গল্প : ধল

গল্প : ধল
খিড়িকীখন খোলাৰ লগে লগে পুৱাৰ কোমল ৰ'দৰ লগতে এচাতি চেঁচা বতাহো সোমাই আহিল। বতাহজাকত যেন কিবা মাদকতা আছে। এনেয়ে অলপ পৰ তাতে থিয় দি ৰ'ল অমলা। পুৱাৰ এই সময়খিনিয়ে নিজা, ইয়াৰ পিচত জীৱনৰ দৌৰ । কাউৰীৰ কোৰ্হাল আৰু শালিকীৰ খিচিৰ মিচিৰ শব্দত তাইৰ তন্ময়তা ভাঙিল। পৰ্দাৰ ফাঁকেৰে অলপ ৰ'দ আহি তাইৰ মুখত পৰিল। এক প্ৰশান্তিৰ ভাৱে তাইৰ মনতোও উজলাই তুলিলে। দুচকু মুদি এবাৰ ঈশ্বৰক স্তুতি কৰি তাই আগবাঢ়িল। দিনটোৰ কামবোৰে যেন হাত বাউলি মাতি আছে। ঘৰটো ঝাড়ু দিওঁতে খুন্দা লাগি টেবুলৰ পৰা কিবা এটা খুটুঙকৈ পৰিল। সেই শব্দতেই সাৰ পাই গ'ল ৰিৱৰিৱ। মাকে বস্তুটো যিমান পাৰি শব্দ নোহোৱাকৈ আগৰ ঠাইত থৈ ওলায় গুচি গ'ল। তাই চকু মেলি মাক ওলায় যোৱাটো আন্দাজহে কৰিলে। কাৰণ কঁপি থকা পৰ্দাখনৰ ঢৌটো অতিকে মন্থৰ। তাহাঁতৰ ঘৰত সকলোৰে এক নিৰ্দিস্ট গতি আৰু ছন্দ আছে। যেনে মাকে সুৱ লাহে ধীৰে, আলফুলকে বস্তুবোৰ চোৱে বা ব্যৱহাৰ কৰে। দেউতাক তাৰ ওলোটা। গিলাছটো টেবুলত থলে ঘৰৰ সকলোৱে গম পাব লাগিব, সেয়া দেউতাকৰ স্টাইল। কিলকিলিৰ কথা আকৌ বিষম। তাই কিবা এটা টেবুলত থলে বস্তুটো টেবুলত থোৱা যাবনে মাটিত পৰিব গেৰাণ্টী নাই। কিবা এটা পৰিলে তাক থিক কৰি থবলৈও তাইৰ আহৰি বা ইচ্ছা নাই। মুঠৰ ওপৰত তাই নিজকে ইমানেই ব্যস্ত বা দোষমুক্ত কৰি পৰিবেশণ কৰিব যেন সোধাজনৰহে দোষ। কথাটো ভাবি মুখত হাঁহি এটা বিৰিঙিল ৰিৱৰ।বিচনাত ইফাল সিফাল দুবাগৰ মাৰি ৰিৱ উঠি আহিল। বহুত কাম আছে দিনটোত, ঘৰৰো বাহিৰৰো। কিন্তু মাকে ইতিমধ্যে ভালেখিনি কাম কৰি অতাঁলেই। সেইটোৱে ভাল লাগে তাইৰ। আজিৰ দিনটো নিজৰ জীৱনটো সহজ সৰল কৰি ৰাখিছে মাকে। ম'বাইলৰ বিপ্ টোৰ লগে লগেই তাইৰ জীৱনত যিমান খলকনি উঠে তাৰ তুলনাত মাক যেন সেই পুৰণা লেন্ডলাইনৰ ফোনটো। ছয় সাতবাৰ ৰিং হোৱাৰ পিচতহে মাকে নিজৰ কাম এৰি ফ'নটো উঠাবলৈ যায়। দুই তিনি মিনিটৰ ভিতৰতে সবিশেষ লৈ ফ'ন থৈ দিয়ে। ভাগৰ লাগিল বুলি বিচনাত বাগৰি বা টিভিটো চাই বহি নাথাকে। ভাগৰ লাগিলে অন্যএটা কামহে ব্যস্ত হয়। বৰ বেচি মুড়াটোত বহি খৱৰ কাকতখন পঢ়িব। মাকৰ নিচিনা সৰল সহজ জীৱন তাই দেখোন ইচ্ছা কৰিও কৰিব পৰা নাই। কিবা এটাত লাগিলে আনটো দেখোন এৰিব লগাত পৰে। তাই ভাৱিয়ে নাপায় মাকে নকৰা কোনটোনো বেলেগ কাম তাই কৰে? নাই, মাকৰ দৰেই তায়ো খোৱা পিন্ধা আৰু জীৱন নিৰ্বাহৰ কামটেই ব্যস্ত। তাইৰ হাতত সকলো আহিলা আছে, জীৱনটোক সহজ সৰল কৰি তুলিবলৈ। কিন্তু ? এদিনো দেখোন সকলো কৰণীয় কৰিলো বুলি তাই সন্তোষিত হ'ব নোৱাৰে? এয়া তাইৰ নিস্কৰ্মন্যতা নে বিৱৰ্তনৰ প্ৰতিফল নে অন্য কিবা? ভাৱি নাপায় ৰিৱে। শেষ হৈ অহা চাহখিিনয়দ কাপটোৰ তলিখন দেখা কৰি তুলিছে। শেষৰখিনি একে সোহাই গলাধ:কৰণ কৰি তাই আগবাঢ়িল। জীৱনটো বোৱতী সুঁতি কৰি ৰাখিবলৈ সময়ৰ ধলবোৰ অতিক্ৰম কৰিব পাৰিবই লাগিব। মনতো দৃঢ় কৰি ৰিৱ আগবাঢ়িল, সংঘৰ্ষৰ আনটো পৃস্ঠাৰ ফালে।

Comments

Popular posts from this blog

তথ্য উদ্ধাৰ -১ শকাব্দ/ খ্ৰীষ্টাব্দ

অনুগল্প

মহা মহা পুৰুষৰ চানেকিৰে জীৱন (খ)