অনুগল্প : ৫৩ আগৰণুৱা

অনুগল্প : ৫৩ আগৰণুৱা
নিজৰ এলেহুৱা স্বভাৱটো শিশিৰে নিজেই বেয়া পায়। কিয় জানো কামবোৰ কৰিব লাগে কাৰনেহে কৰে সি। পঢ়িব লাগে কাৰনে পঢ়ে যদিওবা নিজক লৈ তাৰ কোনো উদ্দেশ্য বা লক্ষ্য স্থিৰ কৰি থোৱা নাই। মাক দেউতাকৰো বিশেষ আশা আকাংক্ষা নাই তাক লৈ। কোনোমতে গাড়ীৰ হেডলাইট নহ'লেও বেকলাইটৰ কাম কৰি যে শিশিৰ চলিব পাৰিব সেয়া দেউতাক বিনন্দ বৰাই বুজে। মাক সাৱিত্ৰীৰ চিন্তিত মুখ দেখিলে বৰাই বুজাই, ৰ'ৱাহে তাক অলপ সময় দিয়া, সময়ত সকলো থিক হৈ যাব। বি. এচ. চি. পাছ কৰাৰ পিছত ইটো সিটো পৰীক্ষা দিয়া শিশিৰে আৰ্মীৰ চাকৰি পোৱাত সকলোৱে আছৰিত নহৈ চিন্তিতহে হৈছিল। পাৰিব জানো? তাৰ নিজৰো বিশ্বাস নাছিল। প্ৰশিক্ষণৰ দিনকেইটাত প্ৰতিটো পৰীক্ষাতেই কোনোমতেহে সি আগুৱাব পাৰিছিল। কেৰেলুৱা বুলি লগৰ দুজন মানে হাঁহিছিলো তাক। চহৰৰ উপকন্ঠত উগ্ৰপন্থীৰ কামকাজ চলিছে বুলি পোৱা তথ্যৰ পম খেদিয়ে সিহঁত আগবাঢ়িছিল। চৰাইৰ মাত আৰু শুকান পাতত মৰমৰনি শব্দ শুনি শুনি কেতিয়া সি দলটোৰ একেবাৰে শেষৰজন হৈছিলগৈ গমেই পোৱা নাছিল। এয়া কি, চৰাইৰ চকুৰ পৰা কিহৰ পোহৰ ওলাইছে, ভালকৈ চাওতেহে বুজি পালে সি। এটেনচন বুলি চিঞৰটো মাৰি সি কেপ্টেন সুজিতচাৰক কভাৰ কৰি ধৰিলে। গুলিৰে থকাসকৰা হৈ মাটিত পৰা আগলৈ তাৰ আগৰণুৱা হব নোৱাৰাৰ দুখটো লাগিয়ে আছিল।

Comments

Popular posts from this blog

তথ্য উদ্ধাৰ -১ শকাব্দ/ খ্ৰীষ্টাব্দ

অনুগল্প

মহা মহা পুৰুষৰ চানেকিৰে জীৱন (খ)