অনুগল্প : ৫২ বিদায়

অনুগল্প : বিদায়
অৱশেষত দিনদাই ভাড়াঘৰটো এৰাৰ সিদ্ধান্ত ল'লে। হীৰেন আৰু ধৱলে কথাটো পেটে পেটে ভাল নাপালেও বিৰোধিতা কৰিব পৰা নাই। কাৰণ ভালেকেইটা। ডাঙৰ কথাটো হ'ল ভাড়া দহ হাজাৰ টকা তিনিওৰে মাজত সমানে ভাগ হব লাগে যদিও সিহঁত দুটাই ছমাহটো দহ হাজাৰ টকা দিব নোৱাৰে বা নিদিয়ে। খোৱা আৰু অন্য খৰচ যেনে চাবোন, চেম্পু, চেভীঙ ক্ৰিম সিহঁতে কিনিয়েই পোৱা নাই। তাৰোপৰি ফ্ৰী ডাটা কানেকচন আৰু কাঢ়া ইস্ত্ৰি কৰা কাপোৰ কেইযোৰৰ কথা নকলেও হব। দিনদা যিহে আপোন ভোলা মানুহ সিহঁত দুটাই ইমান দিনে নিজৰ ঘৰত থকা যেনেই অনুভৱ কৰি আছিল। মাহৰ শেষৰটো দেওবাৰৰ দিনাই ঘৰটো এৰাৰ সিদ্ধান্ত হ'ল। দিনদা এইবাৰ ৱান বি.এদ্ছ. কে. লৈ যাবগৈ। দুমাহ পিচত বৌ আহি নতুন ঘৰখন সজাব। সেয়ে হীৰেন আৰু ধৱলে পাৰে মানে লাগতিয়াল বস্তুবোৰ নিজৰ বেগত ভৰালে। সিহঁত দুটাই এইবাৰ বেলেগ এটা ৰুমত গৈ থকাৰ কথা ভাৱিছে। মছলাৰ পেকেটৰ পৰা চাউলৰ এয়াৰ টাইট টেমাকেইটাৰ কথা দিনদাৰ লক্ষ্যৰো অগোচৰ। তাৰোপৰি এইবোৰ বস্তু কিনি পইচা খৰচ কৰিব নোৱাৰি । তাৰোপৰি ভাড়া আৰু মালিক দুয়োটা বস্তুৰ লগত ৰাহিযোৰা মিলোৱা সহজ নহয়। সেয়ে সিহঁতে এইবাৰ অলপ চাইচিতি ৰুম লৈছে। নিৰ্দিস্ট সময়ত টেম্পো ভেনখন আহি ৰ'লহি। দিনদাৰ বস্তুখিনি উঠাই দি অলপ দেৰি ৰ'ল হীৰেন। বেলেগ নহ'লেও আজিৰ পৰা ৰাতি আউট অৱ কন্ট্ৰল হ'লে দিনদাক চম্ভালিবলৈ সিহঁত নাথাকিব। পুৱাই কৰৱাত যাব ওলাই পকেটত পইচা নাপালে খুচৰিবলৈ দিনদাৰ মানিবেগটোও সি নাপাৱ। চেহ: বুকুখন দেখোন বিষোৱা যেন লাগিছে। দিনদাক জোৰেৰে সাৱতি ধৰি হীৰেনে যেন তাৰ ভিতৰত গুজৰি গুমৰি থকা শুন্যতাখিনিক শেষবাৰলৈ আশ্ৰয় দিবলৈ চেস্টা কৰিল

Comments

Popular posts from this blog

তথ্য উদ্ধাৰ -১ শকাব্দ/ খ্ৰীষ্টাব্দ

অনুগল্প

মহা মহা পুৰুষৰ চানেকিৰে জীৱন (খ)