ৰসৰচনা : নকঁও
নকঁও
শ্ৰী মতীৰ কিছুমান কথা শংকৰ ভূঁঞাৰ সহ্য নহয়। আলহীয়ে প্লেটত এৰি যোৱা বুন্দীয়া ভূজীয়াখিনি কাম কৰিবলৈ অহা সেউতীক খাবলৈ দিয়া, সেমেকি যোৱা বিস্কুট সেউতীৰ ল'ৰাটোলৈ বান্ধি দিয়া এইবোৰ তেঁওৰ সহ্য নহয়। পিচে দুই তিনিবাৰ কোৱাৰ পিচতো নিৰ্বিকাৰ শ্ৰীমতীক দেখি তেঁও ভাৱিলে আগলৈ নকঁও। নোকোৱাই ভাল। কথাখিনি কৈ শ্ৰীমতীৰ গোমোঠা মুখ চাই থাকিবলৈ ভাল নালাগে। : যোৱা মাহত দুদিন অহা নাছিলি, দুদিন গা বেয়া বুলি সোনকালে ঘৰলৈ গৈছ'। দিনে দিনে তোৰ বাঢ়ি গৈছে। হো এয়া ল'। দুশ টকা কাটিচো। সেউতীয়ে মনে মনে হাতপাতি টকাখিনি ল'লে আৰু চাদৰৰ আছলত বান্ধি ল'লে। শ্ৰীমতীয়ে সেউতীক দেৰমাহৰ মুৰত পইচা দিছে। মই লক্ষ্য কৰিলো,শ্ৰী মতীৰ হাতত থকা টকাখিনিৰ মাজত সেই দুখন নোটো আছে। পাছলি বেপাৰীয়ে নকল বুলি ঘুৰাই দিয়া পাঁচশ টকাৰ নোটখন আৰু প্ৰায় উঁৱলি যোৱা এশ টকীয়া নোটখন। একো নামাতি ভিতৰ সোমাই গ'লো। মাত মাতি লাভ নাই বুলি জানো। তাই বা কেেনকে সেই নোট দুখন চলাব ভাৱি মনতো ডাৱৰীয়া লাগিল। কি কৰিমনো, সেউতীক সমবেদনা যোগোৱাৰ বাহিৰে মোৰ আন উপায় নাই। বজাৰৰ বেগখন মজিয়াৰ থঁও মানে শুনিলো শ্ৰীমতীৰ মাত। : দেওবাৰে বাবাৰ জন্মদিন। তই সোনকালে আহি দেৰিকৈহে যাব পাৰিবি। মনত ৰাখিবি , এতিয়া যা। গেট খোলাৰ শব্দত গম পালো, সেউতী ওলাই যোৱা বুলি। শ্ৰীমতীৰ মুখত বিজয়ৰ হাঁহি। বুজিছো এচাম থাকেই এনেকুৱা। আনক কস্ট দি নিজৰ বীৰত্ব প্ৰতিস্থা কৰা মানুহ। শ্ৰীমতীও সেই শ্ৰেণীৰে। কেতিয়াৱা ভাৱো শ্ৰীমতীয়ে যদি উচ্চ পদত চৰকাৰী চাকৰি বা ৰাজনীতি কৰিলৈ হৈ তেন্তে!! নাই। ভাৱিবই নোৱাৰি। কিছুমান কথা আনক কব নোৱাৰি। যেনে মোৰ ঘৰৰ কথা আনকনো কেনেকৈ কম? নাই নকঁও। কৈ লাভ নাই। আমাৰ একমাত্ৰ ল'ৰা গৌতমৰ জন্মদিনটো প্ৰতিবছৰে শ্ৰীমতীয়ে ওলহ মালহেৰে পাতে। গৌতমৰ বিয়াতো শ্ৰীমতীয়ে ভালেখিনি খৰচ কৰিছিল। তথাপি দেখোন মাকৰ মনত ল'ৰাটো সৰু হৈয়ে আছে। ভাতৰ টেবুলটো মন কৰিছো মাকে ভাজি বা মাছ মাংস তাৰ থালখনতেই বেচিকৈ দিয়ে। সিফালে।বোৱাৰীৰ কাৰনে প্ৰায়ে মাছৰ মুৰটো বা কুকুৰাটোৰ ডিঙিৰ বা কলিজাৰ মাংস টুকুৰাহে থাকেগৈ। নিমাখিত বোৱাৰীয়েও তাকেই তৃপ্তিৰে খায়। কেতিয়াৱা ভাৱ হয়, সেউতী চাগে বোৱাৰী দীপলিপতকৈ বেচি ভাগ্যৱতী। সেউতীয়ে ঘৰত ভাত মুঠিতো শান্তিত খাৱ পাই। দীপলিপ উচ্চ শিক্ষিতা আৰু কলেজ এখনত অধ্যাপিকা। তথাপি তাই শাহুৱেকৰ এই ব্যৱহাৰ সহ্য কৰি থকা দেখি আছৰিত লাগে মোৰ। তাই চাগে ইতিমধ্যে বুজি উঠিছেই যে শাহুৱেক থকা লৈকে তাই পেট ভৰাই ভালকে খাৱলৈ নাপাৱই। গৌতমৰ জন্মদিনটো ভালকৈয়ে গ'ল। গধুলি নিমন্ত্ৰণ দিয়া আটাইখিনি অভ্যগতই আহিল। আলহীখিনি যোৱাৰ এঘণ্টামান পিচত সেউতীয়ে হাতখন মচি মচি আহি গীতুক কিবা এটা দিলে। তাই কোৱা কথাখিনিহে কাণত ভাহিল : আমাৰ নিচিনা মানুহেনো আপোনাক কি দিব পাৰো দাদা? কাহৰ কাহী এখনকে দিছো। আপুনি ব্যৱহাৰ কৰিলে ভাল লাগিব দাদা। বেয়া - ছেয়া নাপাব। আমি সৰু মানুহ। কাহৰ কাহী? মনতো পাক খাই থাকিল কথাটোত। এযোৰ কাহৰ কাহীৰ দাম আজিৰ দিনত হাজাৰ - পোন্ধৰশৰ তলত নহ'ব। সেউতীয়ে আমাৰ ঘৰত দিনৰ দিনটো কাম কৰি টকা দুহাজাৰহে পায়। তাৰোপৰি শ্ৰীমতীৰ কেচীখন আছেই। তাইৰ সততা আৰু আনুগত্যৰ লগতে আন্তৰিকতাখিনিও মই বুজি পাও। সিবাৰ তাইৰ ল'ৰাটোৰ বেমাৰত টকা পাচশ সোধোতে শ্ৰীমতীয়ে তাইক চুৰুণীৰ পৰা আৰম্ভ কৰি কিযে কোৱা নাই। সেউতীৰ বিষয়ে এইবাৰো নিশ্চয় শ্ৰীমতীয়ে কিবা নহয় কিবা এটা কব। পিচে মই হস্তক্ষেপ কৰিম জানো? নাই নকৰো। কৈ লাভ নাই। সকলো কথা শ্ৰীমতীৰ বাবে ফুটুকাৰ ফেন। সেউতীৰ আত্মোচৰ্গা বা আন্তৰিকতাৰ বিষয়ে কাকো একো নকঁও। কৈ লাভ নাই।

Comments
Post a Comment