গল্প ২ : নকঁও
গল্প : নকঁও
নাই , এইবিলাক কথা আনক নকঁও, কব নালাগে। পিচে ফটামুখ। পিছলিবই। হওতে বোলো আমাৰ ডেকা তেজত পিৰপিৰনি এতিয়াও মাৰ যোৱা নাই। দৃস্টি ধূসৰ হ'লেও মানুহৰ গুণ বুজাত অসুবিধা নহয়। অৱশ্যে মই দেখা গুণবোৰ আনৰ দৃস্টিত বা কেনেকে প্ৰতিভাষিত হয়? এই ধৰক মগজু প্ৰখৰ বুদ্ধিত তীখৰ ভব্যদ্যুতিৰ কথাই কও। তাৰ নিচিনা ল'ৰা ভাগ্যৰ বলতহে ঘনকান্তৰ কপালত মিলিল বুলি সকলোৱে কয়। দেখাই -শুনাই , কথাই- বতৰাই ভব্যদ্যুতি সাইলাখ দেৱশিশু। তাৰ দোপত দোপত দোপে উন্নতিও হৈছে। পঢ়া শুনা সামৰি কৰবাত কামত সোমোৱা বুলিও দুই একে কয়। যা হওক এনেকুৱা ল'ৰাৰ উন্নতি হ'লে মনতো শাঁত পৰে। পিচে তাৰ উন্নতিও মাহিলী পেকটোৰ দৰেই। আজিৰ পৰা কেইবছৰমান আগলৈটো মাহ বুলিলে আমি ত্ৰিচ দিনেই বুলি বিশ্বাস কৰিছিলো। পিচে ম'বাইল কোম্পানী আৰু টিভিৰ কোম্পানী কেইটাইহে চকু একেবাৰে মেল খুৱাই দিলে। মাহিলী পেক মানে ২৮ দিন? হেৰৌ ফেব্ৰুৱাৰী মাহ যে বছৰটো ধৰি চলে আমিযে নাজানিছিলোৱেই। সেই ম'বাইল কোম্পানী কেইটাই হে এই জ্ঞান দি উদ্ধাৰ কৰিলে। ভব্যদ্যুতিৰো অৱস্থা সেই মাহেকীয়া পেকটোৰ দৰেই। তাৰ নিচিনা ল'ৰাই ডক্টৰেট ডিগ্ৰী লোৱাটো আমাৰ অঞ্চলটোৰ বাবেই গৌৰৱৰ কথা। হেৰ' তাৰ জন্মৰ সময়ত গাঁৱখনত শিক্ষিত মানুহ আছিল আঙুলিৰ মুৰত লেখিব পৰা। আজিৰ দিনটো মেট্ৰিকৰ দেওনা পাৰ কৰা মানুহ ষাঠী শতাংশহে। সেয়ে তাৰ সফলতা আমাৰ চকুত বহুত বেচি ওপৰত। সিদিনা ৰজনীয়েহে ক'লে, ভব্যদ্যুতি ল'ৰাটো ভাল, অমায়িক। কিন্তু তাৰ নিচিনা ল'ৰাৰ তাত মই জোৎস্নাক গটাব নোৱাৰো নহয়। জোৎস্না সৰু হৈ আছে। তাই অনুভৱ কৰা নাই জীৱনৰ খলাবমাবোৰ। সি ডক্টৰেট ডিগ্ৰীটো লোৱাৰ ফলত তাক কোনেও চাকৰি নিদিয়ে, ভাল সুবিধা পালেই চাকৰি এৰি দিব বুলি। চৰকাৰী কলেজত ঠিকাভিত্তিত কাম কৰি সি পোৱা টকাৰে ঘৰ চলাবলৈয়ে নোজোৰে। মোৰ ছোৱালী সুখত উঠা। তাইক মই গীৰিনৰ তাতে বিয়া দিম। ব্লকত কাম কৰে। বাহিৰা পইচাও আছে। বি.এ. পাছ। হৈ যাব দিয়ক। পঢ়া শুনা কৰি নিজৰ পেট ভৰাবই নোৱাৰে তেন্তে সেই শিক্ষাৰনো মূল্য কি? সেই কাৰনেই মই কথাবোৰ নকঁও। কৈনো কি লাভ? মোৰ দৃস্টিত উপযুক্ট ল'ৰটোৰ কথা আনৰ দৃস্টিত ইমান তলখাপৰ? পিচে ভাবি বা কৈ লাভ নাই, নকঁও।

Comments
Post a Comment