গল্প ৮ : বাছনি

গল্প ৮ : বাছনি বাছনিয়ে জীৱন। কথাষাৰ গাৰ্গীক কোনে কৈছিল মনত নাই। কিন্তু জীৱনৰ খলাবমাবোৰ পাৰ কৰি তাই যেতিয়া ত্ৰিশৰ দেওনা পাৰ কৰিলে, তেতিয়াহে অনুভৱ কৰিলে তাৰ মৰ্ম। আজিও পুৱাই জানকী আইতাই তাইক দেখি ইচআছ্খন কৰিব লৈছিল। পিচে ফোনটো বাজি উঠাত তাই কথাখিনি গুৰুত্ব নিদি ওলাই আহিল। জানকী আইতা সম্বন্ধত মাকৰ মাহীয়েক। ছবছৰ বয়সতে আগবিয়া দিয়া আইতাই গোটেই কন্যাকাল মাকৰ ঘৰতে কটাব লগা হ'ল। বিয়াৰ সময়ত আইতাৰ স্বামীৰ বয়স তেৰ নে চৌধ্য। এদিন গৰু চৰাবলৈ গৈ আৰু ঘুৰি নাহিল। তিনিদিনৰ মুৰত দেহাটো বিলৰ পানীত ওপঙি থকা দেখি গোটেইখন হুলস্থুল লাগিল। আইতাৰো জীৱনটো সেই মৃতদেহটোৰ লগতেই পৰিত্যক্ট হৈ ৰ'ল। কোনেও তেঁওৰ নিচিনা কুলক্ষণীক আঁকোৱালি লবলৈ নাহিল। দহ বছৰ বয়সতে বিধৱা হোৱা আইতা মাকৰ ঘৰতেই বুঢ়ী হ'ল। জানকী আইতাই প্ৰায়ে গাৰ্গীহঁতৰ ঘৰত আহে। অকল সিহঁতৰ ঘৰেই নহয়, আইতাই গোটেই কেইজনী ভতিজা ভতিজী, ভাগিন ভাগিনীৰ সংসাৰত ভূমুকি মাৰিয়েই বছৰটো কটাই। আইতাই আজি দুবছৰ মানৰ পৰা গাৰ্গীৰ পিছত লাগি আছে। "হেৰৌ ছোৱালী বোলে কুড়িতে বুঢ়ী, তোৰ দেখোন এতিয়াও গাত বা লগাই নাই। অকল পঢ়া আৰু চাকৰিৰ নামত ঘুৰি ফুৰিলে নহ'ব। হাজাৰ হ'লেও লাও সদায় পাতৰ তল। যিমানে নিজকে আধুনিকা বুলি নকৱ কিয়, মতাৰ কথাত চলিবই লাগিব, পা -পোৱালীৰ কাপোৰ ধুৱই লাগিব। আৰু বছৰচেৰেক পিচত তোলৈ ল'ৰাই নোলাৱ। আজিকালি ল'ৰাই বেচি পঢ়াশুনা নকৰেই। আমাৰ জাতৰ শিক্ষিত ল'ৰা পাবলৈও বৰ টান। তোৰ কেতিয়া মন যাব বিয়া হ'বলৈ? তই বিয়াত নবহ কেলৈ হা? " জানকী আইতাই খং ৰাগ ক্ষোভ সকলো উজাৰি যেন তাইক গালি পাৰিছে। আইতাৰ কথাৰ পাকত কেতিয়াবা তায়ো চিন্তিত হয়। সকলো কথা বা কামৰ এক নিৰ্দিস্ট সময় আছে বা থাকে। কথাষাৰ তাই হাড়ে হিমজুৱে বুজে। কিন্তু সেই বুলিয়েই? ৰিচাৰ্ছ গাইড আলোক চাৰেও একেষাৰ কথাই কয়, সময় ৰৈ নাথাকে। যি আছে সামৰি আগবাঢ়া। কথাটো তায়ো ভাৱে। কিন্তু তাইৰ বাছনি? ধীৰাজৰ লগত সকলো কথাই তাই আলোচনা কৰিছিল। কিন্তু তাৰপিচত? ছমাহৰ কাৰনে বিদেশলৈ যোৱা ধীৰাজ দেখোন দুমহীয়া প্ৰেমিকা ইমনৰ লগতহে বিয়া হৈ ঘৰলৈ ওভটিল। নিজক স্বাভাৱিক কৰিবলৈ গাৰ্গীক সময় লাগিছিল। তাৰ পিচত