নতুন চিন্তা, নতুন সংকলন - ৫ দুখন বোলছৱিৰ কথা

নতুন চিন্তা, নতুন সংকলন - ৫ দুখন বোলছৱিৰ কথা

ছৱি চাই ভাল পাও। বহুতো ছৱি চালো। আজি দুখন ছৱিৰ কথা উল্লেখ কৰিব বিচাৰিছো। প্ৰথমখন হৈছে ইংৰাজী ভাষাৰ "কাস্ট আৱে' আৰু আনখন হিন্দী ভাষাৰ "ট্ৰাপড্" । বোধহয় এই দুখন বোলছৱি নোচোৱা মানুহ কম আছে। ইয়াত মোৰ ভাল লগা কাৰণটো বা কথাখিনিহে উপস্থাপণ কৰিব বিচাৰিছো। প্ৰথমখন ছৱিৰ নায়ক এজন উচ্চপদস্থ বিষয়া আৰু কৰ্মসূত্ৰে ভ্ৰমণৰত অৱস্থাত দুৰ্ঘটণা পতিত হৈ নিৰ্জন দ্বীপ এটা পাইগৈ। তাতেই আৰম্ভ হয় জীৱন যুদ্ধ। দ্বিতীয়খন ছৱিৰ নায়কো জীৱন যুঁজৰ অগ্ৰণী সেনানী। প্ৰেমিকাক দিয়া প্ৰতিশ্ৰুতি মৰ্মেই দিনটোৰ ভিতৰতে ঘৰ বিচাৰি পিচদিনা পুৱা বিয়া কৰাবলৈ যোৱা অৱস্থাতেই বিঘিনিটো ঘটে। তাৰফলতেই আৰম্ভ হয় নায়কৰ সংগ্ৰাম। এনেকুৱা বহুতো কথাছৱি আছে য'ত জীৱনৰ মাৰ নোযোৱা হাঁহিবোৰ উজলাই তুলিবলৈ চেস্টা কৰা হৈছে। এবাৰ সদ্গুৰুৱে এক সাক্ষাৎকাৰত কৈছিল, " জীৱন সহজ নহয়। যিদৰে জীৱন প্ৰাপ্তি সহজ নহয়, তেনেদৰে জীৱনৰ পৰা মুক্তিও সহজ নহয়। পৰিবেশে, পৰিস্থিতিয়ে আমাক বাধ্য কৰাই জীৱনৰ প্ৰতি নিৰাসক্ত হ'বলৈ। কিন্তু সেই নিৰাসক্তিয়েই মুক্তি নিদিয়ে। জীৱনটোৰ ক্ষণভঙ্গুৰতাৰ কথা মানি লব নিবিচাৰে নতুবা মানি নলয়, তেঁওৰ নিচিনা মুৰ্খ নাই। জীৱন এক বৰদান, মাথো ঈশ্বৰৰ শৰনাগত হৈ তাক জী গৈ থাকা। " নিৰ্জন দ্বীপটোত দুডালমান নাৰিকল গছ আৰু দুই এপদ সৰু সুৰা আহিলাৰে ছৱিৰ নায়কে জীৱন সংগ্ৰাম আৰম্ভ কৰে। মনত এটাই আশা , এদিন এখন জাহাজ আহিব আৰু তেঁও ঘুৰি যাব আপোনজনৰ কাষলৈ। বছৰৰ পিচত বছৰ বাগৰে কিন্তু তেঁওৰ আশাৰ ছাকি নুমাব নোৱাৰে। এদিন ভাগ্যৰ বিপক্ষে থিয় দি তেঁও নিজৰ ৰাফ্টখন এৰি দিয়ে সমুদ্ৰৰ বুকুত। অৱশেষত নায়ক নিজৰ পৃথিৱীলৈ ঘুৰি আহে, য'ত থাকে মাথো স্মৃতি আৰু এৰি অহা জীৱনৰ ধংসস্তুপ। তথাপি নায়কৰ জীৱনবোধ গভীৰতৰ। তেঁও জীৱনৰ ওচৰত হাৰ নামানে আৰু আগুৱাই যায় নৱসংকল্পৰে। প্ৰেমিকাৰ সৈতে নতুন ঘৰত নৱজীৱনৰ পাতনি মেলিম বুলি ভৱা নায়ক বন্দী হৈ ৰয় ফ্লেটটোৰ বন্ধদুৱাৰৰ ভিতৰত। আধুনিক জীৱনৰ অপৰিহাৰ্য্য সকলো বস্তুৱে এটা এটাকৈ নিস্কৃয় হৈ পৰাত অসহায় হৈ পৰে নায়ক। খাবলৈ পানীটোপালো নোহোৱা হোৱাত নিজৰেই মূত্ৰ পাণ কৰি বমি কৰিব লগাত পৰে নায়ক। সঁচা অৰ্থত নায়কেই হ'ব লাগিব যি ইমান দৃঢ়তাৰে মোকাবিলা কৰে আহাৰ, পানী আৰু অন্ধকাৰ ভৱিষ্যতৰ বিপক্ষে। নিৰামিষভোজী নায়কে খিড়িকীত পৰা পাৰচৰাই চিকাৰ কৰি ভক্ষণ কৰে। নিজৰ মুক্তিৰ বাবেও অহৰ্নিশে চলাই প্ৰস্তুতি। পোন্ধৰ দিনৰ মুৰত যেিতয়া সুউচ্চ অট্টালিকাৰ পৰা নামি আহি মাটিত ভৰি থৈছিল, সেই দৃশ্য আছিল অবৰ্নণীয়। দুয়োখন ছৱিৰ কাহিনী আৰু অনবদ্য অভিনয়ৰ বাবেই হয়তো আমাৰ মন চুই গৈছিল। আজি সেই প্ৰতিকী অৰ্থটোহে আলোচনা কৰিব বিচাৰিছো। জীৱন মানেই সংঘৰ্ষ। যিমানেই আমি সভ্যতাৰ জখলাৰে আগুৱাই গৈছো, পাহৰি গৈছো আমাৰ শিপাৰ কথা। আমাৰ শিপাডাল এতিয়াও অন্ন, বস্ত্ৰ আৰু বাসস্থানৰ মাজতেই সোমাই আছে। আপোনজনৰ মৰম আৰু জীৱনৰ উদ্দেশ্য অবিহনে কোনো সংগ্ৰামেই জয় কৰিব নোৱাৰি। প্ৰেম স্বৰ্গীয়, দুয়োজন নায়কে প্ৰেমক সাহস হিচাপে লৈ আগবাঢ়িছে। জীৱন মধুৰ , কিন্তু এই জীৱনবোৰ আমি বিষাক্ত কৰি পেলাইছো অৰ্থ লিপ্সা, ভোগবাদ, আঢ়ম্বৰপূৰ্নতাৰ প্ৰতিযোগিতাৰে। আহক জীৱনটো জীয়াও নতুন মাত্ৰাৰে, নতুন অৰ্থৰে।

Comments

Popular posts from this blog

তথ্য উদ্ধাৰ -১ শকাব্দ/ খ্ৰীষ্টাব্দ

অনুগল্প

মহা মহা পুৰুষৰ চানেকিৰে জীৱন (খ)