সোঁৱৰণিৰ পাৰঘাট : দাগ

সোঁৱৰণিৰ পাৰঘাট : দাগ
: হো ল' , ভালকে খাই ল'। এইখিনি খোৱা হ'লে আৰু অলপ ভাত দিম, গাখীৰ - কলসানি শেষত খাবি। বেচিকে বেচিকে ভাত খালেহে সোনকালে ডাঙৰ হ'ব পাৰিবি। এহেতা ভাত দিবলৈ আগবাঢ়ি অহা মাৰ উন্মুক্ত বাহুটো চকুৰ আগত জিলিকি থাকিল। ভাত দিবলৈ হেতাখন আগবঢ়াই দিওঁতে চাদৰখন অলপ উঠি যোৱা বাবে বাহুটো উন্মুক্ত হৈ পৰিছে। বাহুত তিনিটা দাগ। গোলাকাৰ কিন্তু আকাৰৰ ভিন্নতা আছে। একেধৰনৰ দাগ ঘৰৰ সকলোৰে হাতত দেখিছো। দেউতা, খুৰা, মামা, মাহী, পেহীকে আদি কৰি প্ৰায়বোৰ ডাঙৰ মানুহৰ বাহুত এই দাগ দুই তিনিটাকৈ আছে। এবাৰ খুৰাই কৈছিল যে সৰুতে টীকা লোৱা বাবে এই দাগবোৰ থাকি গ'ল। কি টীকা বুলি সোধাত কৈছিল যে গৰম লোহা বাহুত লগাই দিছিল যাতে কৰবাত হেৰালে বিচৰাত সুবিধা হয়। গৰম লোহাই চালবোৰ পুৰি ঘাঁ কৰি দিয়া বাবে ইমান দিনে দাগবোৰ মচ খাব পৰা নাই। একো নামাতি বা নুসুধি সেই স্থান এৰিছিলো। শংকা গভীৰ। নিজে ইমান কস্ট পাইছে যেতিয়া আমাক দাগ নিদিয়াকৈ থাকিবনে? নিদিবলৈ অনুৰোধ কৰিলেও যে আমাৰ অনুৰোধ অৱক্ষান হ'ব সেয়াও ধুৰূপ। গতিকে সময়ৰ ওপৰত কথাটো এৰি দি ভগৱানক সাতসেৱা কৰি থৈছিলো। কাপোৰৰ মোনাখনৰ পৰা ফলি, কিতাপ বাদ দি বস্তাখন উলিয়ালো। আমাৰ স্কুলত অকল চতুৰ্থ শ্ৰেণীটোহে ভাগ্যৱান। কাৰণ একেটা ডাঙৰ হ'লত আমাৰ পাঠদান কৰে যদিও স্কুলত মাত্ৰ পাচযোৰহে ডেক্স - বেঞ্ছ। গতিকে চতুৰ্থ শ্ৰেণীৰ ভাগ্যৱান ছাত্ৰ ছাত্ৰীয়েহে ডেক্স বেঞ্ছত বহাৰ সুবিধা পায়। অৱশ্যে ভগা ডেক্স বেঞ্ছ কেইযোৰমান থোৱা আছে। তাৰে অলপ ভাল অৱস্থাত থকা বেঞ্ছ কেইখন তৃতীয় শ্ৰেণীৰ শক্তিমান, বুদ্ধিমান বা কেতিয়াবা দুয়োবিধৰে সংমিশ্ৰণ থকা দলটোৱে অধিগ্ৰহণ কৰি লয়। তেঁওলোকে বেঞ্ছ কেইখন ডেক্স হিচাপে ব্যৱহাৰ কৰি নিজৰ বস্তাৰ এফাল চুটি কৰি লৈ নিজকে বিশেষ শ্ৰেণীৰ বুলি পৰিচয় দিয়ে। অৱশ্যে চাহিদা অনুপাতে যোগান নথকাত বিশেষ শ্ৰেণীৰ পদ সংখ্যা সীমিত আৰু পৰিবৰ্তিত হাৰত গতি কৰে। প্ৰথম শ্ৰেণীৰ পেটমচা ল'ৰা ছোৱালী কেইটাৰ তুলনাত দ্বিতীয় শ্ৰেণীৰ ল'ৰা ছোৱালী তিখৰ। নহ'লেনো পৰিত্যক্ত, ভগা ডেক্স বেঞ্ছ কেইখন কিটিপত যোৰা লগাই স্কুলৰ আৰম্ভণি আৰু শেষত পিছলা পৰ্বটো চলেনে? বেঞ্ছখন ডেক্সৰ ওপৰত এফাল আৰু মাটিত এফালকে থৈ ডেক্সত উঠি লাহেকৈ বেঞ্ছখনত বহি লব লাগে। তাৰপিছত লাহে লাহেকৈ পিচলি পিচলি তললৈ আহিব লাগে। কিটিপতে কামটো নকৰিলে ভগা বেঞ্ছৰ চোকা অংশ বা ওলাই থকা গজালে মজা ভালকৈয়ে দিয়ে। স্কুলৰ আৰম্ভণিৰ আগতে পাল পাতি শ্ৰেণীকোঠাটো সাৰিব আৰু শনিবাৰে মচিব লাগে। বাঢ়ণীৰ যোগাৰো নিজাকৈয়ে কৰিব লাগে। তাৰোপৰি ডাস্টাৰো হাতৰ কাম হিচাপে জমা দিব লাগে। অৱশ্যে হাতৰ কামত