মুকুল। শিক্ষাগত অৰ্হতা কম হ'লেও প্ৰথমতে মুকুলক তাই আদৰি লৈছিল। তাকো মাত্ৰ এটাই কথা কৈছিল যে গৱেষণাৰ সমাপ্তিলৈ আৰু মাত্ৰ এবছৰ। এইখিনি সময় দিয়া। হব বুলি তাইৰ আগত মুৰ দুপিয়াই ওলাই যোৱা মুকুলৰ মেচেজ আহিছিলদুদিন পিচত," ঘৰৰ মানুহে ৰৱ নোৱাৰে, মোক বেয়া নাপাবা বুলি"৮। বেয়া তাই কাকোৱে পোৱা নাই। সকলোৰে নিজা নিজা পৰিসৰ, নিজা নিজা বাছনি। কোনে কোন মুহূৰ্তত কি গন্ডীত আনক চালিজাৰি চাই ধৰিবই নোৱাৰি। নিজে মাথো হৈ ৰৱ লাগে সেই বাছনিৰ অৱশিস্ট নতুবা সংযোজন। ধীৰাজৰ লগত সাত বছৰীয়া সম্পৰ্কয়ো দেখোন তাক দুৰ্বোধ্য কৰিয়েই থলে। মুকুলৰ চকুতটো তাইৰ বাবে যথেস্টখিনি সন্মান আৰু তাইৰ প্ৰতি , তাইৰ কামৰ প্ৰতি পৰ্যাপ্ত যোগাত্মক চিন্তাই তাই দেখিছিল। তেন্তে? নে মানুহ চিনাত তাই ভুল কৰে? কফিখিনি লাহে লাহে খোহা মাৰি এবাৰ আকাশখনলৈ চালে তাই। জোন, তৰা, মেঘ সকলোবোৰ আছে। দুৰত ৰেলখন যোৱাৰ শব্দ। ৰিচাৰ্ছৰ একেবাৰে অন্তিম অৱস্থাত তাই। দুই এদিনতে হয়তো তাইৰ এই দীৰ্ঘদিনীয়া যাত্ৰাৰ সামৰণি পৰিব। মানুহৰ প্ৰশ্নৰ সংখ্যাও বাঢ়িব। কিন্তু এইবাৰ তাইৰ হাতত উত্তৰ আছে। জানকী আইতাক কথাষাৰ চিধাচিধিয়ে কৈ পেলালে যোৱাকালি। হয়তো তাইৰ উত্তৰ শুনিয়ে আইতাই আজি পুৱাই মেলানি মাগিলে। সকলো বাছনিৰে কথা। নিজক আনৰ আৰ্জন খোৱা, শুই বহি সময় কটাই সন্তান ডাঙৰ কৰা কামতেই অকল নিয়োজিত কৰিবলৈ তাই ইমান কস্ট কৰা নাই। মহিলা সৱলীকৰণৰ বিষয়ে গৱেষণা কৰি অকল বিশ্ববিদ্যালয়ৰ উপাধিটোৰ ফটো দেৱালৰ আঁৰিবলৈ তাই ইমানখিনি আগবঢ়া নাই। নাৰী সৱল হয় চিন্তাৰে, কৰ্মেৰে। অৰ্থনৈতিক স্বাৱলম্বিতা অবিহনে কোনেও সৱল হব নোৱাৰে, শিক্ষাৰ অবিহনে কোনেও শুদ্ধ পথ বাছি উলিয়াব নোৱাৰে। তায়ো বাছি লৈছে তাইৰ পথ। তাইৰ যাত্ৰাত যদি কোনোবা পুৰুষে যদি তাইক সহযোগিতা আগবঢ়াব নোৱাৰে বা নকৰে তেন্তে সেই পুৰুষজনক তাই স্বামী বুলি কেলেই আদৰি লব? জীৱনটো বাছনিয়েহে গঢ়ে। তাই এতিয়া দৃঢ়। আকৌ এবাৰ আকাশখনলৈ চালে গাৰ্গীয়ে। তিৰবিৰাই থকা তৰাটোৱে যেন তাইৰ সংকল্পত নিজৰ সমৰ্থনহে আগবঢ়ালে , এনে লাগিল তাইৰ।

Comments

Popular posts from this blog

তথ্য উদ্ধাৰ -১ শকাব্দ/ খ্ৰীষ্টাব্দ

অনুগল্প

মহা মহা পুৰুষৰ চানেকিৰে জীৱন (খ)