প্ৰসং গ : স্বাধীনতাৰ ডুখৰীয়া - বুকুৰ তেজেৰে লিখা গান মোৰ

স্বাধীনতাৰ ডুখৰীয়া : বুকুৰ তেজেৰে লিখা গান মোৰ

অনুভৱ আৰু অভিজ্ঞতা এই দুবিধ উপাদান অবিহনে চাগে জীৱন বৃথা। আমাৰ শৈশৱ পাৰ হৈছে আলফাৰ স্বাধীন অসমৰ সপোনৰ নামত বাৰুদৰ ধোৱা তেজেৰে লুতুৰি পুতুৰি দিনবোৰেৰে। অৰ্থাৎ বন্দে মাতৰম বা জনগনমনৰে আমাৰ বুকু ফুলি উঠিবলৈ, তিনিবৰণীয়া জাতীয় পতাকাখন মুৰৰ ওপৰত উৰিবলৈ বহু দিনলৈ পোৱা নাছিল। তাৰোপৰি কাৰেন্ট নথকাৰ অজুহাতত দূৰদৰ্শনত লালকিল্লাৰ পৰা হোৱা চিধা সম্প্ৰচাৰো দেখিবলৈ সৌভাগ্য নহৈছিল। পিছদিনাৰ বাতৰি কাকতত অহা পতাকা উত্তোলনৰ দৃশ্যৰ চাই ভাৱিছিলো স্বাধীনতা উদযাপণ জাতীয় কথাবোৰ ডাঙৰ মানুহৰ কথা। এবাৰ বন্ধ বুলি পুৱাই স্কুল যোৱাৰ সলনি কিবা কিবি কামত লাগি থাকোতে শুনিলো পদূলিৰপৰা কোনোবাই মাতি আছে। ওলাই গৈ দেখিলো হেডছাৰৰ লগত দুজন আৰ্মি জোৱান। দৌৰাদৌৰিকৈ স্কুল পালোগৈ। প্ৰায় দহ বাৰজন জোৱানৰ কটকটীয়া নিৰাপত্তাৰ মাজত চাৰে পতাকা নীলা আকাশৰ মাজত তিৰংগা উৰোৱালে আৰু আমিও গালো জন গন মন। সপ্তম শ্ৰেণীত পঢ়িলো স্বদেশপ্ৰেম শীৰ্ষক কবিতা। ৰন্ধ্ৰে ৰন্ধ্ৰে বিয়পিল দেশপ্ৰেম। তাৰপিছত " বিষ্ণুৰাভা এতিয়া কিমান ৰাতি? "বুলি কিমানবাৰ আওৰালো মনত নাই। শক্তিপুত্ৰ মই, ভক্তি বুকুত লৈ অৰ্জুন হৈ গাণ্ডীৱ চলাব নোৱাৰিলেও দেশপ্ৰেমৰ ৰং গাঢ় হৈ হ'ল। বুজিলো কিহৰ তাড়ণাত কনকলতাই চৈধ্য বছৰ বয়সতে নিজক বিসৰ্জন দিব পাৰিছিল। জয়মতীৰ ত্যাগ, মূলাৰ তেজৰ মূল্য হয়তো অনুভৱ কৰিব পাৰিছিলো। আৰু সময় নালাগিল। কাৰ্গিল। দেশ, মাটি আৰু নিজৰ অস্তিত্বৰ সৌধ কি অনুভৱ কৰিব ল'লো। দিনে ৰাতিয়ে প্ৰাৰ্থণা কৰিলো শ্বহীদৰ নম্বৰ বাঢ়িব নালাগে দেই ভগৱান বুলি। পতাকা তুলি ঘৰ ওভটিব পৰা হ'লো যদিও মন গ'লেও অন্য সুবিধাবোৰ লব পৰা নাছিলো। পুনেত যেতিয়া স্বাধীনতা দিৱস বুলি ৰাজপথত কোনোবাই হাতত পতাকা গুজি দিছিল আৰু সকলো দোকান পোহাৰত হেভী ডিস্কাউন্ট দিয়া দেখিছিলো তেতিয়া ভাৱ হৈছিল, আমিবোৰ কিমান দুৰত আছো। আজিৰ পৰিস্থিতি বহুগুনে উন্নত। ৰাইজে ভয়তে ঘৰত সোমোৱা বাদ দি লাহেধীৰে হ'লেও উদযাপন কৰিব লৈছে। তাৰমাজতো উঠি অহা চাম আছে যিয়ে পুৱা সাত বজাত উঠি পতাকা তোলাতকৈ ৰাতি তিনিবজালৈ স্মাৰ্টফ'নত গেম খেলি বা চিনেমা চাই সময় কটাবলৈ ভাল পায়। আমি নোপোৱাৰ কস্ট পাইছিলো আৰু এঁওলোকৰ পোৱা খিনিৰ প্ৰতি শ্ৰদ্ধা নাই বা নকৰে। এনেকুৱা এটা ভৱিষ্যতলৈ আমি কিমান দূৰ যাব পাৰিম? আমাৰ কাৰনে ত্যাগ কৰা মুক্তিযোদ্ধা সকলক আমি কি মূল্য দিলো? আমাৰ কাৰনে চিয়াচেনৰ শীতত থিয় হৈ থকা সেই সৈনিক কেইজনলৈ আমাৰ কি শ্ৰদ্ধা বা সন্মান জনাইছো? নাই, একেষাৰে কবলৈ গ'লে আমিবোৰ অকৃতজ্ঞ। নহ'লেনো জ্ঞানৰ জ্যোতিৰে পোহৰোৱা অৱসৰী শিক্ষকসকলৰ পৰা আৰম্ভ কৰি বিভিন্নদপ্তৰৰ পৰা আমাক সেৱা যোগোৱা অৱসৰপ্ৰাপ্ত বয়োজেস্থসকলৰ পৰা টকা নোলোৱাকৈ পেন্সনৰ কাম নকৰোনে? নে সেই কৃষকজনক উচিত দামত ফছল বিক্ৰি কৰিবলৈ আমি সহায় কৰি দিছো? নাই, দেশৰ প্ৰগতি আমাৰ নহয়, চৰকাৰৰহে দায়িত্ব। সাধাৰণ মানুহ আমি, সাধাৰণ ভাৱেই আমি জীয়াব লাগিব । লাগিব বুজিব আমাৰ পৰিসৰ আৰু ভিন্নতাৰ উৰ্ধত আমাৰ দেশ আৰু মাটিৰ মূল্য। এই স্বাধীনতাই মনৰ বিকাস ঘটাই দেশৰ সমৃদ্ধিত যোগদান দিবলৈ শিকাওক। সকলোকে স্বাধীনতা দিৱসৰ শুভকামনাৰে।

Comments

Popular posts from this blog

তথ্য উদ্ধাৰ -১ শকাব্দ/ খ্ৰীষ্টাব্দ

অনুগল্প

মহা মহা পুৰুষৰ চানেকিৰে জীৱন (খ)