অনুগল্প: ৫০ আহাৰ
অনুগল্প: ৫০ আহাৰ
গুৰু স্বামীনাথনৰ গুৱাহাটীলৈ ট্ৰান্সফাৰ হোৱাৰ বেচি দিন হোৱা নাই। তামিল ব্ৰাহ্মণ পৰিয়ালৰ গুৰুৰ পত্নী আৰু কন্যাক লগত অনা নাই। নিজে প্ৰথমতে অলপ থিতাপি লাগিহে তাহাতক অনাৰ কথা ভাৱিছে। সদ্যহতে কোম্পানীৰ গেস্ট হাউচতে দিন কটাইছে যদিও দুই এঠাইত ঘৰ বিচৰা কামটোও চলি আছে। দেওবাৰ কাৰনে পুৱাই ঘৰ থিক কৰো বুলি এজেন্ট জনৰ লগত ওলাই আহিব লগা হোৱাত ফিকা চাহ কাপৰ বাদে একো খোৱাও নহ'ল। দুই তিনিটা ঘৰ দেখুৱাই এজেন্টজনে যেতিয়া বিদায় ল'লে তেতিয়ালৈ বাৰ বাজি গ'ল। ভোকটোৱে ইতিমধ্যে মুৰত উঠিছে। কি খাও কি খাও বুলি ওচৰে পাজৰে চকু ফুৰালেগুৰুৱে। আধাৰো বেচি নাম ইংৰাজীত লিখা থাকিলেও স্থানীয় ভাষাৰ শব্দৰ ব্যৱহাৰ, বুজি নাপালে তাৰ অৰ্থ। পেটত দৌৰি থকা নিগনিকেইটাই দুৰলৈ যাবলৈও অমান্তি হৈছে। ইফালে চব দোকান খোলাই নাই। দুখনমান ৰাস্তাৰ কাষতে থকা দোকানত নিৰামিষ খানা আছেনে সোধাত হব বুলি ক'লে। কিন্তু যেতিয়া একেখন বাচনতে চিকেন বা মাটন বনাই তাৰ কাৰনে নিৰামিষ খানা ৰন্ধা আৰম্ভ কৰিলে, বুজাত অসুবিধা নহ'ল। চিগাৰেট এটা জ্বলাই বাছ স্টপেজৰ ৰেলিং ডালতে ভেজা দি কিছু সময় ৰ'ল গুৰুস্বামী। গুৱাহাটীত সম্পূৰ্ণ নিৰামিষ খাদ্য বিচৰা মানে পৰ্বতত কাছকনি বিচৰা বুলি তাৰ বন্ধু ৰামালিংগমে কোৱা কথাষাৰ মিছা নহয় তেন্তে। প্ৰতিখন হোটেলতে ভেজ ননভেজ খানা আছে বুলি লিখিছে কিন্তু এখনো হোটেলত নিৰামিষ খাদ্য বনাবলৈ বেলেগ বাচন নাই? কিযে আছৰিত? দক্ষিণ ভাৰতীয় খানা বুলিলে অকল ডোচাৰ বাহিৰে অন্য খাদ্য নাই! কিযে হ'ব? কেনেকৈ ইয়াত চলিব লাগিব ভাবি ভাবি নাতিদূৰত ডাঙৰ বেনাৰেৰে জিলিকি থকা পিজ্জাহাটৰ ফালে খোজ দিলে।

Comments
Post a Comment