অনুগল্প : ৫৭ কোৱাভাতুৰী

অনুগল্প : ৫৭ কোৱাভাতুৰী


ঘৰ আৰু বাহিৰ সকলোতে নীতি আৰু আদৰ্শৰ ফুলৰ দলিচা সাজি থকা মহানন্দ বৰ্মনে অৱশেষত সুদীৰ্ঘ বিয়াল্লিচ বছৰীয়া কৰ্মজীৱনৰ ওৰ পেলাই মাত্ৰ ৬০ বছৰ বয়সত ভৰি দিয়াৰ লগে লগেই অৱসৰ ল'লে। কৰ্মজীৱন আৰম্ভ কৰাৰ আগতে তেঁও অশেষ কস্টেৰে স্নাতকোত্তৰ ডিগ্ৰীটোও লৈ লৈছিল, য'ত দুবাৰ বিফলতাক ভৰিৰে মোহাৰি পেলাইছিল। অৱশ্যে তেখেতৰ সুকন্যা মোহময়ী আম্ৰপালীৰো চতুৰ্থটো প্ৰণয় লীলাৰ সামৰনি যজ্ঞ পাতি দুমহীয়া গৰ্ভৱস্থাত কন্যাক দীপক নামৰ সম্ভ্ৰান্ত ঘৰৰ নিবোকা কিন্তু অৰ্থ সম্পন্ন ল'ৰাটোৰে বিবাহপাশত আৱদ্ধ কৰি দি পিতৃ হিচাপে নিজৰ দায়িত্ব সামৰিলে। তেখেতৰ নিচিনা পথপ্ৰদৰ্শকক আজি আবেলি সম্বৰ্ধনা জনাবলৈ সভা এখন আয়োজন কৰা হৈছে, যত তেখেতে মুক্তহস্তে নগদ দহ হাজাৰ টকা দান কৰি ৰাইজক কৃতাৰ্থ কৰিব।

Comments

Popular posts from this blog

তথ্য উদ্ধাৰ -১ শকাব্দ/ খ্ৰীষ্টাব্দ

অনুগল্প

মহা মহা পুৰুষৰ চানেকিৰে জীৱন (খ)