অনুগল্প : ৫৩ সামান্তৰিক

অনুগল্প : ৫৩ সামান্তৰিক

পৰ্ণছায়াক লগ পোৱাৰ আগৰে পৰাই অভিনীল শান্ত আছিল। স্বভাৱ বুলিও কব পাৰি । নিজৰ উদ্দেশ্য আৰু অভিপ্ৰায় দুয়োটাকে সমান্তৰাল হিচাপে লৈ যাব পৰা গুন তাৰ আছিল। পৰ্ণছায়াক লগ পোৱাৰ পৰাই তাৰ চিন্তাবোৰ ঘণীভূত হবলৈ ধৰিলে। হোটেলৰ চাহকাপ ভাল নহ'লেও টিঙটিঙাই থকা মুৰটো ঠাণ্ডা কৰাৰ বাবেই অভিনীল আহিছিল। চাহ দিবলৈ অহা সুনন্দাৰ আঁছলত লুকাই তাৰ প্লেটৰ পৰা ছিঙৰাটো থাপ মাৰি লৈছিল। উকা কপাল আৰু ফটা চাদৰৰ আঁছলটোৱে কথাখিনি তাক বুজাত সহায় কৰি দিছিল। সিদ্ধান্ত লবলৈ অলপ সময় লাগিল। তথাপি অৰুনিমাবিহীণ তাৰ জীৱনটো আৰু তাৰ শান্ত আৰু সৰল স্ৱভাৱে কমজোৰ কৰি নোতোলাৰ আগতেই সি আবেদন পত্ৰ পঠালে। এতিয়াৰ পৰা তাৰ সৰু ঘৰটোতো শিশুৰ কলৰৱ শুনিবলৈ পোৱা যাৱ। পৰ্ণছায়াৰ খোজত তাৰ আৰু অৰুনিমাৰ আধৰুৱা সপোনবোৰো প্ৰস্ফুটিত হব। মাথো কৰ্টে তাৰ এডপচন আবেদনখনত সহাৰি দিলেই হ'ল।

Comments

Popular posts from this blog

তথ্য উদ্ধাৰ -১ শকাব্দ/ খ্ৰীষ্টাব্দ

অনুগল্প

মহা মহা পুৰুষৰ চানেকিৰে জীৱন (খ)