কবিতাৰ শিৰোনাম : হালধীয়া হালধীয়া

:হালধীয়া হালধীয়া:
কৃষ্ণচূড়াৰ পাতত নিলিখিবি তোৰ মনৰ কাহিনী হেমন্তই শুকুৱাবহি ৰস। যদিহে মন যাই তথাপি আঁকিব নাযাবি মেঘৰ মালিতাৰে হিয়াৰ ৰং শাওনৰ ভৰসা নাই পাহাৰৰ বুকুত খোদিব নাযাবি বিজয়ৰ উল্লাস নদীয়ে ধুই নিব গমকে নাপাবি জীৱনৰ বহুতো ঢল সময়ৰ সোঁত বালিৰ মুঠি যিমানে ধৰিবি টানি জিৰ জিৰ নিজৰা বৈযাব সাগৰলৈ পলকতে তই গমেই নাপাবি।

Comments

Popular posts from this blog

তথ্য উদ্ধাৰ -১ শকাব্দ/ খ্ৰীষ্টাব্দ

অনুগল্প

মহা মহা পুৰুষৰ চানেকিৰে জীৱন (খ)