গল্প ( ৮) প্ৰত্যয়
গল্প ( ৮) প্ৰত্যয়
তিনি বটল মদ আৰু চাৰি পেকেট চিগাৰেট শেষ কৰি ঢলং পলং কৈ কাব্যংশ আহি ঘৰ পালেহি। ৰাতি ইতিমধ্যে দোভাগ হৈছে। কলিং বেলটো বজাবলৈও থমকি ৰ'ল সি। আগতে তাৰ ৰাতি সাত বাজিলেও গৰিমাই মুখ ফুলাইছিল। পিচলৈ আৱিৰৰো আপত্তি বাঢ়িছিল। সি অফিচৰ পৰা ঘৰলৈ আহিবৰ সময়ত সদায় এক আবেগ থাকিছিল, অনুকম্পা থাকিছিল, হাঁহি আৰু ধেমালিৰ সৰলতা আছিল। আছিল মায়া মোহৰ আতিসহ্য। ভগৱানৰো সহ্য নহ'ল নেকি? দুৱাৰখনত থেলা মাৰি ভিতৰ সোমাল কাব্যংশ। চোফাখনত পৰি ৰ'ল অলপ পৰ। দেৱালত আঁৰি থোৱা গৰিমা আৰু আৱিৰৰ লগত তাৰ ফটোখনলৈ চকু গ'ল। তিনিওৰে হাঁহিবোৰ দেখোন সেই ফটোখনতেই অৱশেষ হিচাপে ৰৈ গ'ল। স্মৃতিৰে ধৈত ঘৰটোৰ কোঠাবোৰৰ পৰা যেন ভাহি আহিছে ইটো সিটো হাঁহিৰ, টুকুৰা টুকুৰ কথাৰ খলকনি। বিচনালৈ উঠি যোৱাৰ ইচ্ছা তাৰ নহ'ল। জোতাযোৰ খুলি চাহ টেবুলতেই ভৰিখন থৈ চকু মুদি দিলে সি। সিদিনা দেৱালিৰ পোহৰতে গোটেইখন উজলি উঠিছিল। আৱিৰৰ উচটনিতেই কাব্যংশই গোটেই দোকানখনেই যেন কিনি আনিছিল। ইমানবোৰ ফটকা দেখি তাৰ বাৰুদবোৰে যেন গৰিমাৰ গালখনতহে থুপ খাইছিল। তাইৰ খঙ দেখি কাব্যংশই অলপ মিঠাই আনো বুলি ওলাই গৈছিল। ভুল তাৰ তাতেই হ'ল। সিদিনা সি ওলাই নোযোৱা হ'লে!!!! চকুপানীৰে ধূসৰ হৈ যোৱা চছমাৰ গ্লাছখন মচি মচি এবাৰ নুমাব ধৰা ধূপডাললৈ চকু দি ওলায় গ'ল কাব্যংশ। ধূপশিখাৰ আৱেশ আৰু লহমান ৰেখাডাল তাৰ বুকুৰে বাগৰি যোৱাযেন লাগিল। চাকি জ্বলাই থকা গৰিমাই গমেই পোৱা নাছিল কেতিয়া আৱিৰে তাইৰ পিচফালে থিয় হৈ ফটকাত জুই লগাই দিছে। ধুম্ .... বিস্ফোৰণটোৰ পিছতেই ঢলি পৰিছিল তাই, এইমাত্ৰ তাই নিজ হাতেৰে জ্বলাই উঠা চাকিবোৰৰ ওপৰতে। আৱিৰক লগ কৰিবলৈ কাব্যংশই বৰ্ডিঙ স্কুলত মাহত এবাৰহে যায়। প্ৰতিবাৰেই আৱিৰৰ প্ৰশ্নবাণে তাক থকা সৰকা কৰে। তাৰ অভিমান আৰু খঙত শেঁতাপৰা মুখলৈ চাবলৈ মন নাযায়। ইচ্ছা কৰিয়েই সি স্কুললৈ যোৱাটো পাতলাই দিছে। একাকীত্ব আৰু অকলশৰীয়া জীৱনটো সি মদ আৰু চিগাৰেটৰ ধোৱাৰ মাজতেই বিলীণ কৰি দিছে। যোৱাৰাতি সপোনত গৰিমাক দেখিছিল। মুখত সেই দেৱালীৰ নিশাৰ বাৰুদখিনি। মাথো কঁপি থকা ওঁঠ দুটাৰে তাই দেৱালৰ ফটোখনলৈ আঙুলিয়াইছিল। ঘৰটো সাৰি থকা মালতীক কাব্যংশই ক'লে আৱিৰৰ কোঠাটো চাফা কৰিবলৈ। গাড়ীখনৰ স্পিড বঢ়াই দিলে কাব্যংশই। আজি বহুদিনৰ মুৰত মনতো ভাল লাগিছে তাৰ। এনেকুৱা আবেগ আজি পাঁচ বছৰে সি অনুভৱ কৰা নাছিল। যি হয় হব, আৱিৰক সি আজি লৈ আহিব। সি এতিয়া ডাঙৰ হৈছে। সিও বুজিব লাগিব বাৰ্নিঙ ইন্টেনচিভ কেয়াৰত থকা মাকৰ দেহাটোত ডাক্টৰে প্লাস্টিক চাৰ্জাৰী কৰি এতিয়া সি চাব পৰা ৰূপ এটা দিছে। সাংঘাটিক ধৰনে যঁুজিছে গৰিমাই। নহ'লেনো দেহৰ ৮০ শতাংশ জ্বলি যোৱা গৰিমাই নিজক চাৰ্জাৰিৰে নতুনৰূপ দিবলৈ সক্ষম হয়নে? ডাক্টৰৰ প্ৰচেস্টা তাইৰ মনোবলেৰেহে সফল হৈছে। আজি দেৱালত আৰি থোৱা তাঁহাতৰ ফটোখনৰ সেই হাঁহিটোৰ নৱজন্ম হব লাগিব। জন্ম হব লাগিব তাঁহাতৰ নতুন জীৱন এটাৰ । স্কুলৰ সন্মুখত গাড়ীখন পাৰ্ক কৰি প্ৰিন্সিপালৰ অফিচৰ ফালে আগবাঢ়িল কাব্যংশ।

Comments
Post a Comment