ৰসৰচনা : বদঅভ্যাস

বদঅভ্যাস
আপোনাৰ বাৰু বদঅভ্যাস আছে নেকি? আপোনাৰ বদঅভ্যাসবোৰৰ বিষয়ে আপুনি সচেতন হয়নে? এৰিবৰ চেস্টা কৰি আছে চাগৈ, সফলতা কিমান দুৰত? আছলতে যিবোৰ আনৰ বেয়া দেখো, নিজে দেখোন জ্ঞাতে অজ্ঞাতে তেনেকুৱাবোৰেই কৰো। যেনে ভাত খাওতে উগাৰ লোৱা বা এৰা, ভাতৰ লগত গিলাছে গিলাছে পানী খোৱা। অৱশ্যে দোষ আমাৰ পৰিবেশৰ। কোনোবাই খীনাম বুলি নোখোৱাকৈ থাকিলে কও, আজি খাই ল, কাইলৈৰ পৰা খাব নালাগে। পৰোক্ষ বা প্ৰত্যক্ষ ভাৱে আমি জানো নিজৰ জেদ পুৰাবৰ বাবে আনৰ ক্ষতি কৰা নাই? দিনৰ দিনটো ম'বাইলটো পিতিকি থাকি আনক জানো পৰশ্ৰীকাতৰ বা এলেহুৱা হোৱাত অৰিহনা যোগোৱা নাই? কেনেকৈ? কি কথা কয় হে? এই যে ৱাট্ছআপ বা ফেচবুকৰ নটিফিকেচনৰ শব্দই আণ্জাত নিমখৰ জোখ ইফাল সিফাল কৰাকৈ ৰান্ধনীৰ মনোযোগ হৰণ কৰিছে, তাৰ বাবে কোন দায়ী, হয়নে? ইফালে মনটো অলপ ফ্ৰেচ কৰো বুলি টিভিটো খুলিলোহে, দুনীয়াৰ বদঅভ্যাস শিকাব আৰম্ভ কৰি দিব। ৰাতিটো বাদেই পুৱাও ব্ৰাছ নকৰাকৈ ব্ৰেকফাস্ট কৰিবলৈ, তিনি ইন্সিৰ মেকআপ লগাই শুবলৈ আৰু যতে ইচ্ছা ততেই মাৰপিত কৰিবলৈ অনুপ্ৰেৰণা ক'ত পোৱা যায়? বিজ্ঞাপন কেইটা নাথাকিলে বা নেদেখিলে চাগে ৰাইজে গা - মুখ ধোৱা কামবোৰ কৰিব বাদেই দিলেই হৈ। কাঠফুলাৰ দৰে গজি উঠা অফিচ বা অনুষ্ঠাণবোৰ দেখিছেনে? চিৰি, ৱাল বোৰত থকা চিগাৰেটৰ টুকুৰা, পিকৰ দাগবোৰে তাত কামকৰা মানুহবোৰৰ বদঅভ্যাসবোৰেই নেদেখুৱাই জানো? ল'ৰা ছোৱালীয়ে ঘৰত বদঅভ্যাস শিকাৰ ব্যৱস্থাও আমিয়ে কৰি থৈছো, চকী বা বিচনাত ভিজা টাৱেলখন থৈ, টেবুলৰ ওপৰতে চাৱি, লিপস্টিক, কাগজ পত্ৰ দমাই থৈ। জ্ঞান দিয়াৰ দোষ কৰিছো যদি মাৰ্জনা বিচাৰিছো। কিন্তু সচেতন ভাৱে বদঅভ্যাসবোৰ দুৰীকৰণ কৰাত কিবা অসুবিধা থাকিব পাৰে বুলি আমাৰ মনে নকয়। সকলোৰে মঙ্গল কামনাৰে।

Comments

Popular posts from this blog

তথ্য উদ্ধাৰ -১ শকাব্দ/ খ্ৰীষ্টাব্দ

অনুগল্প

মহা মহা পুৰুষৰ চানেকিৰে জীৱন (খ)