অনুগল্প : ৫৪ ফেন


অকন বৰাৰ ঘৰৰ বাৰাণ্ডাত বহি ধীৰাই ভাৱিছে। ভাৱিচে মানে ভাৱিবলৈ বাধ্য হৈছে। কি কৰিবনো? এৰি যোৱাই ভাল। ধৰি থকা কাৰনেহে অসুবিধাখিনি আহিছে। অকন- মালা নিৱাসৰ চাৱিটো তাইৰ হাতত দি সন্দিপন গুচি গৈছিল। তাৰ চাকৰি তিনি বছৰৰ মুৰে মুৰে বদলি। মাক দেউতাকৰ কস্টৰ মূল্য সি বুজে কাৰনে ঘৰটো ৰাখি থলে। ঘূণ আৰু ধুলিৰ প্ৰকোপৰ পৰা বচাবৰ কাৰনেও ঘৰটোত মানুহ থকাটো জৰুৰী আছিল। সেই সময়তেই ধীৰা ওলাইছিলহি তাৰ নিৱাসত । দেউতাকৰ গাৱৰ কাৰনেই সি তাইক বিশ্বাসত লৈছিল। সন্দিপনৰ বিশ্বাসো ধীৰাই ৰাখিছিল। নহ'লেনো ঘৰটোত থাকিবলৈ লোৱাৰ পৰাই মনত সন্দিপনৰ লগত ঘৰ কৰাৰ হেপাহ তাইৰ মনত শিপাইনে? নাপাহৰিবা বুলি ধীৰাক অনুৰোধ কৰা সন্দিপনে নিজেই পাহৰিছিল। অদ্ৰিজাৰ লগত তাৰ সংসাৰখনো থিকেই আছিল। যাযাৱৰী জীৱনটো অদ্ৰিজাই আৱৰি ধৰিছিল স্নেহ ফল্গু হৈ। সকলোৱে হাঁহিছিল। কোনোৱে সৎচিন্তাৰে , কোনোৱে অন্যভাৱধাৰাৰে। কিয় জানো সন্দিপনৰ বিশ্বাসী চকু দুটাক অৱহেলা কৰিব নোৱাৰিলে তাই? যৌৱনৰ অকলশৰীয়া ৰাতিবোৰ তাই নিসংগতাৰেই পাৰ কৰিবলৈ সাহস কৰিলে। এদিন এনেকৈৱে ৰূপোৱালি হব ধৰা চুলিখিনিত ৰং লগাৱ লৈছিল তাই। সন্দিপনৰ অন্তিমটো ফোন আহিছিল পুৱা। ঘৰটো আৰু ৰাখিব নোৱাৰি, গ্ৰাহক ওলাইছে। নিজৰ বস্তুখিনিৰ লগতে মনটোও বান্ধিছে ধীৰাই। অকন - মালা নিৱাস তাইৰ কোনোদিনেই নাছিল। নিজৰ বুলি ভবাটো তাইৰ ভুল আছিল। বৃদ্ধা আশ্ৰমৰ মানুহজন আহি তাইক গাড়ীত বস্তু উঠোৱাত সহায় কৰি দিলে। অকন - মালা নিৱাসৰ বাৰাণ্ডাখনত অন্তিমটো সেৱা জনাই ধীৰা আশ্ৰমৰ গাড়ীত বহিলগৈ।

Comments

Popular posts from this blog

তথ্য উদ্ধাৰ -১ শকাব্দ/ খ্ৰীষ্টাব্দ

অনুগল্প

মহা মহা পুৰুষৰ চানেকিৰে জীৱন (খ)