ৰসৰচনা : নকঁও -৩
ৰসৰচনা : নকঁও -৩
ৰূপ আৰু ৰং ধীৰেণ খাৰঘৰীয়াৰ দুই হাত। আছলতে সৰুৰে পৰা খাৰঘৰীয়াই সিহঁতৰ সকলো সিদ্ধান্ত নিজে অকলে লোৱা নাই। সকলোৰে দিহা পৰামৰ্শ লৈ সিদ্ধান্ত লৈছে। ৰূপ আৰু ৰঙকো তেঁও সকলো সিদ্ধান্ত লওঁতে আনৰ লগত আলোচনা বিলোচনা কৰি লবলৈ উৎসাহ যোগাইছে। ঘৰৰ সিদ্ধান্তবোৰ যেনে দুপৰীয়া মাছ খাব নে মাংস খাব? দেওবাৰে ক'ত ফুৰিব যাব? পেহীয়েকৰ ঘৰত যাবনে মোমায়েকৰ ঘৰত যাব? সকলো কথা তেঁও সিহঁত দুটাক সুধিয়েই কৰে। গৰমৰ বন্ধত ক্ৰিকেট খেলিবনে ফুটবলৰ কোচিং লব? ঘৰৰ দেৱালত কি কি ফটো আঁৰিব তাকো সোধে। ডলি খাৰঘৰীয়াৰ এইবোৰত আপত্তি নাই। সকলোৱে নিজৰ মতে চলিব লাগে। গিৰিহঁতৰ কথাত তেঁও একো নকয়, নামাতে। সংসাৰখন দুয়োজনে মিলি পাতিছে যেতিয়া এইকণ এৰা ধৰা কৰিবই লাগিব। মুঠৰ ওপৰত কথাবিলাক হৈছে বুজা বুজিৰ। বুজা বুজি আৰু বিশ্বাস থাকিলে সকলো কথাই সহজ হয়। ডলি আৰু ধীৰেণৰ সংসাৰ দেখি ধীৰেণৰ মাকো সুখী। এনেকুৱা হৰ পাৰ্বতীৰ যোৰা তেঁও দেখা নাছিল। দুয়োজনৰে কুশল হওঁক বুলি তেঁও নেদেখাজনলৈ সেৱা এটা জনালে। কালী পুজাৰ দুদিনীয়া বন্ধত ধীৰেণৰ মাক থাকিবলৈ আহিল। বহুদিন অহাও নাছিল। তাৰোপৰি ৰঙৰ আব্দাৰ, আইতাকে দেৱালীত সিহঁতৰ লগত থকাকে আহিব লাগিব বুলি। দেৱালীৰ দিনা চহৰখন পোহৰেৰে উদ্ভাষিত হৈ থাকে। তাকে চাবলৈ সিহঁত হালৰ মন। নাতি দুটাক চাৰপ্ৰাইজ দিঁও বুলি ধীৰেণৰ মাক সৰলা বুঢ়ী বাছত উঠিল। প্ৰায় তিনিখন মান গাড়ী সলায় ধীৰেণৰ ভাড়াঘৰৰ পদূলিত ৰিক্সাখনৰ পৰা নামিল, দুইহাতে টোপোলা কেইটা লৈ গেট খুলিব লৈছিলহে। পিচে সময়টো থিক নহ'ল নেকি? ডলিয়ে মেখেলাখনেৰে কোবাই কোবাই ধীৰেণক ঘৰৰ বাহিৰ কৰা সময়তহে তেঁও পদূলীৰ গেট খুলিব পায়নে? তেঁওক দেখি ডলিয়ে কান্দি কান্দি ক'লে যে পুতেকে হাজাৰ টকা ফটকা আৰু মিঠাই অনাত বেয়া পোৱা নাই। কিন্তু মদ খাই ঘৰলৈ ঘুৰি আহোতে ঘনৰ দোকানত মাংসৰ টোপোলাটো আৰু তেঁওলৈ অনা গোলাপী শাৰীখন এৰি থৈ আহিল। ইফালে ক্লাৱৰ মিটীঙ কাম দেৱালী ছেলেব্ৰেচন পাৰ্টীৰ বাবে গোলপীয়া নেইলপলিচ আৰু লিপস্টিক লগাই তেঁও ৰেডি হৈ আছিল। এতিয়া মিটীঙলৈ দেৰি হৈ যাৱ। এনেকুৱা গিৰিহঁতকলৈ তাইৰ দুখৰ অন্ত নাই বুলি ডলি ফেকুৰিব লাগিল। ঘটনাটোৱে সৰলাৰ মনতো ধূসৰ কৰি তুলিলে। হেপাঁহেৰে অহা পুতেকৰ ঘৰখনত থাকিবলৈ একতিলো মন নাই। কিন্তু ঘৰলৈ ঘুৰি যাৱনে? কিয় ঘুৰি আহিল বুলি সুধিলে কি বুলি কব? ঘটনাটোৰকথা ধীৰেণৰ মাকে কাকো নকঁও বুলি থিক কৰি থৈছে। ঘৰৰ কথা কাকনো কব? নোকোৱাই ভাল। সাত পাচ ভাৱি এৰাতি থাকি যোৱাই ভাল বুলি তেঁও ঘৰৰ ভিতৰ সোমাল।

Comments
Post a Comment