গল্প : জিতাৰ বিয়া

গল্প : জিতাৰ বিয়া ( ক) অৱশেষত ভগৱানে তৰাৰ কাতৰ মিনতি শুনিলে। হাজাৰ হ'লেও ছোৱালী মানুহ। তাতেই আকৌ কুড়িতে বুঢ়ী বোলা কথাষাৰ। বাপেকৰ ৰেলগেটৰ ডিউটি আৰু মাত্ৰ দুবছৰতে শেষ হ'ব। হওঁক তেঁও প্ৰজাপতিয়ে যে এইবাৰ চকু মেলি চালে। ৰেলগেটতেই কেজুৱেলত সোমোৱা ডিম্বই জিতাৰ কাৰনে হয়ভৰ দিলে। কণা বিধাতা পিচে কেণা লগাই নোথোৱাকে থকা নাই। ডিম্ব আৰু তাৰ বাপেকে হা ক'লেও মাকৰ অলপ ওজৰ আপত্তি নথকা নহয়। পিচে ডিম্বৰ বাপেক মাটিৰ মানুহ। আঘোনৰ পাঁচ তাৰিখে কল কাটিবলৈ দুয়োঘৰে মন মেলিছে। দিনে ৰাতিয়ে তৰাই ভগৱানক খাটিচে, বিয়াখন ভালে কুশলে হৈ যাব লাগে। নামঘৰত শৰাইখন আগবঢ়াই তৰাই আঠু ল'লে। চাকিৰ শলিতাৰ পোহৰত তৰাৰ মনৰ বন্তিগছো যেন প্ৰদীপ্ত হৈ পৰিছে। ( খ) গীতাৰ মনতো অলপ ফৰকাল। জিতাৰ নামটোও তায়েই দিয়া। আছল নামটো অপৰাজিতা ৰাখিছিল। তাই কোনো পৰিস্থিতিতেই হাৰ নামানক, এয়াই আছিল এই নামটো ৰখাৰ আঁৰৰ কথা। ঘৰৰ তৃতীয়টো কন্যাসন্তান হিচাপে তাইযে অৱহেলাৰ পাত্ৰ হব সেই কথা গীতাই আগতেই অনুমান কৰিছিল। ইমানখিনি অৱহেলা আৰু অত্যাচাৰক পাৰ কৰিও জিতা উজলিছিল। শিক্ষা দীক্ষা আৰু কৰ্মক্ষেত্ৰত নিজৰ পলিঅ' থকা বাওঁ ভৰিখনেৰেই তাই নিজক প্ৰতিস্থা কৰিছিল। কোনেও নাজানে জিতাৰ মনটোক অনুপ্ৰেৰণাৰে ঢলেৰেযে মাহীয়েক গীতাই জীপাল কৰি ৰাখিছিল। এতিয়া বিয়াখন থিক হোৱাত গীতাৰ বুকুৰ শিলটোহে যেন ভাঙি পাতল হ'ল। ডিম্ব আৰু তাৰ ঘৰখনৰ বাবে গীতাৰ মনত এক শ্ৰদ্ধাৰ ভাৱেৰে ভৰি গ'ল। ( গ) নন্দিতাৰহে শান্তি নোহোৱা হৈছে। হ'ল বুলিনো জিতাই চৰকাৰী চাকৰি থকা দৰা পাব লাগেনে? জিতাৰ সেইখন কপাল নহয়, চোতালহে। তাইৰ আখৰ পাতিও ভাল নহয়, তথাপি পঢ়া শুনাত আগবঢ়া আছিল, পৰীক্ষাত বেচি নম্বৰ পায়। বৃত্তি পৰীক্ষাটো তাইৰ ভাল হৈছিল। ভগৱানে দেখোন চব বস্তু তাইৰ নিচিনা কপটীয়া কুলক্ষণীজনীকহে দিয়ে। পলিঅ' থকা বাওঁ ভৰিখনেৰে দুপিয়াই হ'লেও খোজ কাঢ়াটো বাদেই, জিতাই নাচিবও পাৰে। ভাগ্যে দুবাৰ বিচাৰকক মেনেজ কৰি নন্দিতাৰ মাকে পুৰস্কাৰটো তাইলৈ কিনিছিল। কিন্তু তথাপিটো, জিতাৰ কপালৰ জোৰ মানিব লগা। নহ'লেনো তাইৰ নিচিনা ছোৱালীৰ বাবে ইমান ভাল দৰা ওলাইনে? ( ঘ ) জোৰোন বুলি বিশেষ নহ'লেও হেমান্তি খুৰীয়ে নীলাপাটৰ কাপোৰজোৰ পিন্ধি আহিছে। ইচ্ছা নাছিল জোৰোনত আহিবৰ। কিন্তু ৰাইজে বেয়া বুলিব ভাৱিহে আহিব লগাত পৰিল। ভিতৰত কইনা সজাইছে লগৰ দুজনী মানে