°গল্প নহয়°

°গল্প নহয়°
শিৰোনাম কি দিম ভাৱি পোৱা নাই। সমবেদনা বা সমালোচনাৰ সংকীৰ্নতাৰ উৰ্ধত এই প্ৰয়াস। অভিজ্ঞতাৰ পৰসেৰে ভিজা এই কথাকাহিনী। শব্দশিল্পী বুলি পৰিচয় দিবৰ যোগ্যতা আছে বুলিও ভৱা নাই। মাথো পোহৰলৈ আনিছো জীৱনৰ আদিপাঠবোৰ। সাহিত্যৰ মেটমৰা ভঁৰালত আমাৰ চিন্তাৰ টোপালবোৰ ৰাইজে আদৰি ললেই নিজক সাৰ্থক বুলি ভাৱি লম। কত জানো পাইছিলো, প্ৰতিখন চহৰেই গণিকাৰ দৰে , যিমান দিব তাৰ তিনিগুন কাঢ়ি লব। কেতিয়াবা কথাটো সঁচাযেন লাগে। জীৱন নিৰ্বাহৰ বাবে হাড়ে হাড়ে মৰি থকা মানুহক দেখিলে যিদৰে বুকু ভৰি উঠে, আভিজাত্যই মানৱতাক মষিমুৰ কৰা দেখিলেও ক্ষোভৰ জুই জ্বলি উঠে। আভিজাত্যৰ অহমিকাৰ জুয়ে প্ৰায়ে সৰু মানুহৰ ঘৰ পুৰি চাৰখাৰ কৰে। যুগে যুগে আমি তাকেই দেখি আহিছো। প্ৰতিবাৰেই যেন নতুন বটলত পুৰণি সুৰা। হিংসা দ্বেষৰ দাবানলত পুৰিও মানৱতা সোন হৈ জিলিকে। এয়াই আমাৰ ধৰা এয়াই আমাৰ ভাতৃত্ববোধ। যুক্তি তৰ্ক যিমানেই নকৰো কিয়, সকলোৰে উৰ্ধত থাকে মানৱতা। অপৰাধীবোৰ এই সমাজৰে অংগ, তাহাতক শুধৰণিৰ সুযোগ দিয়াতো আমাৰ ধৰ্ম। ইটো সিটো কামত লাগি হোস্টেলমুৱা হঁওতে সাজ লাগি ভাঙিবৰে হৈছিল। কলনীৰ স্টীট লাইট কেইটা কিয় জানো সিদিনা জ্বলি উঠা নাছিল। দেওবাৰৰ সন্ধিয়া। কলনিত মানুহৰ পৰিমাণ সেৰেঙা । সকলোৱে দুপৰীয়াৰ আহাৰ খাই ওলায় যায় সপ্তাহান্তিকৰ সোৱাদ লবলৈ। পুনে চহৰত এটাই বস্তু ভাল লাগিছিল, সকলোৰে বাবে এটা দিন আছে। দেওবাৰে কাৰো ঘৰৰ চৰুত জুই নিদিয়ে। সকলো ওলাই আহে বাহিৰত খাবলৈ। পৰিয়ালবোৰ লগে ভাগে হওক বা বেলেগে বেলেগেই হওক ফুৰিব আৰু বাহিৰত খাই বৈ ৰাতি ঘৰলৈ ওভটিব। হোস্টেলৰো মেচ বন্ধ। গৃহিণী সকলেও এবেলা পাকঘৰৰ পৰা ৰেহাই পায়। সৰু ডাঙৰ সকলো হোটেল ৰেস্তোৰাই দেওবাৰে ব্যৱসায় কৰিবলৈ সুবিধা পায়। অৱসৰ বিনোদন হওক বা সমজুৱা মিলন হওক দেওবাৰৰ দিনটো সকলোৰে বাবে প্ৰত্যাশিত দিন। কানিমুনি আন্ধাৰৰ মাজে মাজে বজাৰৰ বেগটো এহাতে, আনহাতে পাৰ্চটো লৈ হোস্টেল অভিমুখে আগবাঢ়িছো। বাছস্টেন্ডৰ পৰা হোস্টেল এককিলোমিটাৰমান দুৰত। মাজতে দুটা কেঁকুৰি। দুয়োটা কেঁকুৰিৰ চুকত গেলামাল, দৰৱ আৰু তৰকাৰীৰ দোকান। দেওবাৰ বাবে সিদিনা সেই দোকান কেইখনো বন্ধ। হঠাতে ফোনটো বাজিল। কান্ধত ওলোমাই থোৱা বেগটোৰ চেইনডাল কিটিপতে খুলি মোবাইলটো উলিয়াই কথা আৰম্ভ কৰিলো। স্ট্ৰিট লাইট এটা জ্বলিছে আৰু অলপমান পোহৰ হৈছে। ৰাস্তাত মানুহ বুলিবলৈ এটা ল'ৰা মোৰ পিচে পিচে আহি আছে। কথা শেষ কৰি ফোনটো পাৰ্চত ভৰাব লওতে অনুভৱ কৰিলো কান্ধত এখন হাত। কি, কোন জাতীয় কথাখিনি মনলৈ অহা আগতেই অনুভৱ কৰিলো হাতখনে মোক থেলা মাৰি পাৰ্চটো টানিছে। আন্ধাৰত মুখখন ভালকে দেখা নাই যদিও বুজিলো,মোৰ পিচে পিচে আহি থকা ল'ৰাজনেই এইজন। ল'ৰাজনৰ বয়স বেচি নাছিল যেন লাগিল। কাৰন মাত্ৰ চল্লিচ কেজি ওজনৰ মোৰ লগত পাৰ্চটো টনাটনি কৰোতে দুয়োজনে লুটি খায় পৰিলো। বজাৰৰ বেগখন কেতিয়া হাতৰ পৰা এৰা গ'ল মনত নাই। এখন হাতত ফোনটো আৰু আনখন হাতত পাৰ্চটো লৈ হামকুৰি খাই পৰিলো। ল'ৰাটো উঠিল আৰু মোক পাৰ্চটোৰে সৈতে টানিলে। ময়ো এৰি দিয়া নাই। প্ৰায় ছয় সাত ফুট মান দুৰত্ব সি মোক চোচোৰাই নিলে। লাহে লাহে অনুভৱ কৰিলো আঠু দুটা বিষাইছে। ভাগ্যে জিন্ছ পিন্ধি আছিলো। এটা সময়ত পাৰ্চটো এৰি দিলো। মই এৰা দিয়াৰ লগে লগে সিও ধুপুচকে পৰিল। মই উঠিবলৈ চেস্টা কৰিলো। নাই , আঠুৱে সহাৰি দিব খোজা নাই। তেতিয়ালৈ কি হ'ল জানো চিঞৰ বাখৰ কৰিবলৈ মাতো নোহোৱা হৈ গৈছে। ইতিমধ্যে ল'ৰাটোৱে পাৰ্চটোলৈ দৌৰিব লৈছে। অলপ পিচতেই নিজক চম্ভালি ভাঙি যোৱা চছমা, ছিঙি যোৱা ছেন্ডেলযোৰ বাদ দি বজাৰৰ বেগটো আৰু মবাইলটো বুটলি কোনোমতে আহি কেকুৰিটোৰ চুকত থকা বেঞ্ছখনত বহিলো। ইতিমধ্যে স্ট্ৰিট লাইট আটাইকেইটা জ্বলি উঠিছিল। লক্ষ্য কৰিলো দুজন মান মানুহ মোৰ মাত শুনি ল'ৰাটো যোৱাৰ ফালে দৌৰি গৈছে। মোক তেনে অৱস্থাত দেখি দুই এক বাটৰুৱাও ৰৈ গ'ল। ইটোক সিটোক ফোন কৰিলে । অলপ পিচত মানুহ ভৰি পৰিল। ল'ৰাটোকো ধৰিলে। মাৰি ধৰি তাক মোৰ সন্মুখত হাজিৰ কৰোৱালে। ল'ৰাটিক ধৰাত সফল হৈছিল কেকুৰিত তৰকাৰীৰ দোকান দিয়া আংকলজন। পুলিছো আহিল আৰু মোক পুলিচ থানাত মাতি থৈ গ'ল। হোস্টেললৈ আহি মোৰ কাপোৰযোৰ সলাই, প্ৰাথমিক চিকিৎসা দি হোস্টেলৰ ৱাৰ্ডেন তথা মালিক জনে মোক পুলিচ থানালৈ লৈ গ'ল। পুলিচ থানাত সেয়াই প্ৰথম বাৰ খোজ দিছো। মোক দেখি ল'ৰাটোৱে হাতযোৰ কৰি অনুৰোধ কৰিব ধৰিলে। তাকে দেখি এজন পুলিচে তাক এটা গোৰ মাৰি দিলে। ঘটণাৰ পাকচক্ৰতেই হওক বা আঠু দুটাৰ বিষত ইতিমধ্যে মোৰ দুচকুৰে বাৰিষা বাগৰিছে। তথাপি ল'ৰাটোক মাৰিবলৈ পুলিচজনক বাধা দিলো। কাৰণ সি ইতিমধ্যে ৰাইজৰ মাৰ খায়ছেই। নিজে সাত ফুট মান চোচৰিব লগা হোৱাত মোৰ আঠুৱে এনেকৈ যন্ত্ৰণা দিছে, গতিকে ইমান মাৰ খোৱাৰ পিচত তাৰ বা গা কিমান বিষাইছে? মোৰ কথা নুশুনি আকৌ চিপাহী এজনে তাক মাৰিলে। মই এইবাৰ চিঞৰি চিঞৰি তেঁওক বাধা দিলো। মোৰ কথাত তেঁও ৰ'ল। চাৱ ইন্ছপেক্টৰজনে মোৰ এজাহাৰখন নিজেই লিখি চহী কৰিব ক'লে। চহী কৰিবলৈ লৈ দেখিলো সেইখন মাৰাঠী ভাষাত লিখা। মই ক'লো যে চহী নকৰো, কাৰণ তাত লিখা ভাষাটো মই নাজানো। হিন্দী বা ইংৰাজীত লিখি দিয়ক, মই চহী কৰিম বুলিও ক'লো। মোৰ হাতখনৰ ঠায়ে ঠায়ে তেজ বিৰিঙি আছে আৰু বিষাব লৈছে। মই নিজে লিখিব পৰা অৱস্থাত নাই কাৰনে তেঁও লিখিছে। মোৰ কথাত আপত্তি দৰ্শাই তেঁও ক'লে যে মাৰাঠীৰ বাহিৰে অন্য ভাষাত লিখিব নোৱাৰে। তাত কি লিখা আছে এবাৰ পঢ়ি মোক হিন্দীত বুজাই দিব আৰু মই চহী কৰি দিব লাগে। মই মানি নোলোৱাত তেঁও আমাৰ হোস্টেলৰ মালিকক বুজাব ক'লে। তেঁও মোক ক'লে যে বেচি দেৰি ইয়াত থাকি লাভ নাই, সোনকালে ঘুৰিব লাগে। যি লিখিছে লিখিব দে, আইনৰ ভাষানো তই কি বুজিবি? চহী কৰি দে। কথা নবঢ়াই চহী কৰিলো। অলপ পিচত অচি ডাঙৰীয়াই মাতি নিলে। অসমৰ পৰা আহিছা, তুমি আমাৰ আলহী। তোমালোকক সুৰক্ষা আৰু নিৰাপত্তা দিয়াটো আমাৰ দায়িত্ব। তোমাৰ যত্ন লবা। বাকী অপৰাধীক শাস্তি দিয়া হ'ব। তোমাৰ পাৰ্চটোত থকা মূল্যবান সকলো বস্তু লৈ লোৱা। পাৰ্চটো এভীডেন্স হিচাপত ইয়াতে জমা দিব লাগিব। কৰ্টত মাতিলে তুমি আহিব লাগিব। ল'ৰাটোৱে কৈছে সি বোলে দুদিন খাবলৈয়ে পোৱা নাই। বাৰু যি নহওক, ভালকে থাকিবা। পাৰ্চটোৰ পৰা মোৰ এটিএম কাৰ্ড, পেন কাৰ্ড আৰু অন্যান্য বস্তু আৰু নথিপত্ৰ সমুহ লৈ ওলায় আহিলো থানাৰ পৰা। বিদায় লোৱা আগতে অচি চাৰক অনুৰোধ কৰি ক'লো ল'ৰাটোক বেচি মাৰধৰ নকৰিবলৈ। তিনিমাহৰ মুৰত আকৌ এদিন অচি চাৰে মোক মাতি পঠিয়ালে। সিদিনা মই সম্পূৰ্ন সুস্থ অৱস্থাত। অচি চাৰে ক'লে যে খালি পাৰ্চটো কৰ্টত দেখালে চুৰিৰ ঘটণাটো প্ৰমাণ কৰিব নোৱাৰি । গতিকে মই পাৰ্চটোৰ ভিতৰত ৫০০ টকা এটা ভৰাই দিব লাগে। লগতে দুই এটা অদৰকাৰী বস্তুও ভৰাই দিব লাগে। ল'ৰাটোৰ কথা সোধাত জনালে যে সি ইতিমধ্যে লকআপৰ পৰা ওলাই গৈছে। যোৱা দুমাহত তাৰ কোনো কেচ অহা নাই। কি ভাৱ হ'ল মোৰ নাজানো, তেখেতক ক'লো যে মই এজাহাৰখন উঠাই লব বিচাৰো। সি যদি আগলৈ ভাল হয়, মোৰ নিজৰেই ভাল লাগিব। তেখেতে মানিব খোজা নাছিল যদিও মই জোৰ দিয়াত মানি ল'লে। থানাৰ পৰা ওলাই আহিলো মনত এক ক্ষীণ আশাৰে , ল'ৰাজনৰ যোগাত্মক উৎকৰ্ষ সাধন হঁওক বুলি।

Comments

Popular posts from this blog

তথ্য উদ্ধাৰ -১ শকাব্দ/ খ্ৰীষ্টাব্দ

অনুগল্প

মহা মহা পুৰুষৰ চানেকিৰে জীৱন (খ)