অনুগল্প - ৫১- প্ৰতিচ্ছৱি

অনুগল্প - ৫১- প্ৰতিচ্ছৱি
চাৰিচকীয়া শীততাপ নিয়ন্ত্ৰিত গাড়ীখনৰ পৰা খৰসেদাকৈ অৰিন্দম নামি গ'ল। গাড়ীৰ ভিতৰতেই তাৰ ফোনটো দুই তিনিবাৰ বাজিছেই। চাৰিবছৰীয়া আংশুক লৈ গৰিমাও গাড়ীৰ পৰা নামিল। আংশু টোপনি জালতেই আছে। ড্ৰাইভাৰ হেৰম্বহে আগবাঢ়ি আহিল প্ৰকাশ বৰুৱাক গাড়ীৰ পৰা নমাত সহায় কৰিবলৈ। লাখুটিডালত ধৰি কেকোজেকোকৈ কোনোমতে গাড়ীৰ পৰা নামি ঘৰৰফালে আগবাঢ়িল বৰুৱা। বিল্ডীঙটোত এতিয়াও লিফ্ট লগোৱা নাই। চিৰি কেইটা কোনোমতে খুপিখুপি ঘৰৰ ভিতৰত সোমোৱালৈকে তেঁওক আধা ঘণ্টাৰো বেচি সময় নাই। অৰিন্দমৰ হাতত ইমান সময় নাই। হেৰম্বক দুবাৰো তাগিদা দিছে, দেৰি হোৱা বুলি। বৰুৱাক ড্ৰয়িংৰুমৰ সন্মুখৰ চোফাখনতেই এৰি ভাগৰুৱা হেৰম্বই পানী এটোপাও মুখত নিদিয়াকৈ দৌৰাদৌৰিকৈ ওলায় গ'ল। হেৰম্বক দেখি বৰুৱাৰ কিয় জানো মনত দুৰ্গেশ্বৰৰ কথা মনত আহিল। প্ৰকাশ বৰুৱাই নিজে যেতিয়া কাম আৰু টকা ঘটাৰ দৌৰত দৌৰি আছিল, তেঁও পিতাকক সময় আৰু সহায় দুয়োটাই দিয়া নাছিল। অৰিন্দমে এখোজ দুখোজ দিবলৈ শিকা সময়ত তেঁও অৰিন্দমৰ আঙুলিত ধৰি খোজ কাঢ়িবলৈ শিকাইছিল সঁচা, কিন্তু নিজে যাৰ আঙুলিৰ ঠাৰত ধৰি ডাঙৰ হ'ল, তেঁওকেই পাহৰি গৈছিল। জীৱনৰ শেষ সময়তো কামৰ দায়িত্বৰ অজুহাতত পিতাকক চাবলৈ নগ'ল। ভেটিতেই মোক খৰি দিবি বুলি আকোৰগোজ পিতাকক দুৰ্গেশ্বৰেই ছাৰ নিচিনাকৈ লাগি মুখাগ্নিও কৰিলে। মৃত্যুৰ চতুৰ্থ দিনা অহা প্ৰকাশে দুদিন পিচতেই মেলানি মাগিছিল কামৰ অজুহাতত। পিতাকৰ সমাধি ক্ষেত্ৰত দুৰ্গেশ্বৰেই সকাম পাতে বছৰি। বৰুৱাই মাথো টকা পঠিয়াই দায়িত্ব এৰা দিয়ে। হেৰম্বই দুৰ্গেশ্বৰৰ সমান আলপৈছান নধৰিলেও অলপ কিবা কৰে। বৰুৱাই ভাৱিলে, পুতেক অৰিন্দম তেঁওৰ নিজৰেই প্ৰতিচ্ছৱি, হেৰম্ব জানো দুৰ্গেশ্বৰৰ হব পাৰিব?

Comments

Popular posts from this blog

তথ্য উদ্ধাৰ -১ শকাব্দ/ খ্ৰীষ্টাব্দ

অনুগল্প

মহা মহা পুৰুষৰ চানেকিৰে জীৱন (খ)