প্ৰবন্ধ : বাস্তৱৰ দ্বিতীয়টো দিশ
প্ৰবন্ধ : বাস্তৱৰ দ্বিতীয়টো দিশ
ব্ৰিটিছে দেশ এৰা সময়ত দেশৰ শিক্ষিতৰ হাৰ আছিল বাৰ শতাংশ যিটো যোৱা ছয় দশকৰ নেৰানেপেৰা প্ৰচেস্টাত আজি আহি চৌসত্তৰ শতাংশত উপনিত হৈছে। দিনে দিনে উন্নয়ণৰ হাৰ বৃদ্ধি হোৱা বুলি বিভিন্ন পৰিসংখ্যাই দৰ্শাই আছে। তেন্তে কেৰোণটো ক'ত? বিকাশৰ জখলাত উৰ্ধগতিত আগবঢ়াৰ পিছতো দুই এক ঘটণাই আমাক জোকাৰি গৈছে কিয়? উত্তৰবোৰ চাগে আমাৰ মাজতেই আছে। শিক্ষিত হ'লেও আমিবোৰ হব পৰা কুসংস্কাৰ মুক্ত। সঠিক দৰ্শন বা বৈজ্ঞানিক চিন্তাৰে মুকলি কৰিব পৰা নাই জীৱনৰ গতিপথ। ব্যৱস্থাবোৰ আমি নিজে নিজে গঢ়ি লৈছো, নিজৰ সুবিধানুযায়ী। গতিকে সেই ব্যৱস্থাবোৰ সামাজিক হঁওক বা অৰ্থনৈতিক হঁওক, ৰাজনৈতিক হঁওক বা আধ্যাত্মিক হঁওক সকলোতে কিয় পঁয়ালগা অৱস্থা বিৰাজমান? ইয়াতেই আমাৰ চিন্তাৰ শুদ্ধতাৰ কথা আহি পৰে। সমাজ আৰু সাহিত্য সহচৰ। দুয়ো দুয়োকে প্ৰতিফলিত কৰে। একে সোঁতত প্ৰৱাহিত হয়। আজিৰ সময় বিকাশৰ গাঁথাৰে প্লাৱিত। উন্নয়ণ আৰু উন্নত জীৱনৰ ঢাক ঢোল বজাওঁতেই সময় সৰকি গৈ আছে। কিন্তু আমিবোৰ কিমান উন্নত? দিশবোৰ জানো আমি নিজেই নিৰ্ধাৰণ কৰো আহক। সৰু উদাহৰণ এটা দিছো। জাভেদ আখতাৰ চাহাৱে কৈছে যে চিনেমাই জীৱনৰ পৰা মৌলিকতা আহৰণ কৰে আৰু জীৱনে চিনেমাৰ পৰা অনুপ্ৰাণিত হয়। কথাষাৰ আমিও সমৰ্থন কৰো। চিনেমা জগত আৰু সমাজ দুয়োৰে মাজত ওত:প্ৰোত: সম্পৰ্ক আছে। চিনেমাৰ কাহিনীভাগো সাহিত্যৰেই অংগ। একেধৰে বিভিন্ন চেনেলত প্ৰচাৰিত হোৱা ধাৰাবাহিক আৰু বিজ্ঞাপণ সমুহো। আজিকালি অলৌকিক কাহিনী, অপৰাধমূলক কাহিনী সম্প্ৰচাৰৰ ঢৌ আহিছে। প্ৰতিটো চেনেলত দেখিম নাগ- নাগিণ, তন্ত্ৰ - মন্ত্ৰ, ভূত - পিশাচৰ কাহিনী সম্প্ৰচাৰ হৈ আছে। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ বহুল ব্যৱহাৰ আৰু বিকাশৰ দিনত এইবোৰ কাহিনীৰ সম্প্ৰচাৰৰ যুক্তি যুক্ততা কিমান? চেনেল কৰ্তৃপক্ষৰ কথা হ'ল টি.আৰ.পি. । আমি বাৰে বাৰে সেই কল্প কাহিনী চাই টি. আৰ. পি. বঢ়াই গৈ আছো আৰু চেনেল সমুহেও এয়া মাত্ৰ মনোৰন্জনাৰ্থে বুলি কৈ বাৰে বাৰে তেনেকুৱা ধাৰাবাহিকবোৰহে প্ৰচাৰ কৰি গৈ আছে। ম'বাইল ফোন ব্যৱহাৰকাৰী, দামী গাড়ী চলাব পৰা নাগ - নাগিনকো দৰ্শোৱা হৈছে, যিবোৰ একেবাৰে হাস্যকৰ। ইয়াত আমি সেই ধাৰাবাহিকবোৰৰ কুফল সমুহহে উনুকিয়াব বিচাৰিছো। কাৰণ এইবোৰ প্ৰত্যক্ষ কৰাৰ পিচত কুসংস্কাৰ আৰু অন্ধবিশ্বাসৰ গ্ৰাসত থকা সমাজখনত কিমান প্ৰভাৱ পৰিছে সেয়া আমি দৈনিক খৱৰ কাকত বা বাতৰি চেনেলত পায়েই থাকো। এই সুযোগতে আৰু এক ৰমৰমীয়া ব্যৱসায়ৰ কথা উল্লেখ নকৰিলে নহব। সেয়া হৈছে মন্ত্ৰপুত বিভিন্ন তাৱিজ , মালা আৰু অন্যান্য বস্তুৰ বিজ্ঞাপণ সমুহ। জৰা পানী, পৰস্ত্ৰীৰ আসক্তি দূৰিকৰণ, ধন সম্পত্তিৰ যোগ আনি দিয়াকে আদি কৰি বিভিন্ন সমস্যা দূৰ কৰিব পৰা এই স্বয়ম্ভূ ভগবান সকলৰ প্ৰকোপৰ পৰা সমাজখনক বচাব কোনে? ভাৰতৰ অন্য ৰাজ্য সমুহত এনেকুৱা পৈশাচিক আচৰণ বা ব্যৱসায়ত লিপ্ত বহুতো বাবা - গুৰুৰ ইতিমধ্যে মুখা সুলকি পৰা ঘটণা বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশিত - প্ৰচাৰিত হোৱাৰ পিচতো আমাৰ ৰাইজে একো শিকাই নাই যেন অনুমান হয়। ডকমকা কাণ্ড বা ডাইনী হত্যাৰ কাহিনী বোৰ শুনিলে নিজৰ গাৰ নোম শিঁঞৰি উঠে। একেই তেজ মঙহৰ শৰীৰ এটাক কেনেদৰে এগাল পিশাছে মাৰি মাৰি বা জুই জ্বলাই মৃত্যুৰ দুৱাৰডলিত থেলি দিব পাৰে? কিন্তু এনেকুৱা বিকৃত মানসিকতা পুহি ৰখা সমাজখনে তেনেকুৱা কৰাটো একো ডাঙৰ কথা নহয়। সৰু সুৰা নিদৰ্শন আমি যৌতুকৰ বলি হোৱা মহিলাসকলৰ গাতেই দেখা পাই থাকো। হয়, সকলো সময়তে কুসংস্কাৰ নহয়, কুসংস্কাৰৰ দোহাই দি তাৰ আলমতে নিজৰ বিকৃত মানসিকতাৰে ব্যক্তিগত স্বাৰ্থপূৰণ কৰাও দেখিবলৈ পাও। অৱশ্যে অসমীয়া বোলচৱি বাঁকৰ পুতেকৰ নাম এইখিনিতে লব লাগিব। ইয়াত অতি সাধাৰণভাৱে বৈজ্ঞানিক বিশ্লেষণৰ সহায়ত কাহিনীভাগ দেখুওৱা হৈছে। সদ্যহতে অবাধ ডাটা সুলভ মূল্যত বিক্ৰি হোৱাৰ কৃপাত য়ু-টিউৱৰ বহুল ব্যৱহাৰ পৰিলক্ষিত হৈছে। যাৰ ফলত স্বৰূপে নাবালকসকলেও পৰ্ণগ্ৰাফীৰ সোৱাদ লবলৈ সক্ষম হৈছে। ৱাটছ্আপৰ নিচিনা আহিলাই এনেকুৱা প্ৰজাতিৰ ভিডিওৰ প্ৰচাৰ সুগম কৰি দিছে। তাৰ কুফলৰ বাতৰিও প্ৰকাশ হৈছে। নৱজাতকৰ পৰা আৰম্ভ কৰি বিভিন্ন বয়সৰ মহিলাৰ ওপৰত শাৰীৰিক নিৰ্যাতনৰ ঘটণা পোহৰলৈ আহিছে। এই সমুহ তথ্যৰ পৰা ইয়াকেই ধাৰণা কৰিব পাৰি যে বিকৃত মানসিকতা আৰু কুসংস্কাৰ হাতে হাত ধৰি চলা বাবেই বিজ্ঞানৰ জয়যাত্ৰাৰ দিনটো মানৱতাৰ অপমৃত্যু হৈছে। দুৰত আৰ্তনাদৰ ধ্বনি শুনিও আমি সজাগ হোৱা নাই। চৰকাৰী নীতি প্ৰকল্পসমুহ ধোৱাচাঙত তুলি নিজৰ স্বাৰ্থসিদ্ধি কৰাত লাগি গৈছো। ইতিহাসৰ পৰা আমি একো শিকাই নাই। এনেকুৱা এখন সমাজ, এনেকুৱা জাতি এটা কোনবাটে ?" ধৰ ঝাড়ু ভাই " বুলি আহক নিকা কৰো মনৰ ধুলিবোৰ। তমসো মা জ্যোতিৰ্গময়।

Comments
Post a Comment