অনুগল্প ঃ ৫৫ এডভাঞ্চড

অনুগল্প ঃ ৫৫ এডভাঞ্চড

ডলিক লৈ নবীন বৰ্মনৰ সকলো চিন্তাই আগবঢ়া৷ আচলতে আনে যেতিয়া পুত্ৰ সন্তানৰ নামত চাকি
জ্বলাই সেৱা জনাইছিল নবীন বৰ্মনে নিজৰ ডাঙৰ মনটোৰ পৰিচয় হিচাপে এটা সুস্থ সৱল সন্তানহে
বিচাৰিছিল৷ ডলিও ডাক্টৰে দিয়া তাৰিখৰ আগতেই আহিল, প্ৰি মেচিউৰ বেৱী৷ অলপ দিনৰ পিচতে ডলি
ডাঙৰ হ'ল, সকলো কথা কামত আগবঢ়া৷ বাপেকৰ ইচ্ছা অনুসাৰেই এডভাঞ্চড কোৰ্চ পঢ়িবলৈ তাই ২০
বছৰ বয়সতে বিদেশলৈও গ' ল৷ তাৰপিচত আৰু কি? ডলি বৰ্মন গুচি বৰ্মা হ'ল, কাপোৰৰ আকৃতি-
আকাৰো এডভাঞ্চড হ'ল৷ মানুহ যুগৰ মতে চলিব লাগে বুলি বৰ্মনেও সন্তোষ ল'লে৷ 

পাছ বছৰৰ মুৰত ডলি ঘৰলৈ ঘূৰি আহিছে৷ বৰ্মনে পাৰ্যমানে তাইৰ প্ৰিয় খাদ্য কলডিল, বাহৰ গাজ, 
ঢেকীয়াঁ শাক আদি জোগাৰ কৰি ফ্ৰীজটো ভৰাইছে হে ভৰাইছে৷ ৰাতি ভাগৰ লগা বুলি ডলি এটা আপেল
খাই শুই থাকিল৷ পিচদিনা পুৱা মাকে সাতবাৰমান মতাৰ পিচতহে ডলি আহি ডায়নিঙ টেবুল পালেহি৷ 
কাপোৰৰ নামত ডাঙৰ টাৱেলখন মেৰিয়াই ডায়নিঙত বহা ডলিক ভাত-দাইল, সৰু আলুভাজি আৰু কণীৰে
ভজা ঢেকীয়াঁ সৰহকে দি মাক নিজেও খাবলৈ বহিব লঁওতেহে লাগিল গন্দগোলটো৷ ব্ৰেকফাষ্ট বুলি
এইগাল খাব নোৱাৰো, ডাডি, অৰ্ডাৰ এ পিজ্জা বুলি ডলি উঠি গ'ল৷ বৰ্মনে মন কৰিলে তাই কেনজাতীয়
বস্তু এটাৰ পৰা কিবা পানীয় গলাধকৰণ কৰিছে, হয়তো বীয়েৰ৷ 

Comments

Popular posts from this blog

তথ্য উদ্ধাৰ -১ শকাব্দ/ খ্ৰীষ্টাব্দ

অনুগল্প

মহা মহা পুৰুষৰ চানেকিৰে জীৱন (খ)