্বভাৱবোৰ দিছিল। মনত বিশ্বাসলৈয়ে তাই ফেচন জগতত সৱল খোজ দিবলৈ আগবাঢ়িল। ০০০০০০০

Comments

Popular posts from this blog

তথ্য উদ্ধাৰ -১ শকাব্দ/ খ্ৰীষ্টাব্দ

অনুগল্প

মহা মহা পুৰুষৰ চানেকিৰে জীৱন (খ)