অনুগল্প ৫১ - চাল
অনুগল্প ৫১ - চাল
চাল - চলন ভাল নহয়, খোজত হৰিণাৰ চাল এইবোৰ উপমা অলংকাৰৰ সঘন ব্যৱহাৰ কৰি শ্ৰেণীকোঠাত প্ৰায়ে প্ৰভূত্ব বিৰাজ কৰি থকা ঘনকান্ত চাৰো অলপ দেৰি তভক মাৰি ৰ'ল। থতমত খাই যাবৰে কথা। কথাটো কি ভাৱি শেষ কৰিব নাপাওতেই ধৰণী উঠি আহিল। পৰীক্ষা হলত বহি থকা প্ৰায় ৩০ টা ছাত্ৰৰ চকুত সি যে বাজিছে, ভাৱিয়ে তাৰ ভাল লাগিল। যুদ্ধত জিকা সৈনিকজনৰ অস্ত্ৰ প্ৰদৰ্শন বা চেন্সুৰী কোবাই ওলাই অহা বীৰাট কোহলীয়ে বেটডাললৈ কৰা সেই বিশেষ ভংগীমা কেইটা তাৰ মানস পটত ভাহি উঠিল। অতিৰিক্ত পাত এটা লৈ ধৰণী যেতিয়া বীৰবেশেৰে নিজৰ ঠাইলৈ ওভটি আহোতে, তিনিবছৰ ধৰি প্ৰথমস্থান অক্ষত ৰখা অৱণীৰ ফালে এবাৰ চকু গৈছিল। তীব্ৰ শংকাত ম্লান পৰা অৱণীৰ মুখখন দেখি তাৰ মনতো ভালেই লাগি গ'ল। সেয়ে শেষৰ চাৰিখন বেঞ্ছ পাৰ কৰোতে সি একপ্ৰকাৰ চাল দিয়েই আহিল। এঘণ্টাৰ ভিতৰতে ১৪ টা পৃস্ঠাৰ পৰীক্ষাবহীটো খাং কৰি অতিৰিক্ত পাত লোৱাটো তাৰ নিচিনা মধ্যম শ্ৰেণীৰ ল'ৰাৰ কাৰনে চাল দিব লগীয়া কথাই!!!

Comments
Post a Comment