ডাস্টাৰ, ৰুমাল, বিচনী , টেবুল ক্লথ আদিবোৰো দিয়া হয়। কিন্তু গোটেই বছৰ ধৰি না টেবুল ক্লথে টেবুল ঢাকে না বিচনীয়ে বা দিয়ে। লাইট - ফেনটো অলীক সপোন। ৰূপাই ঘৰটো সাৰি দি হাত ধুবলৈ যায় মানে সকলোৱে নিজৰ প্ৰিয় স্থানখিনিত বস্তা পাৰি অধিগ্ৰহন কৰিয়েই ল'লে। শেৱালীয়ে ৰূপাৰ বস্তাখনো নিজৰ কাষতে পাৰি ল'লে। ঘণ্টা বজাৰ লগে লগে সকলোৱে প্ৰাৰ্থণাৰ বাবে লানি পাতিলে। চতুৰ্থ শ্ৰেণীৰ গকুলে সাৱধান - বিশ্ৰাম কোৱাৰ লগে লগে সকলোৱে অনুকৰণ কৰিলো। চতুৰ্থ শ্ৰেণীৰ সবিতা আৰু জুতিকা আগবাঢ়ি আহি প্ৰাৰ্থণা জুৰিলে, তুমি চিত্ত বৃতি মোৰ। সকলোৱে শুদ্ধই অশুদ্ধই গাই গ'ল। প্ৰথমটো ক্লাছ কৰি দেৱেন চাৰ ওলাই যোৱাৰ বহু দেৰিলৈ কোনো অহা নাই। নাই মানে অন্য শ্ৰেণীটো কোনো নাই। শিক্ষক নথকাৰ সুযোগতে কাৰ কিমান চিঁঞৰ বাখৰ কৰিব আছে কৰি আছে। শ্ৰেণী প্ৰতিনিধি ওচৰ পালেই তলকা মাৰি আকৌ আৰম্ভ। অৱশেষত বুজিলো কথা বেলেগ ফালে গৈ আছে। দুই এজনে নিজৰ কিতাপ, ফলি, বস্তা মোনাত ভৰাই খিৰিকীৰে ইতিমধ্যে পলাব লৈছে। কি হৈছে নহৈছে তৰ্কিব নপাওঁতেই এজন ডাক্টৰ, দুজনী নাৰ্চপেহীৰ লগতে বেত জোকালি জোকাৰি দেৱেন চাৰো শ্ৰেণী কোঠাত সোমাই আহিছে। যিয়ে যিফালে পাৰে পলাব আৰম্ভ কৰিছে। ময়ো কিতাপ ফলি লগত নিব নোৱাৰো বুলি তাতে এৰি দৌৰ দিলো। এয়া কি দুৱাৰ মুখতে দেৱেন চাৰ বেত লৈ থিয় দি আছে। এইবাৰ খিৰিকীৰ ফালে দৌৰিলো। কিন্তু মোৰ কান্ধৰ সমান উচ্চতাত থকা খিৰিকিৰ ফ্ৰেমত ধৰি উঠিবলৈ চেস্টা কৰাটোও সহজ নহয়। তাতে একে সময়তে প্ৰায় ছয় সাতজনে একেখন খিৰিকীৰে নিজক বচোৱাৰ আপ্ৰাণ চেস্টাত লাগি থকা অৱস্থাত সেয়া সম্ভৱেই নহয়। শুনিলো দেৱেন চাৰক অনুৰোধ কৰিলে হয়তো হাতসাৰিব পাৰো। সেয়ে শেষ আশাৰে দেৱেন চাৰৰ শৰণাগত হ'লো। : চাৰ মই বেজী নলঁও। : কিয়? : ভয় লাগে। : কিহৰ ভয়? : চাৰ বেজী ল'লে হাত বিষায়। : অলপ পিচতে ভাল হৈ যাব : চাৰ, নাই মই বেজী নলওঁ। : এইটো বেজী নহয়, টীকাহে। হে হৰি মৰিলো তেন্তে ঘৰৰ বাকীবোৰৰ নিচিনাকে মোৰো হাতত দাগ থাকি যাব। লোহা পুৰি লগাই দিব। মৰিলো ঐ মৰিলো ঐ বুলি চিঁঞৰি চিঞঁৰি ৰাওচি জোৰা মাত্ৰকে নাৰ্চ পেহীয়ে কেতিয়া বেজীটো বিন্ধালে গমেই নাপালো। পুৱাই খৱৰ কাকতত বেজীৰ খোচ পৰাত আতংকিত শিশু এটিৰ ফটো দেখি নিজৰ অভিজ্ঞতাখিনি মনত পৰিল। বিজ্ঞান আৰু প্ৰযুক্তিৰ আভিজাত্যৰ দিনত টীকাকৰণকলৈ চলা অপপ্ৰচাৰবোৰ সঁচা অৰ্থত হাস্যকৰ। অন্য দেশৰ তুলনাত আমাৰ দেশৰ চৰকাৰে মানৱ সম্পদৰ উন্নয়ণৰ বাবে লোৱা খোজবোৰ সমাদৰযোগ্য। দাগবোৰ দেহৰ নহয়, মনৰহে। ধুই পখালিবৰ সময় হ'ল।

Comments

Popular posts from this blog

তথ্য উদ্ধাৰ -১ শকাব্দ/ খ্ৰীষ্টাব্দ

অনুগল্প

মহা মহা পুৰুষৰ চানেকিৰে জীৱন (খ)