আৰু বাহিৰত দৰা ঘৰীয়া আহি বহিছেহে। সৰুজনী ছোৱালী দীপাক ভঁৰালঘৰত টানি নি দুটাকে ৰসগোল্লা খুৱাই আনিছে। দৰাঘৰীয়াক খুৱাবলৈ বিচ্টা ৰসগোল্লা অনা হৈছে। এতিয়া ডাঙৰ ছোৱালী সীমা আৰু ল'ৰা দুটা মুকুল আৰু ৰাজীৱক গোল্লা খুৱাব পাৰিলেহে পৰা। ভঁৰালঘৰত জীতাৰ মোমায়েকডাল বহি আছে। একো চুৱই নিদিয়ে। সেইবুলি আৰু নিজৰ পেটৰ সন্তান কেইটাক গোল্লা খাব নিদিমনে? দিবই লাগিব। দৰাঘৰীয়া পোন্ধৰটা মানুহ জোৰোনত আহিব বুলি জানিও জিতাৰ বাপেকে বিছটাহে গোল্লা আনি ভুল কৰিছে। পুৱাৰ পৰা দৌৰা দৌৰি কৰি মোৰ ল'ৰা ছোৱালী কেইটাৰ মুখ শুকাই গৈছে। জিতাৰ মাক তৰা বাইদেউ অহংকাৰতে ফুলি আছে। ক'ত আৰু মোৰ ল'ৰা ছোৱালীৰ কথা ভাৱিব? সেইফালৰ পৰা কিবা নিবলৈ অহা মুকুলক হাতত ধৰি চোচোৰাই ভঁৰালঘৰৰ ভিতৰত লৈ গ'ল নন্দিতাই। ( ঙ ) : দৰাই চাগে কাইলে ৰাতিহে গম পাব.... হাঁহিৰ খুন্দাত কথাখিনি সম্পূৰ্ণ কৰিবই নোৱাৰিলে ধৰিত্ৰীয়ে। : হয় দেই, ইমান ধুনীয়া দৰা এই লেঙেৰীজনীৰ কপালত মিলিলনে? বিয়া নামটো শেষ কৰি বীণাই যোগ দিলে। : জিতাৰ বাপেকে চাগে দৰাঘৰক টকা-খিকা দি মেনেজ কৰিছে। ধৰিত্ৰী বাইদেউ আৰু বীণাৰ কথা শুনি ৰীতাইয়ো মনত গেজামাৰি সোমাই এই ওলাঁও এই ওলাওঁ হৈ থকা কথাটো কৈয়ে দিলে। বিয়া নাম দিবলৈ ৰভাৰ চুকত বহি থকা আয়তীখিনিৰ মাজত ফুচফুচ মেলো চলি আছে। দেখাতটো দৰা ওখ- পাখ, ধুনীয়া। বয়সো বেচি হোৱা নাই। তেন্তে কিহৰ কাৰনে জিতাৰ নিচিনা ছোৱালী বিয়া কৰাবলৈ আহিছে? কিবা গন্দগোল নিশ্চয় আছে চাগে। দীপ্তিৰ কথাত বাকী কেইজনীয়েও হয়ভৰ দিলে। কইনাক ডাঙৰ ভিনিয়েক কুশলে ডাঙি আনিছে ৰভাতলিলৈ। ৰভাতলীত মংগলধ্বনি বাজি উঠিছে। হাতত এমুঠি চাউল লৈ ভিনিয়েকে পাকটোমাৰি ৰ'লেই অলপ চাউল দৰালৈ ছতিয়াই দিছে জিতাই। আয়তীৰ উৰুলি আৰু পুৰোহিতৰ মন্ত্ৰই চৌপাশ আলোড়িত কৰিছে। জিতাক দৰাৰ কাষতে পিৰা এখন বহুৱাই ভিনিয়েক গ'লগৈ। কইনা ধৰিবলৈ শান্তি বাইদেউ ওচৰ চাপি আহিল। হাতখনত পুৰোহিতে দিয়া মন্ত্ৰষিক্ত ফুলপাহ লৈ জিতাই চকুমুদি প্ৰাৰ্থনা জনালে। জীৱনে মৰনে তোমাৰ লগৰী হৈ থাকিম ডিম্ব, তুমি মাথো মোক বিশ্বাস আৰু আস্থাৰে আঁকোৱালি থাকিবা। চকুত দৃঢ়তা লৈ জিতাই এবাৰ ডিম্বলৈ চালে, একে উজ্জ্বলতা তাৰ চকুটো দেখি মৃদু হাঁহি এটা বাগৰি গ'ল জিতাৰ ওঁঠেৰে।

Comments

Popular posts from this blog

তথ্য উদ্ধাৰ -১ শকাব্দ/ খ্ৰীষ্টাব্দ

অনুগল্প

মহা মহা পুৰুষৰ চানেকিৰে জীৱন (খ)