গল্প 9 :: খোজ
গল্প :: খোজ
আইনাৰ সন্মুখত বহি লাহে লাহে মুৰটো আছুৰিলে নীলাক্ষীয়ে। মুখত ক্ৰিম অকন বুলাই সেন্দুৰৰ আঁকটো দিলে। সৌৰভীৰ মাত শুনি ওলায় আহিল তাই। স্কুললৈ যাব ওলাইছে সৌৰভী। টিফিনৰ পৰা আৰম্ভ কৰি পেন্সিলডাললৈকে চব মাকেই যতনাই দিব লাগে তাইক। তাই ওলায় নোযোৱালৈকে নীলাক্ষীৰো আজৰি নাই। কিযে হব এই ছোৱালীজনীৰ বুলি ভাবোতেই মুখত হাঁহি এটাহে বিৰিঙি গ'ল নীলাৰ। জান আৰু নীলা একেখন নৱোদয়তে পঢ়া। বাল্য বন্ধু, শক্তিশালী প্ৰতিপক্ষ আৰু নিৱিড়তম সংগী। প্ৰতিটো পৰীক্ষাতেই দুয়োৰে প্ৰতিযোগিতা। নেচনেল টেনিচত ভাগ লবলৈ জান অকলে যেতিয়া হিমাচল যাব লগা হ'ল তেতিয়াহে সি অনুভৱ কৰিলে, নীলাৰ সাহচৰ্য্য। ৰিজনেল খেলিবলৈ ডিমাপুৰলৈ যোৱা নীলায়ো অনুভৱ কৰিলে একেই ৰিক্ততা। ৰঙা কৃষ্ণচূড়াডালৰ তলত সৰি পৰা প্ৰতিটো ফুলতেই যেন নীলাই লিখি দিব জানৰ নাম! সময় দুয়োজনে নল'লে। টুৱেল্ভৰ ফাইনেল পৰীক্ষা মানেই যে দুৰত্বৰ অঘোষিত দেৱাল বুজি পাইছিল জানে। স্কুল এৰাৰ আগতেই সি প্ৰতিশ্ৰুতি দিছিল, আজীৱন তাইৰ হৈয়ে থকাৰ। কলেজ হোস্টেল খোলা আছিল যদিও দেৱালী বুলি নীলা ঘৰলৈ আহিছে। মনতো বহুত ৰঙীয়াল। নহ'বনো কিয়, জানৰ সপোন পূৰণ হ'ল। ভাৰতীয় বায়ুসেনাৰ অংগ হ'বলৈ সৰুৰে পৰা দেখা সপোনটোৱে যেন পাখি মেলিলে। নীলা ঘৰলৈ আহিল মানে ঘৰত কথা শুনাই থব লাগিবতো। তাই অহাত মাকেহে বৰ এটা ভাল পোৱা নাই। যোৱা দুমাহে আৰ্মিৰ সঘন আহ যাহ চলিছে। গাৱৰ ভালেকেইজন ল'ৰাই হাতত বন্দুক লোৱা কথাটো আৰ্মিৰ মুখৰ পৰাই সদৰি হৈছে। মাকে জোৰ কৰা স্বত্বেও নীলা হোস্টেললৈ গুচি নগ'ল। এই সময়ত তাই ঘুৰি যাব নোৱাৰে। জানে তাইক হোস্টেলত বিচাৰি আহিব বুলি তাই জানে। কিন্তু তাই তাক লুকুৱাব নোৱাৰে। তাই মিছাও মাতিব নোৱাৰে। নাই নোৱাৰে তাই। দেৱালীৰ ৰাতিয়েই জ্বলি যোৱা তাইৰ বুকুৰ মৰম আৰু অপৱিত্ৰ দেহটোৰ কথা জানৰ আগত সদৰী কৰিবলৈ। লেটাৰ বক্সটো দিনে চাৰিবাৰ খুচৰিও জান অশান্ত হৈয়ে ৰ'ল। তাৰ নামত এখনো চিঠি নাই। যোৱা ছয় মাহত নীলাৰ এখনো চিঠি নাই। কি হৈছে তাইৰ? নাই আৰু বেলেগ ভৱাৰ সাদস তাৰ নাই। বেৰেকত আহি দীঘলকে বাগৰি দিলে সি। নৱোদয়ৰ দিনবোৰ তাৰ চকুৰ আগত ভাহি উঠিল। সেমেকা গধুলিটোত বিষন্ন মনটোক অলপ শান্ত কৰিবলৈয়ে সি ওলায় আহিল ওচৰৰ টেলিফোন বুথটোলৈ। এচ. টি. ডি ফোন কৰিবলৈ সি অলপ দুৰত আহিব লাগে। তাহাতৰ ট্ৰেইনিঙ চেন্টাৰৰ ওচৰতে থকা বুথটোত লোকেল ফোনহে কৰিব পাৰি। যোৱা দুবছৰত সি বুজি উঠিছে কোনটো সময়ত বুথটোত ভীৰ থাকে আৰু কোনটোত নাথাকে। বুথটোৰ বাহিৰত থিয় হৈ দেখিলে মালিকজন ইফালে সিফালে ঘুৰি আছে। ভিতৰত ছোৱালী এজনীয়ে নিজৰ ভাষাত চিঁঞৰি চিঁঞৰি কথা পাতিছে। ডিচপ্লেখনত চকু পৰিল, এঘণ্টা বিচ মিনিট আৰু বিল হয়তো পাঁচশৰ ঘৰ কেতিয়াবাই পাৰ হৈ গৈছে। ঈংগিতেৰে সি মালিকজনক সুধিলে কিমান দেৰি লাগিব বুলি। সিও অলপ দেৰি বুলি কৈ নিজৰ কামত মগ্ন হ'ল। প্ৰায় আধাঘণ্টা মান পিচত ছোৱালীজনী বুথটোৰ পৰা ওলাল। কান্দি কান্দি ইতিমধ্যে চকুৰ কাজলখিনি আহি তাইৰ গালখনৰ এভাগ কজলা কৰিয়েই পেলাইছে। তাইক ৰাস্তা এৰি দি জান বুথটোৰ ভিতৰত সোমাল। দুবাৰমান ফোন কৰাৰ পিচত হোস্টেলত লাইনটো লাগিল। নীলা নাই বুলি গম পাই সি তাইৰ ৰুমমেট স্নিগ্ধাক বিচাৰিলে। তাইৰ পৰা খৱৰ বাতৰি লৈ সি ফোনটো থৈ দিলে। সি ওলাই আহে মানে ছোৱালীজনী বিল দি উঠিছে। পিচে বহুত দেৰি কান্দি থকা বাবেই চাগে তাইৰ ৰৈ ৰৈ হিকটি এটা আহি আছে। দোকানীজনে তাইক পানী অলপ খাবলৈ দিছে। নিজৰ বিলটো পৰিশোধ কৰি জান ওলায় আহিল। ছোৱালীজনীয়ে তাক মাত দিলে এক্সকিউজ মি। আগুৱাব ধৰা ভৰিখন সি পিছুৱাই আনি তাইক উদ্দেশ্যি ক'লে, ইয়েচ প্লিজ। আছলতে তাই বিল দিয়াৰ পিচত হাতত মাত্ৰ খুচুৰা দহ টকা এটাহে ৰ'লগে। তাৰপৰা নাতিদূৰত থকা এ. টি.এম. টোত টকা নাই। হোস্টেল ঘুৰি যাবলৈ তাইক পাঁচটকা এটা আৰু লাগে। সেয়েহে তাই সহায় বিচাৰিলে। নিজৰ জেপটো খুচৰি সিও পাঁচটকীয়া নগদ এটা পাই তাকে আগবঢ়ালে। তাই প্ৰায় এশটামান ধন্যবাদ জনাই ৰিক্সাখন ধৰিবলৈ দৌৰি গ'ল। ৰিক্সাখনৰ ওচৰ পাই তাই তাক দেখা নাপাই দুখোজ পিছুৱাই আহিছিল বাই বুলি চিঁঞৰি হাতখন লৰাবলৈ। কিন্তু এয়া কি ? ভৰিখনে সন্তুলন ৰাখিব নোৱাৰি বাগৰি পৰিল তাই! পিচফালৰ পৰা অহা তীব্ৰবেগি টেক্সিখনেও সন্তুলন ৰাখিব নোৱাৰিলে। বিকট চিঞৰটো দেখোন তাৰ ডিঙিটেই লাগি ধৰিল। সহজ হ'বলৈ অৱশ্যে জানক অলপ সময় লাগিল। সি জানে নীলা নিশ্চয় কোনোবা গভীৰ ষড়যন্ত্ৰ বা সমস্যাৰ চিকাৰ হৈছে। নহ'লেনো পৰীক্ষাৰ এমাহ আগত হোস্টেল এৰি দিয়েনে। বয়বস্তু নিবলৈ নিজে নাহি মাকক পঠাইনে। নাই নিশ্চয় কেৰোণটো সি ভবাতকে বেচি ডাঙৰ। ঘৰত দুদিন উচপিচাই থাকি সি অৱশেষত সিদ্ধান্ত লৈ পেলালে। মাক দেউতাককো পোস্টিঙৰ বাবে ধাৰাখণ্ডত যাব লাগিব বুলি খৱৰটো দিলে। সৰু সৰু তিনিটা পাহাৰ। মাজতে দুটা হ্ৰদ। হ্ৰদ দুটাৰ মধ্যৱৰ্তী খণ্ডত চৰকাৰী বজাৰখন আৰু মন্দিৰটোৰ সংলগ্ন পাৰ্ক দুখন। হ্ৰদ দুটাত বোটিং কৰিবলৈ কেইখনমান নাঁও। জন্জাল বুলিবলৈ মাথো ভাষাটো। ইয়াত অহাৰ পৰা নীলাৰ নিজকে বেঙাযেনেই লগা হৈছে। কোনেও তাইৰ ভাষা নুবুজে। ইংৰাজী, হিন্দী দুয়োটা ভাষাতেই তাই সংযোগ স্থাপন কৰিব নোৱাৰে। অসমীয়া ভাষাৰটো কথাই নাহে ইয়াতে। কেিতয়াবা সাংকেতিক ভাষাৰে তাই কিবা কিবি কয়। এবাৰ দুবাৰ সফল হোৱাত নিজক বিৰাট ভাগ্যৱতী বুলি অনুভৱ কৰিছিল তাই। পিচে সৌভাগ্য সদায় নিমিলে। নিজৰ প্ৰয়োজনীয়খিনি নিজেই বাচি লৈ তাই টকাখিনিও ডাঙৰ নোটেই দিব লগা হয়। এশ টকাৰ নোটখন দিলে যি ঘুৰাই দিয়ে তাই তাকেই লৈ ঘুৰি আহে। কি কৰিবনো? বেচিকে ল'লে নে কমকে ল'লে সুধি লাভ নাই, যি উত্তৰ দিব সেয়া তাইৰ বোধগম্য নহয়। বজাৰৰ বেগতোৰ বস্তুখিনি থান থিত লগাই মানে জান আহি পালেহি। চাহকাপটো হাতত লৈ জানে ভাৱিলে, যোৱা দুমাহত সিহঁত দুটাই কমখনটো নেদেখিলে। কিযে হ'ব। একপ্ৰকাৰ নিজকে বন্দী কৰি লোৱা নীলাৰ ঘৰত উপস্থিত হৈ সি নিজকেই পাহৰি গৈছিল। সুন্দৰ ঘৰটোৰ আগত মেখেলা ছাদৰ পিন্ধি নীলাই যিবিলাক ফটো তাক দিছিল, সেই ঘৰটোৰ এফাল পুৰি গৈছিল। গ্ৰেনেদৰ ধোৱাই নীলাৰ ঘৰখনৰ লগতে দেউতাককো ছাই কৰি পেলাইছিল। বৰ্বৰ আৰ্মিজোৱানৰ কলংকিত ভ্ৰূণ নীলাৰ পেটত । ভাবিবলৈ আৰু জানৰ একো নাছিল। গাৱৰ ৰাইজক মাতি আনি সিদিনা গধুলিতেই সি হোম পুৰি নীলাৰ শিৰত নিজৰ নাম লিখি দিছিল। তাৰ মাকৰ চকুপানী আৰু দেউতাকৰ অভিমানত ফুলি উঠা মুখখন ইচ্ছা কৰিয়েই অৱজ্ঞা কৰি সিদিনা সি ৰেলত উঠিছিল ধাৰাখণ্ড অভিমুখে। নীলাৰ মাকৰ তীব্ৰ অনিচ্ছা স্বত্বেও সি জোৰ দিছিল তাহাতৰ সংসাৰখনত যোগ দিবলৈ। খোজবোৰ লাহে ধীৰে দি হ'লেও নীলা আৰু জানৰ সময়বোৰ সুগন্ধিত কৰি তুলিবলৈ আহিছিল সৌৰভীয়ে। তাই জানে মাক দেউতাক তাইৰ প্ৰতিটো খোজৰ প্ৰতি সতৰ্ক সজাগ। ফাইটাৰ প্লেনখনৰ ককপিটত বহি তাই ভালকে ৱেল্টডাল মাৰি ল'লে। ৰাণৱে গতি লোৱাৰ মুহূৰ্তত এবাৰ ইস্ট দেৱতাৰ লগতে মাক দেউতাকৰ ছৱিও মনত পেলালে তাই। কৰ্নেল জানৰ কন্যাই অকল খোজেই নাকাঢ়ে , আকাশত উৰিবও। থুপি থুপি মেঘৰ মাজেৰে তাইৰ ফাইটাৰ প্লেনখন উৰ্ধমুখী হ'ল।

Comments
Post a Comment