অনুগল্প ৪৮- মুখা

অনুগল্প ৪৮- মুখা

মাওলিনৰ চিকুণ গাঁওত ডকুমেন্টৰীৰ কামত বিভিন্ন তথ্য আৰু ফটো তুলি, গাঁওৰ মানুহৰ লগত সোধাপোছা কৰি যেতিয়া গায়ত্ৰী গাড়ীত বহিলহি, ভোকটোৱে হেঁচা মাৰি ধৰিলে। কল, আপেল আৰু চিপচৰ পেকেট কেইটা মেইল টাইপ কৰি থাকোতেই কেতিয়া উদৰস্থ কৰিলে তাই গমেই নাপালে। কলবাকলি আৰু চিপচৰ খালী পেকেট কেইটা কেঁকুৰিটোত দলিয়াই তাই ফেচবুকত স্টেটাচ আপডেট দিলে ফীলিং ক্লিন এন্ড ৱাও ইন মাওলিন।

Comments

Popular posts from this blog

তথ্য উদ্ধাৰ -১ শকাব্দ/ খ্ৰীষ্টাব্দ

অনুগল্প

মহা মহা পুৰুষৰ চানেকিৰে জীৱন (খ)